অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

মালয়েছিয়াৰ বাঘ

মালয়েছিয়াৰ বাঘ (Malayan tiger), (বৈজ্ঞানিক নাম: Panthera tigris jacksoni) মালয় উপদ্বীপ অঞ্চলত পোৱা বাঘৰ এটা উপপ্ৰজাতি। ২০০৩ চনৰ হিচাপ অনুসৰি বৰ্তমান ৪৯৩ৰ পৰা ১,৪৮০টা প্ৰাপ্তবয়স্ক বাঘ জীয়াই থকাৰ বাবে ২০০৮ চনত ইয়াক আই ইউ চি এন দ্বাৰা সংকটজনকভাৱে বিপন্ন বুলি ঘোষণা কৰা হয়।

হালনাগাদ: ৭ আগষ্ট ২০২৬ ৭৬৫ শব্দ · ৪ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

মালয়েছিয়াৰ বাঘ (Malayan tiger), (বৈজ্ঞানিক নামকৰণ পদ্ধতি: Panthera tigris jacksoni) মালয় উপদ্বীপ অঞ্চলত পোৱা বাঘৰ এটা উপপ্ৰজাতি। ২০০৩ চনৰ হিচাপ অনুসৰি বৰ্তমান ৪৯৩ৰ পৰা ১,৪৮০টা প্ৰাপ্তবয়স্ক বাঘ জীয়াই থকাৰ বাবে ২০০৮ চনত ইয়াক আই ইউ চি এন দ্বাৰা সংকটজনকভাৱে বিপন্ন বুলি ঘোষণা কৰা হয়। এই উপপ্ৰজাতিটোৰ মুঠ ২৫০টা পূৰ্ণবয়স্ক বাঘ আছে আৰু ই বিলুপ্তিৰ পথত।। এই বাঘ মালয়েছিয়াৰ জাতীয় প্ৰাণী।মালয় ভাষাত বাঘক হৰিমউ Harimau বুলি কোৱা হয়, আৰু সংক্ষিপ্ত ৰূপত ৰিমউ Rimau বুলিও কোৱা হয়।১ইয়াক দক্ষিণ ইণ্ডোচাইনিজ বাঘ বুলিও জনা যায়, উত্তৰ দিশৰ ম্যানমাৰ আৰু থাইলেণ্ডৰ ইণ্ডোচাইনিজ বাঘৰ পৰা ই বংশগতভাৱে পৃথক প্ৰজাতিৰ বাঘ ২।

বৈশিষ্ট্য

সন্মুখৰ পৰা মালয়েছিয়াৰ বাঘৰ মূৰ
সন্মুখৰ পৰা মালয়েছিয়াৰ বাঘৰ মূৰছবি: Greg Hume · CC BY-SA 3.0

মালয়েছিয়াৰ বাঘ আৰু ইণ্ডোচাইনিজ বাঘৰ মাজত কোনো স্পষ্ট পাৰ্থক্য দেখা পোৱা নাযায়, দুয়োটা অঞ্চলৰ বাঘৰ তুলনামূলক অধ্যয়নত কোনো নিৰ্দিষ্ট পাৰ্থক্য বিচাৰি পোৱা নাই।৩ মালয়েছিয়াৰ বাঘ ঢেঁকীয়াপতীয়া বাঘতকৈ সৰু।১১টা মতা আৰু ৮টা মাইকী বাঘৰ জোখৰ পৰা উলিওৱা এটা মতা বাঘৰ গড় দৈৰ্ঘ্য ৮ ফুট ৬ ইঞ্চি (২৫৯ ছেন্টিমিটাৰ) আৰু বাঘিনীৰ গড় দৈৰ্ঘ্য ৭ ফুট ১০ ইঞ্চি (২৩৯ ছেন্টিমিটাৰ)৪।তেৰেংগানু ৰাজ্যৰ ১৬টা মাইকী বাঘৰ শৰীৰৰ দৈৰ্ঘ্য ১৮০ ছেন্টিমিটাৰৰ পৰা ২৬০ ছেন্টিমিটাৰ আৰু গড় দৈৰ্ঘ্য ২০৩ ছেন্টিমিটাৰ আছিল। ইহঁতৰ উচ্চতা ৫৮ ছেন্টিমিটাৰৰ পৰা ১৯৫ ছেন্টিমিটাৰ আৰু ইহঁতৰ শৰীৰৰ ওজন ২৪ কিলোগ্ৰামৰ পৰা ৮৮ কিলোগ্ৰামৰ ভিতৰত আছিল, আৰু ২১ টা মতা বাঘৰ তথ্যই দেখুৱাইছে যে ইহঁতৰ দৈৰ্ঘ্য ১৯০ ছেন্টিমিটাৰৰ পৰা ২৮০ ছেন্টিমিটাৰৰ ভিতৰত, গড়ে ২৩৯ ছেন্টিমিটাৰ আৰু ইহঁতৰ উচ্চতা ৬১ ছেন্টিমিটাৰ পৰা ১১৪ ছেন্টিমিটাৰৰ ভিতৰত আৰু ইহঁতৰ শৰীৰৰ ওজন ৪৭. ২ কিলোগ্ৰামৰ পৰা ১৯২. ১ কিলোগ্ৰামৰ ভিতৰত আছিল।

