অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

জলতৰংগ

জলতৰং (হিন্দী: जलतरंग) হৈছে এটা সুৰীয়া তালৰ যন্ত্ৰ যি ভাৰতীয় উপমহাদেশৰ পৰা উৎপত্তি হৈছে। ইয়াত পানীৰে ভৰা চিৰামিক বা ধাতুৰ বাটিৰ এটা ছেট থাকে। বাটিবোৰৰ প্ৰান্তত দুহাতত এটা এটাকৈ কাঠৰ লাঠিৰে আঘাত কৰি বজোৱা হয়।

হালনাগাদ: ১ ছেপ্তেম্বৰ ২০২৫ ১৯৭ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

জলতৰং (হিন্দী: जलतरंग) হৈছে এটা সুৰীয়া তালৰ যন্ত্ৰ যি ভাৰতীয় উপমহাদেশৰ পৰা উৎপত্তি হৈছে। ইয়াত পানীৰে ভৰা চিৰামিক বা ধাতুৰ বাটিৰ এটা ছেট থাকে। বাটিবোৰৰ প্ৰান্তত দুহাতত এটা এটাকৈ কাঠৰ লাঠিৰে আঘাত কৰি বজোৱা হয়।

ইতিহাস

জলতৰংগৰ আটাইতকৈ পুৰণি উল্লেখ বাৎস্যায়নৰ কামসূত্ৰত পোৱা যায়, য’ত পানীৰে ভৰা কাঁচৰ গিলাচত বজোৱা বুলি উল্লেখ কৰা হৈছে।১ জলতৰগং মধ্যযুগীয় সংগীত পৰিজাত গ্ৰন্থতো উল্লেখ আছে, যিয়ে এই যন্ত্ৰক ঘন-বাদ্য (আঘাত কৰি ধ্বনি উৎপন্ন কৰা ইডিঅ’ফনিক যন্ত্ৰ, যাক কনকাছন ইডিঅ’ফোন বুলিও কোৱা হয়) হিচাপে শ্ৰেণীবদ্ধ কৰিছিল। সংগীতসাৰ গ্ৰন্থত ২২টা বাটিক এটা সম্পূৰ্ণ জলতৰং আৰু ১৫টা বাটিক মধ্যম মানৰ বুলি গণ্য কৰা হৈছে। বাটিবোৰ, বিভিন্ন আকাৰৰ, পিতল বা চীনামাটিৰ পৰা তৈয়াৰ কৰা হয়। জলতৰংগক মধ্যযুগত জল-যন্ত্ৰ বুলিও কোৱা হৈছিল, আৰু কৃষ্ণ ভক্তিৰ কবিসকল (যাক অষ্টছাপ কবি বুলিও কোৱা হয়)ৰ দ্বাৰা এই যন্ত্ৰৰ উল্লেখ কৰা হৈছে।২ জলতৰংগৰ অৰ্থ হৈছে "পানীৰ তৰংগ", আৰু ই পানীৰ সহায়ত সৃষ্ট বা পৰিবৰ্তিত ধ্বনিৰ গতিৰ ইংগিত দিয়ে। এই পৰম্পৰাগত যন্ত্ৰ ভাৰতীয় শাস্ত্ৰীয় সংগীতত ব্যৱহৃত হয়।

বিশদ

চীনামাটিৰ জলতৰং বাটি
চীনামাটিৰ জলতৰং বাটিছবি: en:User:Ghanonmatta · Public domain

বাটিত পানী ভৰোৱা হয়, আৰু পানীৰ পৰিমাণ সামঞ্জস্য কৰি সুৰ সলনি কৰা হয়। বজোৱা সুৰৰ ওপৰত নিৰ্ভৰ কৰি বাটিৰ সংখ্যা। বাটিবোৰ সাধাৰণতে বাদকৰ সন্মুখত অৰ্ধবৃত্তাকাৰে সজোৱা হয়, যাতে তেওঁ সকলোবোৰ সহজে লাভ কৰিব পাৰে। বাদকে বাটিৰ প্ৰান্তত কাঠৰ লাঠিৰে মৃদুভাৱে আঘাত কৰি ধ্বনি উৎপন্ন কৰে।

তথ্যসূত্ৰ

  1. ↑ "The Kama Sutra of Vatsyayana", ReadCentral.com
  2. ↑ লালমণি মিশ্ৰ. (1973). ((ভাৰতীয় সংগীত বাদ্য)). ভাৰতীয় জ্ঞানপীঠ. ISBN 81-263-0727-7

সম্পৰ্কিত শ্ৰেণী

বাদ্যযন্ত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জলতৰংগ” প্ৰবন্ধৰ সংশোধন ৫৩৬৭১০ (১ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।