Articles with hCards
২৫ প্ৰবন্ধ
-
জন ষ্টুৱাৰ্ট মিল
জন ষ্টুৱাৰ্ট মিল (ইংৰাজীঃ John Stuart Mill; ২০ মে' ১৮০৬ - ৭ মে' ১৮৭৩) এজন ইংৰাজ দাৰ্শনিক, ৰাজনৈতিক অৰ্থনীতিবিদ, ৰাজনীতিবিদ আৰু অসামৰিক সেৱাৰ বিষয়া আছিল।
-
ইভান পাভলভ
ইভান পেট্ৰভিচ পাভলভ (ৰাছিয়ান: Иван Петрович Павлов; ২৬ ছেপ্টেম্বৰ [অ.এছ. ১৪ ছেপ্টেম্বৰ] ১৮৪৯ – ২৭ ফেব্ৰুৱাৰী ১৯৩৬) আছিল এজন ৰাছিয়ান আৰু ছোভিয়েট পৰীক্ষামূলক স্নায়ুবিজ্ঞানী আৰু শৰীৰতত্ত্ববিদ, যি কুকুৰৰ ওপৰত কৰা পৰীক্ষাৰ জৰিয়তে ধ্ৰুপদী অনুবন্ধনৰ আৱিষ্কাৰৰ বাবে পৰিচিত।
-
ডেভিড হিউম
ডেভিড হিউম (; জন্মগত নাম ডেভিড হোম, 7 মে '1711-25 আগষ্ট 1776) এজন স্কটিছ দাৰ্শনিক, ইতিহাসবিদ, অৰ্থনীতিবিদ আৰু প্ৰবন্ধকাৰ আছিল, যি তেওঁৰ অত্যন্ত প্ৰভাৱশালী অভিজ্ঞতাবাদ, দাৰ্শনিক সংশয়বাদ আৰু অধিবিদ্যামূলক প্ৰকৃতিবাদৰ বাবে জনাজাত।
-
বিনায়ক দামোদৰ সাভাৰকাৰ
বিনায়ক দামোদৰ সাভাৰকাৰ আছিল এগৰাকী ভাৰতীয় জাতীয়তাবাদী ৰাজনৈতিক নেতা, লেখক আৰু সমাজকৰ্মী। তেওঁক বীৰ সাভাৰকাৰ বুলিও জনা যায়। সাভাৰকা পেছাত এজন অধিবক্তা আছিল। ১৮৮৩ চনৰ ২৮ মে’ত মুম্বাইৰ নাছিকত তেওঁৰ জন্ম হৈছিল। ১৯৬৬ চনৰ ২৬ ফেব্ৰুৱাৰীত তেওঁৰ মৃত্যু হয়।
-
মেক্স ৱেবাৰ
মেক্সমিলিয়ান কাৰ্ল এমিল ৱেবাৰ (;; ২১ এপ্ৰিল ১৯৬৪ – ১৪ জুন ১৯২০) আছিল এজন জাৰ্মান সমাজত্ববিদ, ইতিহাসবিদ, আইনবিদ আৰু ৰাজনৈতিক আৰ্থনীতিবিদ। যি সমাজতত্ব আৰু সমাজবিজ্ঞান সমূহক বিকাশ কৰাৰ ক্ষেত্ৰত এজন মূল ব্যক্তি আছিল।তেওঁৰ ধাৰণাসমূহে সমাজ তত্ত্ব আৰু গৱেষণাৰ ক্ষেত্ৰখনত বিশেষ ভাৱে প্ৰভাৱ বিস্তাৰ কৰি আছে।.
