গৰম মছলা হৈছে ভাৰতত উৎপত্তি হোৱা পিহি লোৱা কেইবাবিধো মছলাৰ মিশ্ৰণ। ভাৰতীয়, পাকিস্তানী, নেপালী, বাংলাদেশী, শ্ৰীলংকা আৰু কেৰিবিয়ান খাদ্যত এয়া এক বহুলভাৱে ব্যৱহৃত মছলা।
উপাদান
গৰম মছলাৰ গঠন আঞ্চলিকভাৱে পৃথক, আঞ্চলিক আৰু ব্যক্তিগত ৰুচি অনুসৰি সমগ্ৰ ভাৰতীয় উপমহাদেশত বহুতো খাদ্য প্ৰস্তুতকৰণ পদ্ধতি আছে,১ আৰু কোনোটোৱেই আন এটাতকৈ বেছি প্ৰামাণিক বুলি গণ্য কৰা নহয়। মিশ্ৰণৰ উপাদানবোৰ ভাজিলৈ পিছত একেলগে পিহি লোৱা হয় আৰু ৰন্ধা শেষ কৰাৰ ঠিক আগতেই সোৱাদৰ বাবে খাদ্যত যোগ কৰা হয়।
গৰম মছলা২ ৰ এটা সাধাৰণ ভাৰতীয় সংস্কৰণত আছে-
- গুৱামৰি
- তেজ পাত
- জালুক
- লং
- ডালচেনি
- জাঁইফলৰ বাকলি
- ইলাচী
- জীৰা
- ধনিয়া গুটি
- ৰঙা জলকীয়া
কিছুমান ৰেচিপিত মছলাবোৰ বনৌষধিৰ সৈতে মিহলাই লোৱা হয়,৩ আনহাতে কিছুমানত মছলাবোৰ পানী, ভিনেগাৰ বা অন্যান্য তৰল পদাৰ্থৰে পিহি পেষ্ট বনাব লাগে। সুষম প্ৰভাৱ পাবলৈ সোৱাদবোৰ মিহলাই ল’ব পাৰি, বা এটা সোৱাদৰ ওপৰত গুৰুত্ব দিব পাৰি। মছলা ব্যৱহাৰৰ আগতে গোটা মছলাখিনি সামান্য ভাজি ইয়াৰ সোৱাদ আৰু সুগন্ধি মুক্ত কৰি লোৱা হয়।১ ভাৰত উপমহাদেশৰ পূব অংশত পশ্চিমবংগ, ওড়িশা, অসম আৰু বাংলাদেশত এই বিভাজনৰ সলনি কেৱল ইলাচি, ডালচেনি আৰু লংহে ব্যৱহাৰ কৰা দেখা যায়।
বাৰ্মিজ তৰকাৰীত ব্যৱহৃত বাৰ্মিজ মছলাৰ মিশ্ৰণ সাধাৰণতে পিহি লোৱা দালচেনি, ইলাচি, লং আৰু জালুকৰে গঠিত।৪
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Rama Rau, Santha. (June 1969). The Cooking of India (Foods of the World). Time Life Education. ISBN 978-0-8094-0069-0
- ↑ Pitre, Urvashi. (September 19, 2017). Indian Instant Pot® Cookbook: Traditional Indian Dishes Made Easy and Fast. Rockridge Press. পৃ. 24. ISBN 978-1939754547
- ↑ Bhide, Monica, "Garam Masala: A Taste Worth Acquiring ". npr.org. April 27, 2011
- ↑ (2009). To Myanmar with Love: A Travel Guide for the Connoisseur. ThingsAsian Press. ISBN 978-1-934159-06-4
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গৰম মছলা” প্ৰবন্ধৰ সংশোধন ৬৩১৪৮৬ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।