বৌদ্ধ মন্দিৰ
১২ প্ৰবন্ধ
-
এংকৰ ৱাট
এংকৰ ৱাট (Angkor Wat) বা আক্ষৰিক অৰ্থত "মন্দিৰৰ নগৰ") হৈছে কম্বোডিয়াত অৱস্থিত এক ধৰ্মীয় স্থাপত্য আৰু ই মাটিকালিৰ জোখেৰে পৃথিৱীৰ সৰ্ববৃহৎ মন্দিৰ চৌহদ। ইয়াৰ মুঠ মাটিকালি ৪০২ একৰ (১.৬২৬ বৰ্গ কি:মি:)।
-
টাৱাং মঠ
টাৱাং মঠ টাৱাং মঠ হৈছে ভাৰতৰ অৰুণাচল প্ৰদেশৰ টাৱাঙত অৱস্থিত এটা বৌদ্ধ মঠ। টাৱাং মঠ দেশৰ আটাইতকৈ ডাঙৰ মঠ। এই মঠটো টাৱাং চু উপত্যকা,চীনা আৰু ভূটানৰ সীমান্তৰ ওচৰত অৱস্থিত।
-
বৰোবুদুৰ
বৰোবুদুৰ বা বাৰাবুদুৰ (Borobudur) ইণ্ডোনেছিয়াৰ মধ্য জাভা অঞ্চলৰ মাগেলাং ৰিজেন্সিৰ মাগেলাং চহৰ আৰু মুণ্টিলান চহৰৰ ওচৰত অৱস্থিত নৱম শতিকাৰ এক মহাযান বৌদ্ধ মন্দিৰ। ধূসৰ ৰঙৰ এণ্ডেচাইটৰ দৰে শিলেৰে নিৰ্মিত এই মন্দিৰটো ছটা বৰ্গক্ষেত্ৰ আৰু তিনিটা বৃত্তাকাৰ গম্বুজ এটাৰ ওপৰত এটাকৈ নিৰ্মাণ কৰা হৈছে।
-
মহাবোধি মন্দিৰ
মহাবোধি মন্দিৰ (সংস্কৃত: महाबोधि मंदिर) বুদ্ধগয়াত অৱস্থিত এটা বৌদ্ধ মন্দিৰ। ইয়াতেই সিদ্ধাৰ্থ গৌতমে বুদ্ধত্ব লাভ কৰিছিল। বোধগয়া ভাৰতৰ বিহাৰ ৰাজ্যৰ ৰাজধানী পাটনাৰ পৰা 96 কি.মি. দূৰত অৱস্থিত। মন্দিৰৰ পশ্চিম দিশে পবিত্ৰ বোধিবৃক্ষজোপা আছে। পালিশাস্ত্ৰত এই গছডালৰ নাম বোধিমণ্ড হিচাপে উল্লেখ আছে।
-
সোমপুৰ মহাবিহাৰ
সোমপুৰ মহাবিহাৰ বা পাহাৰপুৰ বৌদ্ধবিহাৰ বাংলাদেশৰ এটা প্ৰধান বৌদ্ধ মঠ (mahavihara)। এই বৌদ্ধবিহাৰ বৰ্তমান বাংলাদেশৰ বাদালগাছি, নাওগাঁওত অৱস্থিত। ভাৰত উপমহাদেশৰ বৌদ্ধ বিহাৰসমূহৰ ভিতৰত এইটো এটা অন্যতম আৰু দেশৰ অন্যতম গুৰুত্বপূৰ্ণ প্ৰত্নতাত্ত্বিক স্থান।
-
দাঁতৰ বুদ্ধ মন্দিৰ (শ্ৰীলংকা)
দাঁতৰ মন্দিৰ ( Temple of the Tooth) (সিংহল ভাষাত: ශ් රී දළදා මාළිගාව) বা ডালডা মালিগাৱা শ্ৰীলংকাৰ কাণ্ডীত অৱস্থিত এটা বৌদ্ধ মন্দিৰ। পূৰ্বৰ কেণ্ডি ৰাজ্যৰ ৰাজপ্ৰসাদ য’ত আছিল, তাতেই বুদ্ধৰ দাঁতৰ অৱশেষ নিৰ্মিত ঘৰটো আছে।