-
অগাষ্ট ক'ট
ইছিড'ৰ অগাষ্টে মেৰী ফ্ৰান্সোৱা জেভিয়াৰ ক'ট (;; ১৯ জানুৱাৰী ১৭৯৮ – ৫ ছেপ্টেম্বৰ ১৮৫৭) এজন ফৰাচী দাৰ্শনিক, গণিতজ্ঞ আৰু লেখক যিয়ে প্ৰত্যক্ষবাদ নামৰ মতবাদটো আগবঢ়াইছিল। তেওঁক প্ৰায়ে আধুনিক অৰ্থত বিজ্ঞানৰ প্ৰথম দাৰ্শনিক হিচাপে গণ্য কৰা হয়।
-
পান'ছ পানায় (মাইক্ৰ'ছফ্ট)
পান'ছ ক'ষ্টা পানায় (Πάνος Κώστα Παναή) এগৰাকী আমেৰিকান ব্যৱসায়িক কাৰ্যবাহী বিষয়া আৰু মাইক্ৰ'ছফ্টৰ ৱিণ্ড'জ+ ডিভাইচসমূহৰ মুখ্য উৎপাদন বিষয়া। তেওঁ ৱিণ্ড'জ ক্লায়েণ্ট অপাৰেটিং ছিষ্টেমৰ লগতে ছাৰ্ফে'চ প্ৰডাক্ট আৰু সম্পৰ্কীয় হাৰ্ডৱেৰৰ বিকাশ তদাৰক কৰে।
-
মন্টেস্কু
চাৰ্লছ লুই ডি চেকেণ্ডেট, বেৰন ডি লা ব্ৰেড এট ডি মন্টেস্কু (১৮ জানুৱাৰী ১৬৮৯ – ১০ ফেব্ৰুৱাৰী ১৭৫৫ চনত), সাধাৰণতে মণ্টেস্কু বুলি কোৱা হয়, এজন ফৰাচী বিচাৰক, বুদ্ধিজীৱী, ইতিহাসবিদ আৰু ৰাজনৈতিক দাৰ্শনিক আছিল। সমগ্ৰ বিশ্বৰ বহু সংবিধানত কাৰ্যকৰী হোৱা ক্ষমতা পৃথকীকৰণ তত্ত্বৰ তেওঁৰ পৰাই আৰম্ভণি হৈছিল।
-
ৰমাবাঈ ৰানডে
ৰমাবাঈ ৰানডে (Ramabai Ranade; रमाबाई रानडे; ২৫ জানুৱাৰী ১৮৬২ – ২৫ জানুৱাৰী ১৯২৪) এগৰাকী ভাৰতীয় সমাজকৰ্মী আৰু ১৯শ শতিকাৰ প্ৰথম মহিলা অধিকাৰ কৰ্মীসকলৰ অন্যতম। ১১ বছৰ বয়সত ভাৰতৰ প্ৰখ্যাত পণ্ডিত আৰু সমাজ সংস্কাৰক মহাদেৱ গোবিন্দ ৰানডেৰ লগত বিবাহ হয়।
-
আব্ৰাহাম মাছলো
আব্ৰাহাম হেৰল্ড মাছলো (ইংৰাজীঃAbraham Harold; 1 এপ্ৰিল 1908-8 জুন 1970) এগৰাকী আমেৰিকান মনোবিজ্ঞানী আছিল। তেওঁ প্ৰয়োজনীয়তাৰ স্তৰ বিভাজন মতবাদ আগবঢ়াইছিল, যিটো আছিল এটা মানসিক স্বাস্থ্যৰ তত্ত্ব, যি মানৱৰ সহজাত প্ৰয়োজনীয়তা পূৰণ কৰাত অগ্ৰাধিকাৰ দিছিল, যাৰ জৰিয়তে মানুহৰ আত্ম-উপলব্ধি প্ৰাপ্ত হয়।
-
ইমাইল দুৰখেইম
ডেভিদ ইমাইল দুৰখেইম ( or; ১৫ এপ্ৰিল ১৮৫৮ – ১৫ নবেম্বৰ ১৯১৭) আছিল এগৰাকী ফৰাচী সমাজতত্ত্ববিদ। তেওঁ আনুষ্ঠানিকভাৱে সমাজতত্ত্বক এক শৈক্ষিক বিষয় হিচাপে প্ৰতিষ্ঠা কৰিছিল, আৰু কাৰ্ল মাৰ্ক্স তথা মেক্স ৱেবাৰৰ লগতে তেওঁকো আধুনিক সমাজ বিজ্ঞানৰ অন্যতম প্ৰধান খনিকৰ হিচাপে গণ্য কৰা হয়।
-
এমচিএনডি (সংগীত গোট)
এমচিএনডি (কোৰিয়ানঃ 엠씨엔디; হৈছে "Music Creates New Dream") ৰ সংক্ষিপ্ত ৰূপ হৈছে টি.অ’.পি মিডিয়া দ্বাৰা গঠিত দক্ষিণ কোৰিয়াৰ এটা বয় বেণ্ড দলটোৰ পাঁচজন সদস্য আছেঃ কেচল জে, বিক, মিনজে, হুইজুন, আৰু উইন। তেওঁলোকে 27 ফেব্ৰুৱাৰী, 2020-ত সম্প্ৰসাৰিত নাটক ই. পি. আই.
