অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

জনপ্ৰিয় সংস্কৃতিত বিকিনি

আধুনিক বিকিনি (ইংৰাজী: Bikini) পোনপ্ৰথমবাৰৰ বাবে ১৯৪৬ চনত দেখা গৈছিল আৰু তেতিয়াৰপৰাই ই জনপ্ৰিয় সংস্কৃতিৰ এক অংশ হৈ পৰিছে। ই মহিলাৰ অন্যতম বহুল ব্যৱহৃত সাঁতুৰিবলৈ পিন্ধা পোচাক (swimsuit), যিটো সাঁতোৰৰ উপৰি অন্যান্য বহুতো ক্ষেত্ৰতো ব্যৱহাৰ কৰা হয়।

হালনাগাদ: ৩১ মাৰ্চ ২০২৬ ৪৬৭ শব্দ · ৩ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

আধুনিক বিকিনি (ইংৰাজী ভাষা: Bikini) পোনপ্ৰথমবাৰৰ বাবে ১৯৪৬ চনত দেখা গৈছিল আৰু তেতিয়াৰপৰাই ই জনপ্ৰিয় সংস্কৃতিৰ এক অংশ হৈ পৰিছে। ই মহিলাৰ অন্যতম বহুল ব্যৱহৃত সাঁতুৰিবলৈ পিন্ধা পোচাক (swimsuit), যিটো সাঁতোৰৰ উপৰি অন্যান্য বহুতো ক্ষেত্ৰতো ব্যৱহাৰ কৰা হয়। বৰ্তমান বিভিন্ন প্ৰতিযোগিতা, চলচ্চিত্ৰ, আলোচনী, সংগীত, সাহিত্য আৰু ভিডিঅ' গেমত বিকিনিৰ উপস্থিতি দেখা যায়। ইয়াতকৈ অধিক অনাবৃত গ্লেমাৰ পোচাক উপলব্ধ হোৱা সত্ত্বেও বিকিনি মডেলিং এতিয়াও জনপ্ৰিয় আৰু ই কেতিয়াবা বিতৰ্কৰো সৃষ্টি কৰিব পাৰে। জনপ্ৰিয় সংস্কৃতিত বিকিনিৰ চিত্ৰণে বহু পৰিমাণে পশ্চিমীয়া সমাজত ইয়াৰ গ্ৰহণযোগ্যতা বৃদ্ধিত সহায় কৰিছিল। ১৯৬০ চনত ব্ৰায়ান হাইলেণ্ডৰ পপ গীত "ইটচি বিটচি টিনি উইনি য়েলো পোলকাডট বিকিনি"-য়ে বিকিনি ক্ৰয়ৰ এক ঢৌৰ সৃষ্টি কৰিছিল।১ ১৯৬২ চনৰ জেমছ বণ্ডৰ চলচ্চিত্ৰ ডক্টৰ নো-ত উৰ্চুলা এণ্ড্ৰেছে হানী ৰাইডাৰ হিচাপে পিন্ধা বগা বিকিনিটোক সৰ্বকালৰ অন্যতম বিখ্যাত বিকিনি হিচাপে অভিহিত কৰা হৈছে।২৩৪৫ ১৯৬৩ চনৰ চলচ্চিত্ৰ বীচ পাৰ্টি-য়ে বিকিনিক এক পপ-সংস্কৃতিৰ প্ৰতীক কৰি তোলাৰ ক্ষেত্ৰত এক জোৱাৰ আনিছিল। প্লেবয় আলোচনীয়ে ১৯৬২ চনত পোনপ্ৰথমবাৰৰ বাবে ইয়াৰ বেটুপাতত বিকিনিক স্থান দিছিল। ইয়াৰ দুবছৰৰ পাছত 'স্পৰ্টছ ইলাষ্ট্ৰেটেড চুইমচুট ইছ্যু'ৰ আৰম্ভণি হয়। এনে বৰ্ধিত জনপ্ৰিয়তা সমসাময়িক চলচ্চিত্ৰসমূহৰদ্বাৰাও শক্তিশালী হৈছিল, যেনে ৰেকুৱেল ৱেলচ অভিনীত ৱান মিলিয়ন য়েৰ্ছ বিচি (১৯৬৬)।৬ ৱান মিলিয়ন য়েৰ্ছ বিচি-ত ৰেকুৱেল ৱেলচৰ নোমাল বিকিনিটো চিনেমা ইতিহাসৰ এক বিখ্যাত মুহূৰ্ত হৈ পৰিছে।৭ মেৰিলিন মনৰো, জেন মেনচফিল্ড, গিনা ল’লোঁব্ৰিজিডা আৰু জেন ৰাছেলৰ দৰে হলিউড তাৰকাসকলেও বিকিনিৰ জনপ্ৰিয়তা বৃদ্ধিত সহায় কৰিছিল। বিশ্বজুৰি বিতৰণ কৰা মনৰো, মেনচফিল্ডৰ লগতে হেৱৰ্থ, বাৰডট আৰু ৰেকুৱেল ৱেলচৰ পিন-আপ পষ্টাৰসমূহে বিকিনিৰ জনপ্ৰিয়তাত উল্লেখনীয় অৱদান আগবঢ়াইছিল।৮

