মিছ এছিয়া পেচিফিক ৱৰ্ল্ড (ইংৰাজী ভাষা: Miss Asia Pacific World) হ’ল দক্ষিণ কোৰিয়াত অনুষ্ঠিত হোৱা এখন বছৰেকীয়া সৌন্দৰ্য প্ৰতিযোগিতা। এই প্ৰতিযোগিতাখন স্থান নিৰ্ধাৰণ, ঘোচ আৰু স্তন বৃদ্ধিৰ অস্ত্ৰোপচাৰৰ দৰে বহুতো বিতৰ্কৰ মাজত সোমাই পৰিছে। ২০১৪ চনৰ মিছ এছিয়া পেচিফিক ৱৰ্ল্ড প্ৰতিযোগিতাত ম্যানমাৰৰ মে মায়াট নোৱে ২০১৪ চনৰ ৩১ মে'ত খিতাপ জিকিছিল যদিও তিনি মাহৰ পিছত তেওঁক খিতাপৰপৰা অপসাৰণ কৰা হয়। ইয়াৰ পৰিপ্ৰেক্ষিতত সংস্থাটোৱে পৰৱৰ্তী মাহবোৰত নতুনকৈ প্ৰতিযোগিতা অনুষ্ঠিত কৰে। এই খিতাপ ভাৰতৰ শ্বেতা ৰাজে অৰ্জন কৰিছিল। ২০১৫ চনত এই প্ৰতিযোগিতাখনৰ নাম সলনি কৰি মিছ ছুপাৰটেলেণ্ট অৱ দ্য ৱৰ্ল্ড ৰখা হয়।
ইতিহাস
প্ৰথম মিছ এছিয়া পেচিফিক ৱৰ্ল্ড প্ৰতিযোগিতা ২০১১ চনৰ ১৫ অক্টোবৰত দক্ষিণ কোৰিয়াৰ বুছানত অনুষ্ঠিত হৈছিল।১ কোৰিয়াৰ জং ইউন আয়ে এই খিতাপ অৰ্জন কৰিছিল। দ্বিতীয় বাৰ্ষিক মিছ এছিয়া পেচিফিক ৱৰ্ল্ড প্ৰতিযোগিতা ২০১২ চনৰ ১৬ জুনত দক্ষিণ কোৰিয়াৰ ছিউলত অনুষ্ঠিত হৈছিল। ভাৰতৰ হিমাংগিনী সিং যদুৱে এই খিতাপ জয় কৰিছিল।২ তৃতীয়খন প্ৰতিযোগিতা ২০১৩ চনৰ ৩০ অক্টোবৰত দক্ষিণ কোৰিয়াৰ ছিউলৰ হাল্যুৱৰ্ল্ডত অনুষ্ঠিত হৈছিল, য’ত ভাৰতৰ সৃষ্টি ৰাণাক মুকুট পিন্ধোৱা হৈছিল।৩
বিতৰ্ক
২০১১ চনৰ প্ৰতিযোগিতাত ৱেলছৰ এমি উইলাৰটনৰ লগতে আন কেইবাগৰাকীও প্ৰতিযোগীয়ে দাবী কৰিছিল যে প্ৰতিযোগিতাখনত খেলিমেলি কৰা হৈছে। তেওঁলোকৰ মতে ভেনিজুৱেলাক প্ৰতিনিধিত্ব কৰা মহিলাগৰাকীয়ে প্ৰতিযোগিতাত অংশ লোৱাৰ আগতেই তেওঁক 'টেলেণ্ট ৰাউণ্ড'ৰ ৰানাৰ্ছ আপ হিচাপে ঘোষণা কৰা হৈছিল। উইলাৰটনৰ নেতৃত্বত প্ৰতিযোগীসকলে আয়োজকসকলৰপৰা উত্তৰ বিচাৰিছিল আৰু পিছলৈ দাবী কৰিছিল যে কিছুমান প্ৰতিযোগীক যৌন সম্পৰ্কৰ বিনিময়ত স্বয়ংক্ৰিয়ভাৱে শীৰ্ষস্থান দিয়াৰ প্ৰস্তাৱ দিয়া হৈছিল।৪ এই অবৈধ প্ৰস্তাৱসমূহ উইলাৰটন আৰু অন্যান্য প্ৰতিযোগীসকলে ভিডিঅ' কৰিছিল আৰু পিছলৈ "কনফেশ্যনছ অৱ এ বিউটি কুইন" (Confessions of a Beauty Queen) শিৰোনামেৰে ইউটিউবত আপলোড কৰিছিল।