অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

দেবত্তমা সাহা

দেবত্তমা সাহা (Debattama Saha) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু গায়িকা যিয়ে মূলতঃ হিন্দী আৰু বাংলা টেলিভিছনত কাম কৰে। চনী টিভিৰ ৰোমান্টিক কমেডী ধাৰাবাহিক ঈশাৰো ঈশাৰো ম্য‍ে আৰু ষ্টাৰ প্লাছৰ ৰোমান্টিক নাটক শৌৰ্য ঔৰ অনোখী কি কাহানীৰ মুখ্য চৰিত্ৰত কৰা অভিনয়ৰ বাবে‍ তেওঁ বেছিকৈ পৰিচিত।

হালনাগাদ: ৩১ মে’ ২০২৫ ২৯৮ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

দেবত্তমা সাহা (Debattama Saha) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু গায়িকা যিয়ে মূলতঃ হিন্দী আৰু বাংলা টেলিভিছনত কাম কৰে। চনী টিভিৰ ৰোমান্টিক কমেডী ধাৰাবাহিক ঈশাৰো ঈশাৰো ম্য‍ে আৰু ষ্টাৰ প্লাছৰ ৰোমান্টিক নাটক শৌৰ্য ঔৰ অনোখী কি কাহানীৰ মুখ্য চৰিত্ৰত কৰা অভিনয়ৰ বাবে‍ তেওঁ বেছিকৈ পৰিচিত।

শেহতীয়াকৈ তেওঁ শ্বাহজাদা ছবিত অভিনয় কৰি বলীউডৰ বোলছবিত আত্মপ্ৰকাশ কৰে৷

প্ৰাথমিক জীৱন

দেবত্তমা সাহাৰ জন্ম মূলতঃ অসমৰ শিলচৰৰ।১২ তেওঁৰ মতে পিতৃৰ আপত্তিৰ বাবে তেওঁক সৰুতে মাকে গোপনে গায়ন আৰু নৃত্যশিল্পৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছিল।১ শিলচৰৰ ডন বস্কো হাইস্কুলৰ পৰা অধ্যয়ন সম্পূৰ্ণ কৰি কলকাতাৰ এমিটি ইউনিভাৰ্চিটিৰ পৰা ইংৰাজী বিষয়ত অনাৰ্ছসহ স্নাতক ডিগ্ৰী লাভ কৰে।৩

কৰ্মজীৱন

সাহাই ২০১৬ চনত কালাৰছ বাংলাৰ এ অমৰ গুৰুদক্ষিণাৰ জৰিয়তে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল৷ সুমন দে আৰু বিশ্বৰূপ বন্ধোপাধ্যায়ৰ বিপৰীতে শোই/উমা/নয়ন্তৰৰ চৰিত্ৰত অভিনয় কৰিছিল।৪ নৃত্যশিল্পী হিচাপেও প্ৰশিক্ষণ কামত লগাইছে৷৫

২০১৯ চনত চনী টিভিৰ ৰোমান্টিক কমেডী ধাৰাবাহিক ঈশাৰো ঈশাৰো ম্য‍েত আত্মপ্ৰকাশ কৰি‍ ড° পৰিনীতি গাংগুলীৰ সমান্তৰাল মুখ্য চৰিত্ৰত মুদি নায়াৰ আৰু ছিমৰণ পৰেঞ্জাৰ বিপৰীতে অভিনয় কৰে৷৬ শ্ব’টোৰ প্ৰচাৰমূলক ভিডিঅৰ নৃত্যত নৃত্য পৰিৱে‍শন আৰু কৰিঅ’গ্ৰাফী কৰাত সহায় কৰিছিল।৫

২০২০ চনৰ পৰা ২০২১ চনলৈ ষ্টাৰপ্লাছ টেলিভিছন ধাৰাবাহিক শৌৰ্য ঔৰ অনোখী কি কাহানীত কৰণবীৰ শৰ্মাৰ বিপৰীতে অনোখী ভল্লাৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল।১৭৮ ২০২১ চনত শৌৰ্য ঔৰ অনোখী কি কাহানীৰ অন্ত পৰাৰ পাছত জো তেৰা হােৱেগা ভিডিঅ’ গীতটোও গাইছিল আৰু তেওঁ ভিডিঅ’টো পৰিচালনা কৰা শৰ্মাৰ সৈতেও অভিনয় কৰিছিল। আখে‍ বন্ধ কৰ্ক‍ে আৰু মুবাৰক হো নামৰ মিউজিক ভিডিঅ’তো তেওঁক শৰ্মাৰ সৈতে দেখা গৈছিল।

২০২২ চনত আশিস ভৰদ্বাজৰ বিপৰীতে জী টিভি ধাৰাবাহিক মিঠাইত তেওঁক মিঠাই গোসাঁইৰ চৰিত্ৰত দেখা গৈছিল।৯১০

২০২৩ চনত ৰোহিত ধাৱন পৰিচালিত চিনেমা শ্বাহজাদাত নিশা উপাধ্যায়ৰ চৰিত্ৰত তেওঁক দেখা গৈছিল।১১

