শ্যামসুন্দৰ টিলা ১৯৯৮-৯৯ৰ পৰা ২০০০-২০০১ চন পৰ্যন্ত হোৱা প্ৰত্নত্বাত্তিক খনন পিছত সম্পূৰ্ণ ৰূপে উন্মোচিত হোৱা ভাৰতৰ ত্ৰিপুৰাৰ এক ইটাৰে নিৰ্মিত বৌদ্ধ সন্ন্যাস স্থল। ইয়াৰ ওপৰৰ অংশ বৰ্তমান ধ্বংস-প্ৰায় অৱস্থাত আছে। এই বৌদ্ধ মন্দিৰটোৰ কেন্দ্ৰীয় গৰ্ভগৃহ চাৰিটা প্ৰধান দিশেৰে সংযুক্ত। ইয়াৰ প্ৰতিটো সহায়ক তীৰ্থস্থলৰ পৰিকল্পনা বৰ্গাকাৰ। ইয়াৰ উপৰিও এটা প্ৰশস্ত প্ৰদিক্ষণপথ অৰ্থাৎ ইয়াৰ চাৰিটা উপমন্দিৰৰ চাৰিওফালে যাৱ পৰা চক্ৰাকাৰ পথ আছে। ভূমিগৃহৰ প্ৰাচিৰৰ বাহিৰৰ অংশটো ধ্যান মূদ্ৰাত বৌদ্ধ ফলকৰ দ্বাৰা সজ্জিত গণেশ আৰু কাৰ্তিক, কীৰ্তিমুখ, নৃত্য শিল্পী, সংগীতজ্ঞ, ধনুধাৰী, যোদ্ধা, গন্ধৰ্ব, কিন্নৰ, হাঁহ, ময়ূৰ, পাৰ, ঈগল, সাপ, মাছ, মকৰ, ঘোঁৰা, হাতী, বাঘ, সিংহ, হৰিণ সহ অন্যান্য বৌদ্ধ দেৱ-দেৱী, ব্ৰাহ্মণ্য ব্যক্তিত্ব ষাঁৰ, মহিষ, বান্দৰ, ছাগলি, পৌৰাণিক প্ৰাণীৰ মূৰ্তি, বেলি ফুল, পথ, কলসা ইত্যাদি।
ইয়াৰ উপৰিও খননৰ সময়ত প্ৰচুৰ পৰিমাণৰ পুৰা মাটিৰ ফলক উদ্ধাৰ হৈছে। শিলৰ ভাস্কৰ্য উদ্ধাৰৰ ভিতৰত তাৰা আৰু হয়গ্ৰীৱৰ দ্বাৰা অংকিত অৱলৌকিতেশ্বৰৰ জীৱন আকাৰৰ চিত্ৰ উল্লেখযোগ্য। শৈলাগত দেহাৱশেষ বোৰৰ পৰা অনুমান কৰা যায় যে এই টিলা নৱম-দশম শতাব্দীৰ (খ্ৰী)।১
তথ্যসূত্ৰ
- ↑ SHYAMSUNDAR TILA. Archaeological Survey of India(ASI), Guwahati Circle, Assam
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্যামসুন্দৰ টিলা” প্ৰবন্ধৰ সংশোধন ২৪৮৬২৬ (৯ অক্টোবৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।