লখিমপুৰ জিলা
৯ প্ৰবন্ধ
-
লখিমপুৰ জিলা
লখিমপুৰ জিলা অসমৰ উত্তৰ-পূবাংশত অৱস্থিত এক গুৰুত্বপূৰ্ণ প্রশাসনিক একক, যাৰ সদৰ উত্তৰ লখিমপুৰ। ঐতিহাসিকভাৱে ই চুতীয়া ৰাজ্য আৰু আহোম ৰাজ্যৰ শাসন-পৰ্যায় অতিক্ৰম কৰি ঔপনিৱেশিক যুগত জিলা-গঠন লাভ কৰে আৰু ১৯৭১ চনত পুনৰ্গঠনৰ জৰিয়তে আধুনিক সীমাৰেখা লাভ কৰে।
-
লখিমপুৰ (লোকসভা সমষ্টি)
লক্ষিমপুৰ লোকসভা সমষ্টি (Lakhimpur Lok Sabha constituency) অসমৰ ১৪টা লোক সভা সমষ্টিৰ ভিতৰত এটা।
-
ঘিলামৰা নগৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়
ঘিলামৰা নগৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়খন লখিমপুৰ জিলাৰ ঘিলামৰাত অৱস্থিত এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়। ১৯৮২ চনত স্থাপিত এই বিদ্যালয়খনৰ ভৱনটো ৭৬৫০ বৰ্গ মি: কালিৰ অসম আৰ্হিৰ ঘৰেৰে নিৰ্মিত হৈছে। প্ৰথমতে এইখন মাধ্যমিক বিদ্যালয় হিচাপে আছিল আৰু ১৯৭৯ চনত স্থাপিত হৈছিল।
-
লক্ষীমপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়
লক্ষীমপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় (Lakhimpur Medical College and Hospital) অসমৰ লখিমপুৰ জিলাৰ উত্তৰ লখিমপুৰত অৱস্থিত এখন চৰকাৰী চিকিৎসা মহাবিদ্যালয়। ২০২১ চনৰ ১ অক্টোবৰ তাৰিখৰ পৰা ই সম্পূৰ্ণৰূপে কাৰ্যক্ষম হৈছিল। এইখন অসমৰ অষ্টম চিকিৎসা মহাবিদ্যালয়।
-
জনহিতৈষী পুথিভঁৰাল
জনহিতৈষী পুথিভঁৰাল হ'ল অসমৰ এখন ৰাজহুৱা পুথিভঁৰাল আৰু পঠন-সংস্কৃতিৰ প্ৰচাৰৰ সৈতে জড়িত সামাজিক-শৈক্ষিক অনুষ্ঠান। জনসাধাৰণৰ মাজত কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তোলা, পঠন-সংস্কৃতিৰ প্ৰসাৰ আৰু নতুন পাঠক সৃষ্টি কৰাৰ উদ্দেশ্যেৰে ২০২০ চনৰ ১৩ আগষ্টত এই পুথিভঁৰালটো আনুষ্ঠানিকভাৱে প্ৰতিষ্ঠা কৰা হয়।
-
ডিজু চাহ বাগিচা
ডিজু চাহ বাগিচা লখিমপুৰ জিলাৰ অন্তৰ্গত ডিজুত অৱস্থিত এখন চাহ বাগিচা। এই বাগিচাখন উত্তৰ লখিমপুৰ চহৰৰপৰা উত্তৰ-পশ্চিম দিশত, প্ৰায় বিশ কিলোমিটাৰ দূৰত্বত অৱস্থিত। প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা এই অঞ্চলটো অসম-অৰুণাচল সীমান্তত অৱস্থিত। ডিজুৰ পূৱ সীমাৰে ৰঙানদী বৈ গৈছে।
-
লখিমপুৰ জিলাৰ মুক্তিযুঁজাৰুসকলৰ তালিকা
ভাৰতৰ স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰা লখিমপুৰ জিলাৰ মুক্তিযুঁজাৰুসকলৰ তালিকা তলত দিয়া হৈছে। এই তালিকাত কাৰাবাস খটা আৰু নখটা সকলো অংশগ্ৰহণকাৰীৰ নাম অন্তৰ্ভুক্ত হৈছে।
-
লেতেকুপুখুৰী
লেতেকুপুখুৰী হৈছে অসমৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত এখন ঐতিহাসিক গাঁও। এই স্থানটো মাধৱদেৱৰ জন্মস্থান হিচাপে জনাজাত। এই অঞ্চল অতীতত বৰ-নাৰায়ণপুৰ নামেৰে জনাজাত আছিল আৰু কামতা ৰাজ্যৰ সময়ৰে পৰা এক ঐতিহাসিক স্থান হিচাপে বিবেচিত। অঞ্চলটো শোণিতপুৰ জিলাৰ কলাবাৰী অঞ্চললৈকে বিস্তৃত আছিল।
-
শঁলাল গাঁও
শঁলাল গাওঁ অসমৰ লখিমপুৰ জিলাৰ অন্তৰ্গত এখন গাঁও। উত্তৰ লখিমপুৰ, বিহপুৰীয়া, ঢকুৱাখনা, নাওবৈচা, নাৰায়ণপুৰ আদি শলাল গাঁৱৰ নিকটবৰ্তী চহৰ।