শ্ৰেণীবিভাজন

১৭৫৮ চনত Felis tigris নামটো কাৰ্ল লিনিয়াছে বাঘৰ বৈজ্ঞানিক নামকৰণ পদ্ধতি হিচাপে ব্যৱহাৰ কৰে।৫। ১৯৬৮ চনত ভ্ৰাতিচলাভ মাজাকে দক্ষিণ-পূব এছিয়াৰ বাঘৰ উপপ্ৰজাতিৰ বাবে Panthera tigris corbetti নামটো প্ৰস্তাৱ কৰিছিল।৬৭।২০০৪ চনত P. t. corbetti ৰ জিনীয় বিশ্লেষণৰে মালয়েছিয়া বাঘক Panthera tigris jacksoni উপপ্ৰজাতি হিচাপে নামাকৰণ কৰে। ২ ২০১৭ চনৰ জীৱবিজ্ঞান শ্ৰেণীবিভাজনৰ পুনৰীক্ষণৰ পিছৰে পৰা মালয়েছিয়া বাঘক P. t. tigris বুলি নামাকৰণ কৰা হয়, কিন্তু ২০১৮ চনত প্ৰকাশিত এক জেনেটিক অধ্যয়নে ৩২ টা নমুনাৰ বিশ্লেষণ আগবঢ়াই, আৰু মালয় বাঘ অন্যান্য মূল ভূখণ্ড এছিয়া বাঘৰ নমুনাৰ পৰা পৃথক যেন দেখা গৈছিল।৮

নামকৰণ

২০০৪ চনত মালয় উপদ্বীপৰ বাঘৰ জনসংখ্যাক এক সুকীয়া উপপ্ৰজাতি হিচাপে গ্ৰহণ কৰা হয়, তেতিয়া মালয়েছিয়ান এছ'চিয়েচন অৱ চিৰিয়াখানা, উদ্যান আৰু একুৰিয়াৰ অধ্যক্ষই যুক্তি দিছিল যে ইয়াৰ ভৌগলিক পৰিসৰৰ প্ৰতিফলক হিচাপে নতুন উপ-প্ৰজাতিটোৰ নাম Panthera tigris malayensisপেন্থেৰা টাইগ্ৰিছ মালয়েন্সিছ ৰখা উচিত ৯.। সমিল-মিল হিচাপে ই স্থানীয় ভাষাৰ নাম মালয়ান বাঘ (Malayan tiger) আৰু বৈজ্ঞানিক নাম জেকচনি (jacksoni) লাভ কৰে, যিয়ে বাঘ সংৰক্ষণবিদ পিটাৰ জেকচনক সন্মান জনায়।১০১১

পৰিৱেশ আৰু আচৰণ

খেলি থকা অবস্থাত দুটা মাইকী পোৱালি বাঘ
খেলি থকা অবস্থাত দুটা মাইকী পোৱালি বাঘছবি: Malcolm · CC BY-SA 2.0

