নেপালী ভাষা
৭ প্ৰবন্ধ
-
নেপালী ভাষা
নেপালী ভাষা ভাৰত-ইউৰোপীয় ভাষা পৰিয়ালৰ ইণ্ডো-আৰ্য শাখাৰ এটা ভাষা। ই নেপালৰ চৰকাৰী ভাষা। এই ভাষা ভাৰত, ভূটান আৰু ম্যানমাৰতো প্ৰচলিত। ভাৰতৰ ছিকিম ৰাজ্য আৰু পশ্চিম বংগৰ দাৰ্জিলিং জিলাত নেপালী ভাষাৰ চৰকাৰী মৰ্যাদা আছে।
-
শকুন্তলা (মহাকাব্য)
শকুন্তলা (মহাকাব্য) (নেপালী: शाकुन्तल (महाकाव्य)) হৈছে ১৯৪৫ চনত লক্ষ্মী প্ৰসাদ দেৱকোটাৰ দ্বাৰা ৰচিত আৰু সাজ প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত এটা নেপালী মহাকাব্যিক কবিতা। ইয়াক লক্ষ্মী প্ৰসাদ দেৱকোটা আৰু নেপালী সাহিত্যৰ অন্যতম শ্ৰেষ্ঠ কৃতি হিচাপে গণ্য কৰা হয়।
-
গৌৰী (মহাকাব্য)
গৌৰী (নেপালী: गौरी) হৈছে নেপালী "ৰাষ্ট্ৰকবি" মাধৱ প্ৰসাদ ঘিমীৰেৰ দ্বাৰা ৰচিত এখন শোকাকুল মহাকাব্য (শোককাব্য)। ইয়াৰ প্ৰথম সংস্কৰণ ২০১৫ বিক্ৰম সম্বটত (১৯৫৯-৬০ খ্ৰীষ্টাব্দ) প্ৰকাশ পাইছিল। কবিয়ে তেওঁৰ প্ৰথম পত্নী গৌৰীৰ অকাল মৃত্যুৰ পিছত তেওঁৰ স্মৃতিস্বৰূপে এই কাব্যখন ৰচনা কৰিছিল।
-
পৃথ্বীৰাজ চৌহান (মহাকাব্য)
পৃথিৱীৰাজ চৌহান (নেপালী: पृथ्वीराज चौहान; ইংৰাজী: Prithiviraj Chauhan) হৈছে 'মহাকবি' লক্ষ্মী প্ৰসাদ দেৱকোটাৰ দ্বাৰা ৰচিত এখন নেপালী ভাষাৰ মহাকাব্য। এইখন ১৯৪৬ চনত লিখা হৈছিল আৰু ২০৪৯ বিক্ৰম সম্বটত (প্ৰায় ১৯৯২-১৯৯৩ খ্ৰীষ্টাব্দ) সাজ প্ৰকাশনে প্ৰকাশ কৰিছিল। ই পৃথ্বীৰাজ চৌহানৰ জীৱনৰ ওপৰত আধাৰিত।
-
তৰুণ তপসী
তৰুণ তপসী (নেপালী: तरुण तपसी) হ’ল ১৯৫৩ চনত লেখনাথ পৌড়েলৰদ্বাৰা ৰচিত এখন নেপালী মহাকাব্য। ই ১৯৫৩ চনত সাজা প্ৰকাশনৰদ্বাৰা প্ৰকাশিত হৈছিল। এই মহাকাব্যখন ১৯টা সৰ্গত বিভক্ত আৰু ইয়াক শিখৰিণী ছন্দত লিখা হৈছে।
-
ভানুভক্ত ৰামায়ণ
ভানুভক্ত ৰামায়ণ (भानुभक्तको रामायण বা भानुभक्तीय रामायण) হ'ল নেপালী কবি ভানুভক্ত আচাৰ্যৰ দ্বাৰা অনূদিত নেপালী ৰামায়ণ, যি বাল্মীকি ৰচিত সংস্কৃত ৰামায়ণৰ নেপালী অনুবাদ। এই গ্ৰন্থখন ভানুভক্ত আচাৰ্যৰ মৃত্যুৰ পাছত ১৮৮৭ চনত সম্পূৰ্ণৰূপে প্ৰকাশিত হৈছিল। ইয়াক প্ৰথম নেপালী মহাকাব্য হিচাপে গণ্য কৰা হয়।
-
নেপাল ১
নেপাল ১ (নেপাল ৱান) হ'ল ভাৰতৰ প্ৰথমটো নেপালী ভাষাৰ চেটেলাইট তথ্য-মনোৰঞ্জন চেনেল, যি নতুন দিল্লীৰপৰা প্ৰচাৰিত হৈছিল। ২০০৪ চনৰপৰা ২০১৫ চনলৈ ভূটানত এই চেনেলটো অতি জনপ্ৰিয় হৈছিল, বিশেষকৈ ইয়াৰ ‘ব্ৰেকিং নিউজ’ আৰু সংবাদ অনুষ্ঠানসমূহৰ বাবে, কাৰণ তেতিয়া ভূটানত চেটেলাইট চেনেলৰ সংখ্যা অতি কম আছিল।