অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শকুন্তলা চৌধুৰী

শকুন্তলা চৌধুৰী (Shakuntala Choudhary; জন্ম:২৫ জুন, ১৯২০ – ২০ ফেব্ৰুৱাৰী, ২০২২), জনপ্ৰিয় নাম শকুন্তলা বাইদ’, এগৰাকী গান্ধীবাদী ভাৰতীয় সমাজ কৰ্মী। বিট্ৰিছৰ শাসন কালত অসমত জন্মগ্ৰহণ কৰা শকুন্তলা চৌধুৰী গান্ধীবাদী জীৱন শৈলী জনপ্ৰিয়কৰণৰ বাবে তেওঁৰ প্ৰতিশ্ৰুত আৰু একনিষ্ঠ কৰ্মৰ বাবে জনাজাত।

হালনাগাদ: ৫ মে’ ২০২৪ ৩৮১ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

শকুন্তলা চৌধুৰী (Shakuntala Choudhary; জন্ম:২৫ জুন, ১৯২০ – ২০ ফেব্ৰুৱাৰী, ২০২২), জনপ্ৰিয় নাম শকুন্তলা বাইদ’,১ এগৰাকী গান্ধীবাদী ভাৰতীয় সমাজ কৰ্মী। বিট্ৰিছৰ শাসন কালত অসমত জন্মগ্ৰহণ কৰা শকুন্তলা চৌধুৰী গান্ধীবাদী জীৱন শৈলী জনপ্ৰিয়কৰণৰ বাবে তেওঁৰ প্ৰতিশ্ৰুত আৰু একনিষ্ঠ কৰ্মৰ বাবে জনাজাত। ২৩ ২০২২ চনৰ ২৬ জানুৱাৰী তাৰিখে ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী বঁটাৰে বিভূষিত কৰিছিল।

জীৱনপঞ্জী

কম বয়সতে, ১৯৪৭ চনত, চৌধুৰীয়ে কস্তুৰবা গান্ধী নেচনেল মেম’ৰিয়েল ট্ৰাষ্টৰ (কেজিএনএমটি) অসম শাখাত যোগদান কৰে আৰু গোটেই জীৱন ট্ৰাষ্টৰ সৈতে তেওঁৰ সম্পৰ্ক অব্যাহত ৰাখে। ন্যাসৰ অসম শাখা গুৱাহাটীৰ দক্ষিণ শৰণীয়া পাহাৰত অৱস্থিত। কস্তুৰবা আশ্ৰম বা শৰণীয়া আশ্ৰম নামেৰে জনাজাত ট্ৰাষ্টৰ এই শাখাটো ১৯৪৬ চনৰ ৯ জানুৱাৰীত মহাত্মা গান্ধীয়ে নিজেই উদ্বোধন কৰিছিল।৪

গুৱাহাটীৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত শিক্ষা গ্ৰহণ কৰা৫ শকুন্তলা চৌধুৰী গুৱাহাটীৰ তাৰিণীচৰণ চৌধুৰী (চমুকৈ টিচি) স্কুলৰ শিক্ষক ৰূপে কৰ্মৰত আছিল। বিদ্যালয়ৰ শিক্ষক ৰূপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়তে, শকুন্তলা অমলপ্ৰভা দাস নামৰ এগৰাকী গান্ধীবাদী ভক্তৰ সংস্পৰ্শলৈ আহে, যাৰ দেউতাকে আশ্ৰম স্থাপনৰ বাবে তেওঁক শৰণীয়া পাহাৰৰ সম্পত্তি দান কৰিছিল। অমলপ্ৰভা দাসৰ অনুৰোধ অনুসৰি, চৌধুৰীয়ে আশ্ৰমত যোগদান কৰে আৰু ‘গ্ৰাম সেৱিকা বিদ্যালয়’ চলোৱাৰ লগতে কেজিএনএমটিৰ অসম শাখা পৰিচালনা কৰাত সহায়ৰ হাত আগবঢ়ায়। এসময়ত তেওঁ ট্ৰাষ্ট শাখাৰ কাৰ্যালয় সচিব হয় আৰু একেসময়তে টিচি স্কুলত শিক্ষক হিচাপেও কাম কৰে। শকুন্তলা চৌধুৰীয়ে ১৯৫৫ চনত অমলপ্ৰভা দাসৰ পৰা কেজিএনএমটিৰ মুৰব্বীৰ খিতাপ লাভ কৰে আৰু ২০ বছৰ ধৰি সেই পদত অধিষ্ঠিত হৈ থাকে। এই সময়ছোৱাত তেওঁ চীনা আক্ৰমণ, তিব্বতীয় শৰণাৰ্থী সংকট, ১৯৬০ চনৰ ভাষাৰ আলোড়ন আদিৰ দৰে বহুতো ঘটনাৰ সাক্ষী হয়। তেওঁ আন্তঃৰাষ্ট্ৰীয় সীমাত শান্তি সেনা কাৰ্যকলাপৰ আয়োজন কৰিছিল।৬