এছিয়ান ক'লা ভালুক আৰু গছ ভালুকৰ দৰে মালয়েছিয়াৰ বাঘে দল-হৰিণা, সুগৰী পহু, ভাৰতীয় সুগৰী হৰিণা, নল-গাহৰি, বৰ্ণিয়ান দাড়ি থকা গাহৰি আৰু দেও ছাগলী চিকাৰ কৰে।১২

ভাবুকি

উন্নয়ন প্ৰকল্প আৰু কৃষি কাৰ্য্যৰ বাবে বাসস্থানৰ খণ্ডিতকৰণ এক গুৰুতৰ ভাবুকি।১৯৮৮ চনৰ পৰা ২০১২ চনৰ ভিতৰত মালয়েছিয়া উপদ্বীপত প্ৰায় ১৩,৫০০ বৰ্গ কিলোমিটাৰ প্ৰাকৃতিক অৰণ্য ভূমি হেৰাই গৈছে। প্ৰায় ৬৪,৮০০ বৰ্গ কিলোমিটাৰৰ বৃহৎ পৰিসৰৰ এলেকা ঔদ্যোগিক বাগিচালৈ ৰূপান্তৰিত কৰা হৈছিল, মূলতঃ পাম তেল উৎপাদনৰ বাবে।ইয়াৰে প্ৰায় ৮,৩০০ বৰ্গ কিলোমিটাৰ এলেকা বাঘৰ প্ৰধান বাসস্থান আছিল।.১৩বাঘ থকা প্ৰায় সকলো ৰাষ্ট্ৰতে চোৰাং চিকাৰ বিভিন্ন মাত্ৰাত হোৱা দেখা যায়। মালয়েছিয়াত শেহতীয়া বছৰবোৰত বাঘৰ মাংস আৰু বাঘৰ হাড়ৰ পৰা নিৰ্মিত ঔষধৰ বিভিন্ন ঘৰুৱা গঢ়ি উঠিছে।১৪২০০১ চনৰ পৰা ২০১২ চনৰ ভিতৰত মালয়েছিয়াত কমেও ১০০ টা বাঘৰ শৰীৰৰ অংগ জব্দ কৰা হৈছিল। ২০০৮ চনত আৰক্ষীয়ে এখন চিৰিয়াখানাত ১৯টা ফ্ৰ’জেন বাঘৰ পোৱালি উদ্ধাৰ কৰিছিল। ২০১২ চনত ২২ টা বাঘৰ ছাল আৰু হাড় জব্দ কৰা হৈছিল।১৫চীনা পৰম্পৰাগত চিকিৎসাত ব্যৱহৃত বাঘৰ শৰীৰৰ অংগৰ চাহিদাই ভিয়েটনাম, থাইলেণ্ড আৰু কম্বোডিয়াৰ চোৰাংচিকাৰীকো আকৰ্ষণ কৰে যেন লাগে। ২০১৪ চনৰ পৰা ২০১৯ চনৰ ভিতৰত চোৰাং চিকাৰ বিৰোধী ইউনিটসমূহে সংৰক্ষিত অঞ্চলৰ পৰা প্ৰায় ১,৪০০ চিকাৰী ফান্দ আঁতৰাই পেলাইছিল।১৬১৭১৮

সাংস্কৃতিক পৰম্পৰা

মালয় বাঘ মালয়েছিয়াৰ ৰাষ্ট্ৰীয় প্ৰাণী। ১৯১৯ শতিকাৰ কাল্পনিক জলদস্যু Sandokan 'ৰ Emilio Salgari 'ৰ উপন্যাসৰ নায়কজনক মালয়েছিয়াৰ বাঘ বুলি জনা যায়।২০