বিকিনি প্ৰতিযোগিতা

বিকিনি প্ৰতিযোগিতা হ’ল একপ্ৰকাৰৰ প্ৰাপ্তবয়স্ক মনোৰঞ্জন য’ত মহিলাসকলে সুন্দৰী প্ৰতিযোগিতা হিচাপে বিকিনি পিন্ধি ইজনে আনজনৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হয়। এই প্ৰতিযোগিতাবোৰ বাৰ, নাইট ক্লাব, ষ্ট্ৰিপ ক্লাব, সাগৰীয় তীৰ আৰু সুন্দৰী প্ৰতিযোগিতাৰ লগতে বক্সিং বা মল্লযুদ্ধৰ বিৰতিৰ সময়ত আৰু কাৰ-শ্ব’বোৰত অনুষ্ঠিত হ’ব পাৰে। বডিবিল্ডিং প্ৰতিযোগিতাতো বিকিনি প্ৰতিযোগিতাৰ খণ্ড থাকিব পাৰে। বৰ্তমান চুইমচুট প্ৰতিযোগিতাবোৰত মহিলাসকলে বিকিনি পিন্ধাটো অধিক সুলভ হৈ পৰিছে। ইণ্টাৰনেটৰ জৰিয়তেও বিকিনি পৰিহিত নিজৰ ছবি প্ৰেৰণ কৰি মহিলাসকলে এনে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰে।

বিপণনৰ উদ্দেশ্যে বা নিজৰ সামগ্ৰীৰ প্ৰচাৰৰ বাবে নতুন প্ৰতিভা বিচাৰি উলিয়াবলৈ সংশ্লিষ্ট কোম্পানীসমূহে বিকিনি প্ৰতিযোগিতাৰ আয়োজন বা পৃষ্ঠপোষকতা কৰিব পাৰে।৯ 'মিছ হাৱাইয়ান ট্ৰপিক' প্ৰতিযোগিতাখন প্লেটেক্সৰদ্বাৰা তেওঁলোকৰ ছানটান লোচন "হাৱাইয়ান ট্ৰপিক"ৰ প্ৰচাৰৰ বাবে আয়োজন কৰা হয়। এনঅ’পিআই-য়ে (NOPI) বাৰ্ষিক "হট ইমপ’ৰ্ট নাইটছ" বিকিনি প্ৰতিযোগিতা পৰিচালনা কৰে, যিখন আটলাণ্টা আৰু জৰ্জিয়াৰ ইমপ’ৰ্ট কাৰ-শ্ব’ৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত কৰা হয়। ইয়াৰ উপৰি 'হুটাৰ্ছ' (Hooters) বিকিনি প্ৰতিযোগিতাও বাৰ্ষিকভাৱে অনুষ্ঠিত হয়।