৫ ইয়াৰ পিছত তেওঁ আৰু গায়ানাৰ প্ৰতিযোগী এলেথা শ্বেপাৰ্ড আৰু কষ্টা ৰিকাৰ পামেলা পেৰাল্টাই হোটেল এৰি বিমানবন্দৰলৈ পলায়ন কৰে। পলাই যোৱা প্ৰতিযোগীসকলে দাবী কৰিছিল যে প্ৰতিযোগিতাৰ আয়োজকসকলে তেওঁলোকক ইচ্ছাৰ বিৰুদ্ধে আটক কৰিবলৈ চেষ্টা কৰিছিল আৰু তেওঁলোকক পলায়ন কৰাত বাধা দিবলৈ বিমানবন্দৰলৈকে অনুসৰণ কৰিছিল। কোৰিয়াৰ ৰাষ্ট্ৰীয় আৰক্ষী সংস্থা আৰু আয়োজকসকলে সকলো অভিযোগ অস্বীকাৰ কৰে।৬৭ উইলাৰটনে দাবী কৰিছিল যে আয়োজকসকলে আৰক্ষী বিষয়াসকলক ঘোচ দিছিল। তেওঁৰ মতে, "যেতিয়া আৰক্ষী আহিছিল তেতিয়া তেওঁলোকে প্ৰতিযোগিতাৰ এজন অধ্যক্ষক মাতি আনিছিল যিয়ে লগে লগে নিজৰ মানিবেগটো উলিয়াইছিল আৰু আয়োজকসকলে আমাক পিছলৈ ঠেলি দিছিল যাতে আমি কথা পাতিব নোৱাৰো... আমাৰ অনুবাদকজনে আমাৰ হৈ অনুবাদ কৰা নাছিল, গতিকে আমি সম্পূৰ্ণৰূপে অসহায় হৈ পৰিছিলো।" ১
২০১৪ চনৰ ছেপ্টেম্বৰ মাহত ছিউলত থকা প্ৰতিযোগিতাৰ আয়োজকৰ পঞ্জীয়নভুক্ত কাৰ্যালয়টো এটা অংশীদাৰী কাৰ্যালয়ৰ ভিতৰত এটা সৰু কোঠা বুলি চিনাক্ত কৰা হৈছিল।৮
২০১৪ চনৰ প্ৰতিযোগিতাৰ বিজয়ী মে মায়াট নোৱেক জয়ৰ তিনি মাহৰ পিছত খিতাপৰপৰা অপসাৰণ কৰা হয়। আয়োজকসকলে দাবী কৰে যে মে মায়াট নোৱে জয়ৰ পিছত তেওঁৰ কৰ্মসূচীক লৈ বাৰে বাৰে অভিযোগ কৰিছিল আৰু অতিৰিক্ত খৰচ নিদিয়াকৈ সেই ৩ মাহৰ সময়ছোৱাত মাক তেওঁৰ লগত থকাটো বিচাৰিছিল। আয়োজকসকলে লগতে দাবী কৰিছিল যে তেওঁৰ ব্যৱহাৰ অশোভনীয় আছিল আৰু তেওঁ ফোন কলৰ উত্তৰ দিয়া নাছিল।৯১০১১
সংবাদ-মেলত মে মায়াট নোৱে আয়োজকসকলক সমালোচনা কৰি কয়, "মই এই মুকুটটোৰ বাবে গৌৰৱ অনুভৱ কৰা নাই, এনে বেয়া সুনাম থকা সংস্থাৰপৰা মোক মুকুট নালাগে। কিন্তু কোৰিয়ানসকলে ক্ষমা নোখোজা পৰ্যন্ত মই ইয়াক ঘূৰাই নিদিওঁ। কেৱল মোৰ ওচৰতেই নহয়, মোৰ দেশৰ ওচৰতো ক্ষমা খুজিব লাগে কাৰণ তেওঁলোকে দেশখনৰ এখন বেয়া ছবি দাঙি ধৰিছে।" তেওঁ কয় যে তেওঁ বৰ্মিজ কৰ্তৃপক্ষক মুকুটটো হস্তান্তৰ কৰিব কিন্তু আনুষ্ঠানিক ক্ষমা নোখোজা পৰ্যন্ত দক্ষিণ কোৰিয়াৰ আয়োজকসকললৈ ইয়াক ঘূৰাই পঠিয়াবলৈ নিদিয়ে।১২১৩ তেওঁ লগতে উল্লেখ কৰে যে ১৬বছৰীয়া কিশোৰী হোৱা সত্ত্বেও তেওঁক কোৰিয়াৰ ধনী ব্যৱসায়ীসকলক সংগ দিবলৈ বাধ্য কৰা হৈছিল: "মোক কোৱা হৈছিল যে মোৰ মিউজিক এলবাম নিৰ্মাণৰ বাবে পুঁজি যোগাৰ কৰিবলৈ তেওঁলোকৰ প্ৰয়োজন অনুসৰি কিছুমান ব্যাৱসায়িক টাইকুনক সংগ দিয়াৰ আমন্ত্ৰণ মই গ্ৰহণ কৰিব লাগিব।" ১৪