-
এৰিক এৰিকছন
এৰিক হ'মবাৰ্গাৰ এৰিকছন (জন্মগত নাম এৰিক ছালোমনচেন ১৫ জুন ১৯০২ - ১২ মে' ১৯৯৪) এজন জাৰ্মান-আমেৰিকান শিশু মনোবিশ্লেষক আৰু দৃশ্য শিল্পী আছিল যি মানুহৰ মনোসামাজিক বিকাশৰ ওপৰত তেওঁৰ তত্ত্বৰ বাবে জনাজাত। তেওঁ পৰিচয় সংকট শব্দটো উদ্ভাৱন কৰিছিল।
-
কাৰ্ল ৰজাৰ্ছ
কাৰ্ল ৰেনচম ৰজাৰ্ছ (ইংৰাজীঃ Carl Ransom Rogers; 8 জানুৱাৰী 1902-4 ফেব্ৰুৱাৰি 1987) এজন আমেৰিকান মনোবিজ্ঞানী আছিল যি মানৱতাবাদী মনোবিজ্ঞান অন্যতম প্ৰতিষ্ঠাপক আছিল আৰু বিশেষকৈ তেওঁৰ ব্যক্তি-কেন্দ্ৰিক মনোচিকিৎসা বাবে জনাজাত আছিল।
-
গিন্নী মাহী
গিন্নী মাহী (জন্ম ১৯৯৮) হৈছে ভাৰতৰ পঞ্জাৱৰ জলন্ধৰৰ বাসিন্দা এগৰাকী ভাৰতীয় পাঞ্জাৱী লোক, ৰেপ আৰু হিপ-হপ গায়িকা। তেওঁ তেওঁৰ ফেন বাবা চাহিব দি আৰু ডেঞ্জাৰ চামাৰ গানৰ দ্বাৰা বিখ্যাত হৈছিল যিটো সামাজিক মাধ্যমত ভাইৰেল হৈছিল।
-
গেৰী ৰছিংটন
গেৰী ৰবাৰ্ট ৰ 'ছিংটন (ইংৰাজী: Gary Robert Rossington, ৪ ডিচেম্বৰ ১৯৫১-৫ মাৰ্চ ২০২৩) এগৰাকী আমেৰিকান সংগীতজ্ঞ আছিল যিজন দক্ষিণৰ ৰক বেণ্ড লিনাৰ্ড স্কাইনাৰ্ড প্ৰতিষ্ঠাপক গীটাৰিষ্ট হিচাপে জনাজাত আছিল, যাৰ সৈতে তেওঁ মৃত্যুপৰ্যন্ত অনুষ্ঠান পৰিৱেশন কৰিছিল।
-
জন হেনৰি
জন হেনৰি আমেৰিকান লোককথাৰ এজন নায়ক। তেওঁ আফ্ৰিকান আমেৰিকান আছিল, আৰু কিংবদন্তি অনুযায়ী, হাতৰীৰে ষ্টীল শিলত সোমোৱাৰ কাম কৰিছিল, যাতে ৰে'লপথ নিৰ্মাণৰ বাবে বিৰ্ফোৰণ কৰিব পৰা যায়। জন হেনৰিৰ কাহিনী ব্লুজ সংগীতৰ শৈলীত সাধাৰণতে আগবঢ়োৱা হয়।
-
জৰ্জ হাৰ্বাৰ্ট মিড
জৰ্জ হাৰ্বাৰ্ট মিড (২৭ ফেব্ৰুৱাৰী, ১৮৬৩ – ২৬ এপ্ৰিল, ১৯৩১) আছিল এজন আমেৰিকান দাৰ্শনিক, সমাজতাত্ত্বিক আৰু মনোবিজ্ঞানী, তেওঁ মূলতঃ চিকাগো বিশ্ববিদ্যালয়ৰ সৈতে জড়িত। অভি়জ্ঞতাবাদৰ বিকাশৰ অন্যতম মূল ব্যক্তি আছিল তেওঁ ৷ তেওঁক 'প্ৰতীকী আন্তঃক্ৰিয়াবাদ'ৰ অন্যতম প্ৰতিষ্ঠাপক হিচাপে গণ্য কৰা হয়।
-
টলকট পাৰ্চনছ