বিকিনি প্ৰতিযোগিতাৰ কিছুমান প্ৰতিযোগীয়ে স্তন আৰু ওঁঠৰ পৰিৱৰ্ধনৰ বাবে প্লাষ্টিক চাৰ্জাৰীও কৰে। পৃথিৱীৰ কিছুমান প্ৰান্তত বিকিনি প্ৰতিযোগিতাই এতিয়াও বিতৰ্কৰ সৃষ্টি কৰিব পাৰে। ২০০৬ চনত যেতিয়া মাৰিয়া মটেন চীনৰ বেইহাইত অনুষ্ঠিত 'মিছ বিকিনি অব দ্য ইউনিভাৰ্চ' প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছিল,১০ তেওঁ বিকিনি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰথমগৰাকী পাকিস্তানী ছোৱালী আছিল,১১ যাৰ ফলত তেওঁৰ নিজৰ দেশত তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছিল।১২১৩ তেওঁ প্ৰতিযোগিতাখনৰ আটাইতকৈ বেছি আলোকচিত্ৰ লোৱা অংশগ্ৰহণকাৰী হিচাপে পৰিগণিত হৈছিল আৰু 'বেষ্ট ইন মিডিয়া/মিছ প্ৰেছ' খিতাপ অৰ্জন কৰিছিল।১৪ এদুবছৰৰ পাছত তেওঁ 'মিছ এছিয়া ইণ্টাৰনেশ্যনেল' প্ৰতিযোগিতা আৰু মিছ এছিয়া ৱৰ্ল্ডত দ্বিতীয় ৰানাৰ্ছ-আপ হৈছিল। ইয়াৰ উপৰি তেওঁ ২০০৭ চনৰ 'চেক্সী চাউথ এছিয়ান গাৰ্লছ' কেলেণ্ডাৰৰ বেটুপাততো স্থান লাভ কৰিছিল।১৫১৬

তথ্যসূত্ৰ

  1. ↑ (August 21, 2006). Bikinis Exposed: Happy 60th Anniversary!. JustLuxe.com
  2. ↑ Bennett, Will. (January 13, 2011). Former Bond girl to sell Dr No bikini. The Telegraph
  3. ↑ Porterfield, Sally F.; Polette, Keith; Baumlin, Tita French. (October 8, 2009). Perpetual adolescence: Jungian analyses of American media, literature, and pop culture. SUNY Press. পৃ. 118. ISBN 978-1-4384-2799-7
  4. ↑ Bensimon, Kelly Killoren. (June 5, 2006). The bikini book. Thames & Hudson. ISBN 978-0-500-51316-3
  5. ↑ Lindner, Christoph. (August 4, 2009). The James Bond Phenomenon: A Critical Reader. Manchester University Press. ISBN 978-0-7190-8095-1
  6. ↑ James Kitchling, Short History of Bikinis and Swimsuits, 3X24 News Magazine
  7. ↑ Cambridge Film Trust. (2016). One Million Years B.C. Cambridge Film Festival. Retrieved December 5, 2016
  8. ↑ Lorna Edwards, "You've still got it, babe, The Age, June 3, 2006
  9. ↑ (May 29, 2000). Inside Line: Homemade bikini contest marks 12th year. Advertising Age. Crain Communications Inc
  10. ↑ "Bikini-clad entrants vie for 'Queen Pearl' title". China Daily. August 12, 2006
  11. ↑ (September 4, 2006). Pakistan's first Miss Bikini!. Tribune (Pakistan)
  12. ↑ "'Miss Bikini' did not represent Pakistan, says official". Dawn.com (Pakistan). September 8, 2006
  13. ↑ "Agents of change or miss-representations?". Times of India (Delhi). September 9, 2006
  14. ↑ (September 3, 2006). Pakistan's first Miss Bikini 2006. Daily Times
  15. ↑ "Beauty queen's calendar image draws hate titles". Gulf News. Al Nisr Publishing LLC. January 23, 2007
  16. ↑ "From Miss Pak to the Sexy SA Girls of 2007". DNA (India). Diligent Media Corporation. January 21, 2007

সম্পৰ্কিত শ্ৰেণী

সংস্কৃতিসৌন্দৰ্য প্ৰতিযোগিতাপোচাক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জনপ্ৰিয় সংস্কৃতিত বিকিনি” প্ৰবন্ধৰ সংশোধন ৫৯৮৬৮৫ (৩১ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।