২০২৩ চনৰ ১২ মে’ত তেওঁ ভিডিঅ’ গীত ৰঞ্জনাত গাইছিল আৰু অভিনয় কৰিছিল। ২০২৪ চনৰ এপ্ৰিল মাহৰ পৰা কালাৰ্ছ টিভিৰ কৃষ্ণ মোহিনীত ফহমান খানৰ বিপৰীতে কৃষ্ণ যোশীৰ চৰিত্ৰত অভিনয় কৰিছিল।১২

এক সাক্ষাৎকাৰত দেবত্তমাই নিজৰ মনৰ ভাব প্ৰকাশ কৰি এনেদৰে উল্লেখ কৰিছে,"মোৰ জন্মস্থান অসমলৈ গ’লে এতিয়া মোৰ নিজকে‍ চেলিব্ৰিটি যেন লাগে। তেওঁলোকে মোৰ বাবে অনুষ্ঠান আয়োজন কৰে আৰু কি কি যে নকৰে‍! মানুহে মোক ট্ৰেকটো কেনেকৈ আগবাঢ়িব আৰু মোৰ চৰিত্ৰটোৰ বিষয়ে সোধে‍ আৰু মই ইমানেই সুখী অনুভৱ কৰোঁ যে তেওঁলোকে নিয়মিতভাৱে মোৰ ধাৰাবাহিক চায়। আনকি কলকাতাতো মানুহে মোৰ সৈতে‍ চেলফি তুলিবলৈ‍ অনুৰোধ কৰে৷"১৩

ফিল্মগ্ৰাফী

টেলিভিছন

চনশীৰ্ষকভূমিকাভাষাপ্ৰসঙ্গ
২০১৬–২০১৮এ আমাৰ গুৰুদ‍ক্ষিণা সোই / নয়ন্তৰা / উমাবাংলা৩৪
২০১৯–২০২০ঈশাৰো ঈশাৰো ম্য‍েডাঃ পৰিনীতি "পৰি" গাংগুলীহিন্দী৫
২০২০–২০২১শৌৰ্য ঔৰ অনোখী কি কাহানীঅনোখী ভল্লা১৪
২০২২মিঠাইমিঠাই গোসাঁই১৫
২০২৪কৃষ্ণা মোহিনীকৃষ্ণা যোশী১২

বোলছবি

চনশীৰ্ষকভূমিকাপ্ৰসঙ্গ
২০২৩শ্বাহজাদানিশা উপাধ্যায়১৬

মিউজিক ভিডিঅ'

+চনশীৰ্ষকগায়কপ্ৰসঙ্গ
২০২১জো তেৰা হোগানিজে‍
আ্খ বন্ধ কৰকে‍অভি দত্তএকতা
২০২২মোবাৰক হোসোহাম নাইকনাইনা

তথ্যসূত্ৰ

  1. ↑ Trivedi, Tanvi. (July 3, 2021). Exclusive! Anokhi's life is the story of my real life, it will be very sad if our show Shaurya Aur Anokhi wraps up: Debattama Saha. Times of India
  2. ↑ (May 1, 2018). Actress Debattama Saha turns fashion photographer for co-actor. Times of India
  3. ↑ Ganguly, Ruman. (17 March 2018). I never thought that I'll become an actress: Debattama Saha. The Times of India
  4. ↑ (18 April 2018). Actors of 'E Amar Gurudakshina' had gala time on the sets. The Times of India
  5. ↑ Kumar, Aakash. (2 July 2019). Here's What 'Ishaaron Ishaaron Mein' Actors Mudit Nayar, Simran Pareenja & Debattama Saha Were Doing At 4:00am On Show's Sets!. ABP Live
  6. ↑ (29 July 2019). Debattama Saha takes tips from medical students to play on-screen doctor. The Times of India
  7. ↑ Debattama Saha thrilled to shoot for a wedding sequence in Shaurya Aur Anokhi Ki Kahani. The Tribune
  8. ↑ (April 6, 2021). Indian Daily Soaps are Obsessed with Love Triangles and Here's Proof. News18
  9. ↑ (3 April 2022). Debattama Saha learns Braj language for her role in 'Mithai'. Times of India. Indo-Asian News Service
  10. ↑ (27 April 2022). Debattama Saha shoots at the famous Shrinathji temple for her show. The Tribune
  11. ↑ (18 February 2023). Shehzada debutant Debattama Saha calls director Rohit Dhawan "amazing human being"; says co-star Paresh Rawal is "the king of improvisations" - Bollywood Hungama. বলিউড হাংগামা
  12. ↑ (29 March 2024). Debattama Saha On Bagging Krishna Mohini, Says, "This Time With A New Pen, Started Writing A New Chapter And Gave My Heart And Soul To It". Times of India
  13. ↑ I never thought that I’ll become an actress: Debattama Saha Read more at: timesofindia.indiatimes.com/articleshow/63341622
  14. ↑ (30 January 2021). Debattama Saha, who is currently seen in the show Shaurya Aur Anokhi Ki Kahani, talks about her career. Tribune India
  15. ↑ (10 May 2022). Mithai actress Debattama Saha says 'a girl should never give up on her dreams for marriage'. India Today
  16. ↑ (2023-03-20). Exclusive - Debattama Saha on Shehzada: Kartik Aaryan is very professional and likes to have fun while working. The Times of India

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দেবত্তমা সাহা” প্ৰবন্ধৰ সংশোধন ৫১৩৮৬৭ (৩১ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।