শ্ৰীহৰি বৰিকৰ (Shreehari Borikar) অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক৷ তেওঁ গুৱাহাটীৰ পৰা এই দায়িত্ব পালন কৰিছিল৷ ১ তেওঁ বৰ্তমান অখিল ভাৰতীয় অধিবক্তা পৰিষদৰ সাংগঠনিক সম্পাদকৰ দায়িত্বত আছে।
জন্ম আৰু শিক্ষা
শ্ৰীহৰি বৰিকৰৰ জন্ম হৈছিল ১৯৭৪ চনৰ ২২ আগষ্ট তাৰিখে মহাৰাষ্ট্ৰৰ নাগপুৰ চহৰত৷ ছাত্ৰ অৱস্থাৰ পৰাই সক্ৰিয়ভাৱে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ লগত জড়িত হৈ পৰা বৰিকৰে বাণিজ্যত স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰি ডিবিএম (ডিপ্লমা ইন বিজনেছ মেনেজমেন্ট) সম্পূৰ্ণ কৰে৷২
বিদ্যাৰ্থী পৰিষদত
ছাত্ৰাৱস্থাৰ পৰা বিদ্যাৰ্থী পৰিষদৰ কাৰ্যকৰ্তা হিচাপে কৰ্মৰত বৰিকৰ সেই সময়ৰ বহুতো ছাত্ৰ আন্দোলনৰ সক্ৰিয় যোগদান কৰিছিল৷ মহাৰাষ্ট্ৰৰ বিদৰ্ভ বিভাগৰ সাংগঠনিক সম্পাদক হিচাপে বিভাগটোত বিদ্যাৰ্থী পৰিষদ তথা ছাত্ৰ সমাজক সামাজিক দায়িত্ববোধেৰে আগুৱাই নিয়াত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল৷ তেওঁ ছবছৰ ধৰি জম্মু কাশ্মীৰত সাংগঠনিক সম্পাদক হিচাপে দায়িত্ব পালন কৰিছিল৷ সেই সময়চোৱাত ৰাজ্যখনৰ ছাত্ৰ সমাজৰ বিঘ্নিত অধিকাৰৰ হকে মাত মাতি আহিছে৷ বৰিকৰ ২০১৪-১৬ চনলৈ দুটা বছৰ বিদ্যাৰ্থী পৰিষদৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকৰ দায়িত্বত আছিল। যোৱা ৬ বছৰ ধৰি শ্ৰীহৰি বৰিকৰ গুৱাহাটীৰ পৰা কৰ্মৰত আৰু বৰ্তমানে তেওঁৰ দায়িত্ব হ'ল ৰাষ্ট্ৰীয় সম্পাদক তথা উত্তৰ পূবৰ ক্ষেত্ৰীয় সাংগঠনিক সম্পাদক৷ অসম তথা সমগ্ৰ উত্তৰ-পূব ভাৰতৰ বিভিন্ন সংঘৰ্ষ তথা সমস্যাত তেওঁ ঘটনাস্থানত গৈ অধ্যয়ন কৰি তাৰ ওপৰত কাম কৰি আহিছে৷ তদুপৰি উত্তৰ পূবৰ ছাত্ৰ ছাত্ৰীৰ অন্য ৰাজ্যত সুৰক্ষাৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰি আহিছে৷৩ ৪
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্ৰীহৰি বৰিকৰ” প্ৰবন্ধৰ সংশোধন ৪১৩৩৭৬ (২১ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।