যোগেশ্বৰ দত্ত (Yogeshwar Dutt) এজন ভাৰতীয় মল্লযোদ্ধা।১ তেওঁ ২০১২ গ্ৰীষ্মকালীন অলিম্পিকত পুৰুষৰ ৬০ কেজি ফ্ৰীষ্টাইল মল্লযোদ্ধত একটি ব্ৰঞ্জ পদক জয় কৰিছিল।২
কৰ্মজীৱন
যোগেশ্বৰ দত্ত হাৰিয়ানাৰ চনিপত জিলাৰ বাসিন্দা। তেওঁৰ পিতৃ-মাতৃ শিক্ষকতা কৰে। আঠ বছৰ বয়সৰ পৰা তেওঁ মল্লযোদ্ধ অভ্যাস আৰম্ভ কৰিছিল। তেওঁৰ অনুপ্ৰেৰণা আছিল তেওঁৰ গাঁৱৰ বলৰাজ পাহুৱাল। পিছত তেওঁ প্ৰশিক্ষক ৰামফলৰ ওচৰত প্ৰশিক্ষণ লয়।
২০০৩
যোগেশ্বৰ ২০০৩ কমনৱেলথ মল্লযোদ্ধ চেম্পিয়নশ্বিপত স্বৰ্ণ পদক লাভ কৰে।৩
২০০৪ গ্ৰীষ্মকালীন অলিম্পিক
২০০৪ এথেন্স গ্ৰীষ্মকালীন অলিম্পিকৰ পুৰুষৰ ফ্ৰীষ্টাইল ৫৫ কেজি মল্লযোদ্ধত অংশ গ্ৰহণ কৰি তেওঁ ১৮তম স্থান অধিকাৰ কৰে।
২০০৬ এছিয়ান গেমচ
২০০৬ দোহা এছিয়ান গেমচত অংশ লোৱাৰ ন-দিন আগত যোগেশ্বৰৰ পিতৃবিয়োগ হয়।৪ এই প্ৰতিযোগিতাত আঁঠুত দুখ পায়ো ৬০ কেজি শাখাত তেওঁ ব্ৰঞ্জ পদক জয় কৰিব সক্ষম হয়।৫
২০০৮ গ্ৰীষ্মকালীন অলিম্পিক
এইটো আছিল যোগেশ্বৰৰ দ্বিতীয় অলিম্পিক। তেওঁ ৬০ কেজি শাখাত অংশ লয়।৬ ২০০৮ জেজু চিটি এছিয়ান চেম্পিয়নশ্বিপত স্বৰ্ণ পদক জয় কৰি তেওঁ এই অলিম্পিকত অংশ লোৱাৰ সুযোগ পায়। ২০০৮ গ্ৰীষ্মকালীন অলিম্পিকত যোগেশ্বৰে প্ৰথম ৰাউণ্ডত বিদায় লবলগীয়া হয়। তেওঁ তাত নবম স্থান পাইছিল।৭
২০১০ কমনৱেলথ গেমচ
২০১০ দিল্লী কমনৱেলথ গেমচত যোগেশ্বৰ ভাৰতৰ হৈ স্বৰ্ণ পদক জয় কৰে।৮
২০১২ গ্ৰীষ্মকালীন অলিম্পিক
২০১২ গ্ৰীষ্মকালীন অলিম্পিকত যোগেশ্বৰ পুৰুষৰ ৬০ কেজি বিভাগত ব্ৰঞ্জ পদক পায়। তেওঁ উক্ত অলিম্পিকত পদকজয়ী পঞ্চম গৰাকী ভাৰতীয়।৯
সন্মান
ৰাষ্ট্ৰীয়
- পদ্মশ্ৰী (২০১৩), ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান।
- মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা (২০১২), ভাৰতৰ ক্ৰীড়া জগতৰ সৰ্বোচ্চ সন্মান।
তথ্যসূত্ৰ
- ↑ আৰ্কাইভ কপি
- ↑ (12-08-2012). Flipping arena with a toss, Dutt gives India its fifth medal
- ↑ "Beijing 2008 Olympics" . দ্য টাইম্ছ অৱ ইণ্ডিয়া. Retrieved on 2008-08-16
- ↑ আৰ্কাইভ কপি
- ↑ "Medal winners at the 15th Asian Games on Dec. 13", People's Daily, (14 December 2006). Retrieved on 2008-08-16
- ↑ www.rediff.com/sports/2008/aug/06team.htm
- ↑ www.ptinews.com/pti%5Cptisite.nsf/0/693C028D43F9 link|date=September 2023 |bot=InternetArchiveBot |fix-attempted=yes }}
- ↑ timesofindia.indiatimes.com/london-olympics-2012
- ↑ আৰ্কাইভ কপি
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “যোগেশ্বৰ দত্ত” প্ৰবন্ধৰ সংশোধন ৫৬৯৫৬১ (১৪ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।