-
ডিস্কিট মঠ
ডিস্কিট মঠ, যাক ডেস্কিট গোম্পা বা ডিস্কিট গোম্পা বুলিও কোৱা হয়, লাডাখৰ লেহ জিলাৰ নুব্ৰা উপত্যকাৰ ডিস্কিটৰ আটাইতকৈ পুৰণি আৰু বৃহত্তম বৌদ্ধ মঠ (গোম্পা)। লেহৰপৰা ১১৫ কিলোমিটাৰ উত্তৰে।
-
লুম্বিনী ডেভেলপমেণ্ট ট্ৰাষ্ট
নেপাল চৰকাৰৰ মাষ্টাৰ প্লেনৰ অধীনত লুম্বিনী বন পুনৰুদ্ধাৰ কৰাৰ উদ্দেশ্যে লুম্বিনী ডেভেলপমেণ্ট ট্ৰাষ্ট (১৯৮৫) (लुम्बिनी बिकाश कोष) প্ৰতিষ্ঠা কৰা হৈছিল। খ্ৰীষ্টপূৰ্ব সপ্তম বা ষষ্ঠ শতিকাত জন্মগ্ৰহণ কৰা বৌদ্ধ ধৰ্মৰ প্ৰতিষ্থাপক গৌতম বুদ্ধৰ জন্মস্থান লুম্বিনী।
-
আম্পাৰা শান্তি পেগোডা
আম্পাৰা শান্তি পেগোডা (Ampara Sama Ceitya বুলিও জনা যায়), দ্বিতীয় বিশ্বযুদ্ধৰ পিছৰ সময়ত নিৰ্মিত আৰু সম্প্ৰদায়টোৰ অহিংসাক প্ৰসাৰিত কৰিবলৈ আৰু বিশ্ব শান্তিৰ সন্ধানত তেওঁলোকক একত্ৰিত কৰিবলৈ ডিজাইন কৰা বিশ্বৰ কেইবাটাও শান্তি পেগোডাৰ এটা।
-
গোল্ডেন পেগোডা,নামচাই
গোল্ডেন পেগোডা,নামচাইটাই-খামতি ভাষাত নামচাইৰ সোণালী পেগোডা বা গ'ল্ডেন পেগোডাক কংমু খাম বুলিও জনা যায়। এই বৌদ্ধ মঠটো বাৰ্মিজ শৈলীৰ বৌদ্ধ মন্দিৰ আৰু ২০১০ চনত মুকলি কৰা হৈছিল। ই ভাৰতৰ অৰুণাচল প্ৰদেশৰ নামচাই জিলাৰ ২০হেক্টৰ (৪৯ একৰ) ভূমিত বিস্তৃত হৈ আছে।
-
ডাম্বুলা গুহা মন্দিৰ
ডাম্বুল্লা গুহা মন্দিৰ (সিংহল ভাষাত දඹුල්ල රජ මහා විහාරය) ডাম্বুলাৰ সোণালী মন্দিৰ বুলিও জনা যায়, শ্ৰীলংকাত অৱস্থিত বিশ্ব ঐতিহ্য ক্ষেত্ৰ(১৯৯১)। শ্ৰীলংকাৰ চেণ্ট্ৰেল প্ৰভিঞ্চত অৱস্থিত।
-
শ্যামসুন্দৰ টিলা
শ্যামসুন্দৰ টিলা ১৯৯৮-৯৯ৰ পৰা ২০০০-২০০১ চন পৰ্যন্ত হোৱা প্ৰত্নত্বাত্তিক খনন পিছত সম্পূৰ্ণ ৰূপে উন্মোচিত হোৱা ভাৰতৰ ত্ৰিপুৰাৰ এক ইটাৰে নিৰ্মিত বৌদ্ধ সন্ন্যাস স্থল। ইয়াৰ ওপৰৰ অংশ বৰ্তমান ধ্বংস-প্ৰায় অৱস্থাত আছে। এই বৌদ্ধ মন্দিৰটোৰ কেন্দ্ৰীয় গৰ্ভগৃহ চাৰিটা প্ৰধান দিশেৰে সংযুক্ত।