ম্যানমাৰৰ ইয়াংগুনত ১৪ ছেপ্টেম্বৰত এমবিচি টিভিৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ কয়, "মই এতিয়াও নাবালিকা। যদি মই মোৰ স্তনৰ অস্ত্ৰোপচাৰ কৰিছোঁ বুলি কোৱা হয়, তেন্তে এই সংস্থাটো পিছপৰা। যেতিয়া মই আৰু মোৰ মায়ে অস্ত্ৰোপচাৰৰ সন্মতি পত্ৰত চহী কৰিছিলোঁ, মই ভাবিছিলোঁ যে এয়া স্বাস্থ্য পৰীক্ষাৰ বাবেহে। মই চহীটোৰ অৰ্থ নাজানিছিলোঁ।" ইয়াৰ পিছতে পোহৰলৈ আহে যে ২০১৩ চনত ইয়াংগুনত অনুষ্ঠিত হোৱা এখন স্থানীয় প্ৰতিযোগিতাত অংশ ল’বলৈ নোৱে নিজৰ বয়সৰ বিষয়ে মিছা মাতিছিল।১৫১৬ ২০১৫ চনৰ ছেপ্টেম্বৰ মাহত সংস্থাটোৱে মে মায়াট নোৱেৰ বিৰুদ্ধে মানহানি, মিছা অভিযোগ আৰু ব্যৱস্থাপনা চুক্তি উলংঘাৰ বাবে ছিউলৰ গ্যাংনাম আৰক্ষী থানাত গোচৰ তৰে।১৭১৮
সংস্থাটোৱে ২০১৫ চনৰ ছেপ্টেম্বৰ মাহত নোৱেক মানহানিৰ বাবে আনুষ্ঠানিকভাৱে অভিযুক্ত কৰে।১৯
খিতাপধাৰীসকল
| বৰ্ষ | দেশ | মিছ এছিয়া পেচিফিক ৱৰ্ল্ড | ৰাষ্ট্ৰীয় খিতাপ | স্থান | প্ৰতিনিধি |
|---|---|---|---|---|---|
| ২০১৪ | শ্বেতা ৰাজ | মিছ ডিভা | ছিউল, দক্ষিণ কোৰিয়া | ২৭ | |
| মে মায়াট নোৱে (অপসাৰিত) | মিছ ম্যানমাৰ | ৪১ | |||
| ২০১৩ | সৃষ্টি ৰাণা | মিছ ডিভা | ৩৯ | ||
| ২০১২ | হিমাংগিনী সিং যদু | আই এম শ্বী–মিছ ইউনিভাৰ্ছ ইণ্ডিয়া | ৩৯ | ||
| ২০১১ | ডায়ানা ষ্টাৰ্কোভা (স্থলাভিষিক্ত) | মিছ ৰাছিয়া | বুছান, দক্ষিণ কোৰিয়া | ৫৪ | |
| ফ্ল’ৰিমা ট্ৰেইবাৰ (অপসাৰিত) | মিছ ইউক্ৰেইন |
টোকা: ২০১৫ চনৰপৰা প্ৰতিযোগিতাখনৰ নাম সলনি কৰি মিছ ছুপাৰটেলেণ্ট অৱ দ্য ৱৰ্ল্ড ৰখা হৈছে।
বাহ্যিক সংযোগ
- Logo for the Pageant: Miss Asia Pacific World Logo
তথ্যসূত্ৰ
- ↑ (19 October 2011). Bristol teenage beauty queen flees South Korean pageant. BBC
- ↑ "Indore girl wins Miss Asia Pacific 2012 " CNN IBN