বিনোৱা ভাৱেৰ সৈতে সম্পৰ্ক

ভূ-দান আন্দোলনৰ হোতা বিনোৱা ভাৱেৰ সৈতে চৌধুৰী ওতপ্ৰোতভাৱে জড়িত আছিল। তেওঁ বিনোৱা ভাৱেৰ সৈতে অসমৰ চুকে-কোণে থকা বিভিন্ন অঞ্চললৈ গৈছিল আৰু তেওঁৰ বক্তৃতাবোৰ হিন্দীৰ পৰা অসমীয়ালৈ অনুবাদ কৰাত সহায় কৰিছিল। ভাৱে প্ৰতিষ্ঠা কৰা অসম অৰুণাচল সীমান্তৰ মৈত্ৰী আশ্ৰমৰ নেতৃত্ব দিছিল শকুন্তলাই।৭ শকুন্তলা ভূ-দান আন্দোলনৰ অন্তিম পৰ্যায়ত, অসমত বিনোৱা ভাৱে হাতত লোৱা ডেৰ বছৰীয়া পদযাত্ৰাৰো সক্ৰিয় অংশগ্ৰহণকাৰী আছিল।

বিনোৱা ভাৱে বিভিন্ন ভাষিক গোটৰ মাজত দেৱনাগৰী লিপিৰ প্ৰচাৰত আগ্ৰহী আছিল আৰু তেওঁৰ দৃষ্টান্ত গ্ৰহণ কৰি শকুন্তলা চৌধুৰীয়ে দেৱনাগৰী লিপিত "অসমীয়া বিশ্ব নগৰী" নামে এখন মাহেকীয়া আলোচনী আৰম্ভ কৰিছিল আৰু বহু বছৰ তাৰ সম্পাদক হৈ আছিল। আলোচনীখন এতিয়াও গান্ধীবাদী আদৰ্শ, চিন্তা আৰু আধ্যাত্মিকতাৰ ওপৰত আলোকপাত কৰি প্ৰকাশ হৈ আছে। চৌধুৰী ১৯৭৮ চনত বিনোৱা ভাৱে আৰম্ভ কৰা "গৰু বধ ৰোধ সত্যাগ্ৰহ"ৰ সৈতেও জড়িত আছিল।৬

মৃত্যু

২০২২ চনৰ ২০ ফেব্ৰুৱাৰী তাৰিখে, ১০২ বছৰ বয়সত শকুন্তলা চৌধুৰীৰ মৃত্যু হয়।৮

বঁটা আৰু স্বীকৃতি

  1. ২০১০ চনত মহিলা আৰু শিশু কল্যাণৰ বাবে চৌধুৰীক যমুনালাল বাজাজ বঁটা প্ৰদান কৰা হয়।৭
  2. ২০২২ চনত সমাজ সেৱাৰ ক্ষেত্ৰত আগবঢ়োৱা উল্লেখনীয় অৱদানৰ বাবে ভাৰত চৰকাৰে তেওঁক তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰে।৯ এই বঁটা ঘোষণাৰ সময়ত তেওঁক ১০২ বছৰীয়া বৰ্ষীয়ান গান্ধীবাদী সমাজ-সেৱিকা ৰূপে স্বীকৃতি দিয়া হৈছিল।১

তথ্যসূত্ৰ

  1. ↑ Padma Awards 2022. Padma Awards. Ministry of Home Affairs, Govt of India
  2. ↑ Shivani Avasthi. शकुंतला चौधरी का जीवन परिचय: 102 साल की समाजसेविका को मिला पद्मश्री, जानिए महात्मा गांधी और विनोबा भावे से नाता. Amar Ujala. Amar Ujala Ltd
  3. ↑ PTI. Assam: Eminent Gandhian Shakuntala Choudhary turns 100. DevDiscourse. VisionRI
  4. ↑ Guwahati Plus. Guwahati Gyan: Kasturba Ashram, Sarania. Guwahati Plus. G Plus
  5. ↑ The Assam Tribune News Service. (15 September 2020). Shakuntala Choudhary feted by Handique Girls' College. The Assam Tribune
  6. ↑ Staff Reporter. (30 January 2022). Shakuntala Chowdhury – Padmashri Award Winner 2022. Trending Bangla
  7. ↑ MS. SHAKUNTALADEVI CHOUDHARY Recipient of the Award for Development and Welfare of Women and Children - 2010. Jamnalal Bajaj Awards. Jamnalal Bajaj Foundation
  8. ↑ (20 February 2022). Shakuntala Choudhary Died: প্ৰখ্যাত সমাজসেৱিকা পদ্মশ্ৰী শকুন্তলা চৌধাৰী আৰু নাই, ১০২ বছৰ বয়সত দেহাৱসান. Assam News 18
  9. ↑ Padma Awards 2022. Padma Awards. Ministry of Home Affairs, Govt of India

সম্পৰ্কিত শ্ৰেণী

সমাজকৰ্মীপদ্মশ্ৰী বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শকুন্তলা চৌধুৰী” প্ৰবন্ধৰ সংশোধন ৪২০৫৫৮ (৫ মে’ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।