ফেমিনা মিছ মণিপুৰ কুইন বা মিছ ইণ্ডিয়া মণিপুৰ কুইন হ’ল এক বাৰ্ষিক সুন্দৰী প্ৰতিযোগিতা, যিয়ে মণিপুৰৰ পৰা প্ৰতিনিধি নিৰ্বাচন কৰি মিছ ইণ্ডিয়া আৰু তাৰ পৰা মিছ ৱৰ্ল্ডত প্ৰতিযোগিতা কৰিবলৈ পঠায়। এই অনুষ্ঠানটো ৰবাৰ্ট নাওৰেমৰ তত্ত্বাৱধানত "ৰবাৰ্ট নাওৰেম ষ্টুডিঅ' এণ্ড একাডেমী"ৰ দ্বাৰা আয়োজন কৰা হয়। ই উত্তৰ-পূব ভাৰতৰ অন্যতম চৰ্চিত সুন্দৰী প্ৰতিযোগিতা। ইয়াৰ সৈতে মিছ মণিপুৰ, মিছ কাংলেইপাক আৰু মিছ মেইটেই চানু প্ৰতিযোগিতাসমূহো সমান্তৰালভাৱে চলি থাকে।
বৰ্তমানৰ ফেমিনা মিছ মণিপুৰৰ খিতাপধাৰীগৰাকী হ’ল ইম্ফলৰ থৌনাওজাম ষ্ট্ৰেলা লুৱাং, যাৰ পূৰ্বৰ খিতাপধাৰী আংগোবী চানু লৌকৰাকপামৰ পৰা ইম্ফলত এই মুকুট লাভ কৰিছিল।
ইতিহাস

২০১৭ চনত ৰবাৰ্ট নাওৰেমৰ দ্বাৰা ‘ৰবাৰ্ট নাওৰেম ষ্টুডিঅ’ এণ্ড একাডেমী’ৰ উদ্যোগত পোনপ্ৰথমবাৰৰ বাবে ‘ফেমিনা মিছ মণিপুৰ’ অনুষ্ঠানটো আয়োজন কৰা হৈছিল। ইয়াৰ উদ্দেশ্য হ’ল ফেমিনা মিছ ইণ্ডিয়াত প্ৰতিযোগিতা কৰিবলৈ মণিপুৰৰ পৰা প্ৰতিনিধি নিৰ্বাচন কৰা। কাঞ্চন চইবাম মিছ ইণ্ডিয়া অনুষ্ঠানত মণিপুৰক প্ৰতিনিধিত্ব কৰা প্ৰথমগৰাকী প্ৰতিযোগী হৈছিল। সাধাৰণ মিছ মণিপুৰ প্ৰতিযোগিতাখন ফেমিনা মিছ মণিপুৰ কুইনতকৈ পৃথক আৰু ইয়াৰ মিছ ইণ্ডিয়া অনুষ্ঠানত প্ৰৱেশৰ অধিকাৰ নাই। ফেমিনা মিছ মণিপুৰ মণিপুৰৰ একমাত্ৰ অনুষ্ঠান, যাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ সুন্দৰী প্ৰতিযোগিতাৰ সৈতে সংযোগ আছে।১
২০১৮ চনৰ ফেমিনা মিছ মণিপুৰ প্ৰতিযোগিতাক লৈ বিতৰ্ক
২০১৮ চনৰ ফেমিনা মিছ মণিপুৰ হিচাপে নিমৃত কৌৰ আহলুৱালিয়াক নিৰ্বাচিত কৰাক লৈ ব্যাপক প্ৰতিবাদ হৈছিল, কাৰণ তেওঁ পঞ্জাবৰ বাসিন্দা আৰু মণিপুৰৰ নহয়। কাংলেইপাক ষ্টুডেণ্টছ এছ’চিয়েশ্যনে (KSA) তেওঁক মণিপুৰ ৰাজ্যক প্ৰতিনিধিত্ব কৰিবলৈ নিৰ্বাচন কৰাত আপত্তি দৰ্শাইছিল। পিছলৈ এই অনুষ্ঠানৰ দায়িত্বত থকা ফেশ্বন ডিজাইনাৰ ৰবাৰ্ট নাওৰেম-এ স্পষ্টীকৰণ দিবলগীয়া হয় আৰু আশ্বস্ত কৰে যে এই প্ৰতিযোগিতাখন সুন্দৰী প্ৰতিযোগিতাৰ জৰিয়তে খিলঞ্জীয়া লোকসকলক প্ৰচাৰ কৰাৰ দৃঢ় উদ্দেশ্যৰে আয়োজন কৰা হৈছিল। তেওঁ স্পষ্টীকৰণ দিছিল যে ফেমিনা মিছ ইণ্ডিয়া অৰ্গেনাইজেশ্যনে নিৰ্ধাৰিত নিয়ম অনুসৰি নিমৃত কৌৰ আহলুৱালিয়াৰ নাম ফেমিনা মিছ মণিপুৰ কুইন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ এগৰাকী যোগ্য প্ৰাৰ্থী হিচাপে অনুমোদন জনাইছিল।২৩৪৫
তথ্যসূত্ৰ
- ↑ (23 March 2017). Manipur: In a first,Soibam Kanchan Chanu to represent state in Femina Miss India 2017!
- ↑ KSA fumes over nomination of non-local beauty: 14th mar18 ~ E-Pao! Headlines. www.e-pao.net
- ↑ Robert Naorem Journey of the man behind the scene - E-rang:: E-pao Movie Channel. e-pao.org
- ↑ Robert Naorem breaks silence on beauty pageant controversy: 15th mar18 ~ E-Pao! Headlines. e-pao.net
- ↑ Editorial, Signpost. (2022-12-30). Miss in every Leikai, yet none ready for Femina Miss Manipur. Signpost News
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফেমিনা মিছ মণিপুৰ” প্ৰবন্ধৰ সংশোধন ৫৯৯৪৪৮ (১ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।