- ↑ Srishti Rana wins Miss Asia Pacific World 2013 Beauty Pageant
- ↑ Sex scandal at Miss Asia Pacific World Photogenic 2011, won by a Romanian. Contestant makes shocking disclosures. Bucharest Herald
- ↑ Confessions of A Beauty Queen. Amy Willerton
- ↑ (23 May 2012). 한국경찰에 무릎 꿇은 BBC'... JoongAng Medie Network
- ↑ (10 May 2013). 한국 주최 미인대회 BBC 오보 관련 소송 본격 시작. Christianity Daily
- ↑ Lee, Tae-hoon. (3 September 2014). A Little Truth About Miss Asia Pacific World. The Korea Observer
- ↑ Lee Tae-hoon. Organizer lied about Myanmar beauty queen's age, dethroned her over human rights complaints. Korea Observer
- ↑ May Myat Noe dethroned amid theft claims. Myanmar Times=1 September 2014
- ↑ (28 August 2014). Miss Myanmar stripped-of Miss-Asia Pacific World title. National Multimedia
- ↑ Dethroned Myanmar beauty queen 'wants apology in return for crown'. BBC
- ↑ Dethroned Myanmar Beauty Queen Blasts Pageant Boss. ABC News
- ↑ Lee, Tae-hoon. (2 September 2014). Myanmar beauty queen admits she is only 15 and was asked to escort business tycoons. The Korea Observer
- ↑ (4 September 2014). Interview with Hla Nu Tun, National Director of Miss Asia Pacific World 2014. MyanmarCelebrity TV
- ↑ (2 October 2014). Miss Asia Pacific World Organization file criminal charges against pageant winner Miss Myanmar May Myat Noe Aung. 6Theory Media
- ↑ 미스 미얀마 아웅 " 건강검진인줄 알고 가슴 성형 동의서에 사인". Newspim
- ↑ 국제 미인대회 조직위 "미스 미얀마 아웅, 스스로 가슴수술 선택했다"…진실은... MBN
- ↑ Miss Asia Pacific World Organization file criminal charges against pageant winner Miss Myanmar May Myat Noe Aung. Allkpop
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মিছ এছিয়া পেচিফিক ৱৰ্ল্ড” প্ৰবন্ধৰ সংশোধন ৬১৯০৭২ (২৩ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।