লেফ্টনেণ্ট কমাণ্ডাৰ কৰবী গগৈ (Karabi Gogoi) এগৰাকী ভাৰতীয় নৌসেনাৰ বিষয়া।১ নৌসেনাত লেফ্টনেণ্ট কমাণ্ডাৰ পদবী লাভ কৰা তেওঁ প্ৰথম গৰাকী অসমীয়া মহিলা। তেওঁ ভাৰতীয় নৌ সেনাত প্ৰথমবাৰলৈ বিদেশত ডিফেন্স এটাছী ৰূপে নিযুক্তি লাভ কৰা প্ৰথম গৰাকী মহিলা। ২০১৯ চনৰ ডিচেম্বৰ মাহত কৰবী গগৈয়ে ৰাছিয়াৰ ৰাজধানী মস্কোত অৱস্থিত দূতাবাসত সহকাৰী নৌসেনা এটাছী ৰূপে যোগদান কৰে।২
প্ৰাৰম্ভিক জীৱন
অসমৰ গুৱাহাটীত কৰবী গগৈৰ জন্ম হৈছিল। গুৱাহাটী মহানগৰীৰ কাহিলীপাৰাৰ বাসিন্দা কৰবী গগৈৰ পিতৃ প্ৰয়াত দিলীপ গগৈ নামনি অসমৰ আয়ুক্ত কাৰ্যালয়ৰ অধীক্ষক আছিল আৰু মাতৃ ইন্দিৰা বৰগোহাঁই গগৈ দিছপুৰ মহাবিদ্যালয়ৰ অধ্যাপিকা। কৰবীয়ে লিটিল ফ্লাৱাৰ স্কুলত প্ৰাৰম্ভিক শিক্ষা লাভ কৰিছিল।১ কৰবীয়ে ২০০৬ চনত ওড়িশাৰ গান্ধী অভিযান্ত্ৰিক আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত অধ্যয়ন কৰিবলৈ গৈছিল।৩ ২০১০ চনত তেওঁৰ অন্তিম বৰ্ষৰ অভিযান্ত্ৰিক স্নাতক পৰীক্ষাৰ ঠিক আগতে তেওঁ বেংগালুৰুত চাৰ্ভিচ চিলেকচন ব'ৰ্ড (এছ.এছ.বি.) পৰীক্ষা দিছিল আৰু একে বছৰতে নৌসেনাত নিযুক্ত হৈছিল। সৰুতে তেওঁ এগৰাকী ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া হ'বলৈ বিচাৰিছিল।৩
কৰ্মজীৱন
২০১০ চনত কৰবীয়ে ভাৰতীয় নৌবাহিনীত অভিযন্তা হিচাপে যোগদান কৰে। পিছলৈ তেওঁ নৌ স্থাপত্য আৰু সংৰচনা অধ্যয়নৰ বাবে দিল্লীত অৱস্থিত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত যোগদান কৰে।৩ তাৰপিছত তেওঁক বিশাখাপট্টনম ঘাটি আৰু উপকূলীয় কৰ্ণাটকৰ মনোৰম কাৰৱাৰত নিযুক্তি দিয়া হৈছিল।৪
২০১৯ চনত তেওঁ ভাৰতীয় নৌ সেনাত প্ৰথমবাৰলৈ বিদেশত ডিফেন্স এটাছী ৰূপে নিযুক্তি লাভ কৰা প্ৰথম গৰাকী মহিলা হিচাপে পৰিগণিত হয়। ভাৰতীয় বায়ু সেনাই উইং কামাণ্ডাৰ অঞ্জলি সিঙক মস্কো দূতাবাসত উপ বায়ু সংলগ্ন হিচাপে নিযুক্তি দিয়াৰ মাত্ৰ এমাহ পিছতহে সহকাৰী নৌ সংলগ্ন হিচাপে তেওঁৰ বাছনি কৰা হৈছিল। যদিও সিং এজন মিগ-২৯ যুঁজাৰু বিমান ওপৰত প্ৰশিক্ষণ প্ৰাপ্ত এজন বৈমাণিক অভিযন্তা কৰবীৰ যুদ্ধজাহাজ নিৰ্মাণ আৰু তত্ত্বাৱধানত দক্ষতা আছে। ডিফেন্স এটাছী ৰূপে কৰবী গগৈয়ে যোগদানৰ পূৰ্বে ৰাছিয়ান ভাষাৰ এটা এমহীয়া পাঠ্যক্ৰম সমাপ্ত কৰিবলগীয়া হৈছিল।৫১ ২০১৯ চনৰ ডিচেম্বৰ মাহৰ পৰা তেওঁ ৰাছিয়াত ভাৰতীয় দূতাবাসৰ পদত যোগদান কৰে। ভাৰত-ৰাছিয়া আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক সুদৃঢ় কৰাত প্ৰতিৰক্ষা কূটনীতিৰ সহ দূত হিচাপে তেওঁ সেৱা আগবঢ়ায় আহিছে।৬
ব্যক্তিগত জীৱন
কৰবীৰ স্বামী প্ৰাঞ্জল সন্দিকৈও ভাৰতীয় নৌসেনাৰ এজন লেফটেনেণ্ট কমাণ্ডাৰ। প্ৰাঞ্জল সন্দিকৈ কৰবীৰ দেউতাক দিলীপ গগৈৰ প্ৰিয়বন্ধু পুত্ৰ আছিল। আজৰি সময়ত কৰবীয়ে ছবি আঁকি ভাল পায়।
তথ্যসূত্ৰ
- ↑ Karabi Gogoi – Navy’s first woman defence attache lives her dream
- ↑ Karabi Gogoi makes history, becomes first woman to be posted abroad as naval attaché
- ↑ ভাৰতীয় নৌ সেনাৰ প্ৰথম মহিলা ডিফেন্স এটাছী কৰবী গগৈ
- ↑ অসম সন্তান কৰবী গগৈক ভাৰতীয় নৌ সেনাৰ প্ৰথমগৰাকী মহিলা ডিফেন্স এটাচি এব্ৰ’ড নিযুক্তি
- ↑ After 23 years, Indian Navy deploys women officers on warships
- ↑ ভাৰতীয় নৌ সেনাত প্ৰথমগৰাকী মহিলা ডিফেন্স এটাচ এব্ৰ’ড হিচাপে অসম সন্তান কৰবী গগৈক নিযুক্তি প্ৰদান…
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কৰবী গগৈ” প্ৰবন্ধৰ সংশোধন ৪৪৯৮৫৫ (৩০ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।