টলকট পাৰ্ছনছ ( ইংৰাজী: Talcott Parsons; ১৩ ডিচেম্বৰ, ১৯০২ – ৮ মে', ১৯৭৯) আছিল ধ্ৰুপদী পৰম্পৰাৰ এগৰাকী আমেৰিকান সমাজতত্ত্ববিদ। তেওঁ বিশেষকৈ তেওঁৰ 'সামাজিক ক্ৰিয়া তত্ত্ব' আৰু 'গাঁথনিগত প্ৰকাৰ্যবাদ'ৰ বাবে সৰ্বাধিক পৰিচিত।
-
ডব্লিউ. ই. বি. ডু বয়েজ
উইলিয়াম এডৱাৰ্ড বাৰ্ঘাৰ্ড ডু বয়েজ (; ২৩ ফেব্ৰুৱাৰী, ১৮৬৮ – ২৭ আগষ্ট, ১৯৬৩) এগৰাকী আমেৰিকান সমাজতত্ত্ববিদ, লেখক, ইতিহাসবিদ আৰু পান-আফ্ৰিকান নাগৰিক অধিকাৰ কৰ্মী আছিল। মেছাচুচেটছৰ গ্ৰেট বেৰিংটনত জন্মগ্ৰহণ কৰা ডু বয়েজ এটি তুলনামূলকভাৱে সহনশীল আৰু সংহত সম্প্ৰদায়ৰ মাজত ডাঙৰ-দীঘল হৈছিল।
-
থমাচ হবছ
থমাচ হবছ (; ৫ এপ্ৰিল ১৫৮৮ – ৪ ডিচেম্বৰ ১৬৭৯) এজন ইংৰাজ দাৰ্শনিক আৰু ৰাজনৈতিক তত্ত্ববিদ, ১৬৫১ চনত লিখা লেভিয়াথান গ্ৰন্থৰ বাবে বিশেষভাৱে পৰিচিত, য'ত তেওঁ সামাজিক চুক্তি তত্ত্বৰ এক প্ৰভাৱশালী ধাৰণা বিশদভাৱে ব্যাখা কৰে। তেওঁক আধুনিক ৰাজনৈতিক দৰ্শনৰ অন্যতম প্ৰতিষ্ঠাপক হিচাপে গণ্য কৰা হয়।
-
প্ৰজৱাল শাস্ত্ৰী
প্ৰজৱাল শাস্ত্ৰী বাংগালোৰৰ ইণ্ডিয়ান ইনষ্টিটিউট অফ এষ্ট্ৰোফিজিক্সৰএজন জ্যোতিৰ্বিজ্ঞানী আৰু ৰেডিঅ'ৰ পৰা এক্স-ৰে তৰংগদৈৰ্ঘ্যলৈকে বহু-তৰংগদৈৰ্ঘ্য পৰ্যৱেক্ষণ ফেনোমেনোলজীৰ ক্ষেত্ৰত বিশেষজ্ঞ।
-
শ্বাহ আব্দুল কৰিম
শ্বাহ আব্দুল কৰিম বা বাউল শ্বাহ আব্দুল কৰিম (Shah Abdul Karim; ১৫ ফেব্ৰুৱাৰী ১৯১৬ - ১২ ছেপ্টেম্বৰ ২০০৯) হ'ল এজন বাংলাদেশী বাউল সংগীতজ্ঞ আৰু দাৰ্শনিক। সৰ্বশ্ৰেষ্ঠ বাউল সংগীতজ্ঞসকলৰ ভিতৰৰ এজন হিচাপে পৰিচিত তেওঁক 'বাউল সম্ৰাট' (বাউলৰ ৰজা) বুলি কোৱা হয়।
-
হেৰিয়েট মাৰ্টিনো
হেৰিয়েট মাৰ্টিনো (ইংৰাজী: Heriet Martineau; ১২ জুন ১৮০২ – ২৭ জুন ১৮৭৬) এগৰাকী ইংৰাজ সমাজ-তাত্ত্বিক আছিল। তেওঁ এক সমাজতাত্ত্বিক, সামগ্ৰিক, ধৰ্মীয় আৰু নাৰী দৃষ্টিকোণৰ পৰা লিখা-মেলা কৰিছিল।
-
ৱিলহেল্ম ৱুণ্ট
ৱিলহেল্ম মাক্সিমিলিয়ান ৱুণ্ট (Wilhelm Maximilian Wundt,;; ১৬ আগষ্ট ১৮৩২ – ৩১ আগষ্ট ১৯২০) আছিল এগৰাকী জাৰ্মান চিকিৎসক, দাৰ্শনিক, অধ্যাপক আৰু আধুনিক মনোবিজ্ঞানৰ অন্যতম পিতৃপুৰুষ।