সংৰক্ষণ

মালয়েছিয়া বাঘক বন্য প্ৰাণী আৰু উদ্ভিদৰ লুপ্তপ্ৰায় প্ৰজাতিসমূহৰ আন্তৰ্জাতিক বাণিজ্যৰ নিয়মাৱলীৰ প্ৰথম তালিকাত অন্তৰ্ভুক্ত কৰি ইয়াৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য নিষিদ্ধ কৰা হৈছে। সকলো টাইগাৰ ৰেঞ্জ, ৰাষ্ট্ৰ আৰু গ্ৰাহক থকা দেশসমূহে ঘৰুৱা বাণিজ্যও নিষিদ্ধ কৰিছে। “মালয়েছিয়ান কনজাৰ্ভেচন এলায়েন্স ফৰ টাইগাৰছ” (MYCAT) হৈছে মালয়েছিয়ান নেচাৰ ছ'চাইটিৰ দ্বাৰা গঠিত বেচৰকাৰী সংস্থাসমূহৰ গোট (MNS), ট্ৰেফিক (সংৰক্ষণ কাৰ্য্যসূচী)দক্ষিণ -পূব এছিয়া, বন্যপ্ৰাণী সংৰক্ষণ সমিতি-মালয়েছিয়া কাৰ্যসূচী আৰু প্ৰকৃতিৰ বাবে বিশ্বব্যাপী পুঁজি (WWF-মালয়েছিয়া)।"২১ইয়াৰ উপৰিও বন্যপ্ৰাণী আৰু ৰাষ্ট্ৰীয় উদ্যান বিভাগ অন্তৰ্ভুক্ত।২২ ২০০৭ চনত তেওঁলোকে বাঘ সম্পৰ্কীয় অপৰাধ, যেনে চোৰাং চিকাৰৰ খবৰ দিবলৈ হটলাইন ৰূপায়ণ কৰে। ২৩চোৰাং চিকাৰক বাধা দিবলৈ তেওঁলোকে কেট ৱাকৰ আয়োজন কৰে, যিটো বিপদজনক অঞ্চলত তাৰ নাগৰিকে টহল দিয়ে। .২৪ MYCAT ৰ লক্ষ্য বাঘৰ সংখ্যা বৃদ্ধি কৰা। ২৫ ২০২১ চনৰ নৱেম্বৰ মাহত মালয়েছিয়াৰ কেবিনেট মালয় বাঘৰ অস্তিত্ব নিশ্চিত কৰিবলৈ নটা সংৰক্ষণ জীৱবিজ্ঞান কৌশল (২০৩০ চনৰ ভিতৰত) আৰম্ভ কৰাৰ কথা ঘোষণা কৰে; কৌশলসমূহৰ ভিতৰত আছে টহল বলবৎ কৰা, মালয় বাঘৰ প্ৰাকৃতিক বাসস্থান সংৰক্ষণ আৰু সংৰক্ষণ; বন্যপ্ৰাণী আৰু ৰাষ্ট্ৰীয় উদ্যান উপদ্বীপ মালয়েছিয়া বিভাগৰ বাঘ সংৰক্ষণ ইউনিটৰ অধীনত ইয়াৰ সংৰক্ষণৰ বাবে এটা ৰাষ্ট্ৰীয় টাস্ক ফ'ৰ্চ স্থাপন কৰা; ৰয়েল মালয়েছিয়া পুলিচৰ অধীনত বন্যপ্ৰাণী অপৰাধ ব্যুৰো আৰু ৰাষ্ট্ৰীয় বন্যপ্ৰাণী ফৰেনছিক বিজ্ঞান পৰীক্ষাগাৰক ইয়াৰ এক্স চিটু সংৰক্ষণ, আৰু মালয় বাঘৰ বাসস্থানৰ ব্যৱস্থাৰ বাবে সাহস কৰা হৈছিল। আঁচনিসমূহ সক্ষম কৰা হৈছে। চৰকাৰে অন্য দেশৰ চিৰিয়াখানা আৰু বিশ্ববিদ্যালয়ৰ সৈতেও সহযোগিতা কৰি অন্তঃপ্ৰজননৰ ওপৰত অধিক গৱেষণা কৰে, আৰু বন্যপ্ৰাণীত এৰি দিয়াৰ আগতে বাঘক সাময়িকভাৱে ৰখাৰ বাবে এটা মালয় বাঘ সংৰক্ষণ কেন্দ্ৰ স্থাপন কৰে। হৰিণ চিকাৰৰ ওপৰত নিষেধাজ্ঞা বৃদ্ধি কৰা হয়। ২৬

তথ্যসূত্ৰ

  1. ↑ Wilkinson, R. J. (1901). A Malay-English dictionary. Kelly & Walsh Limited
  2. ↑ Luo, S.-J.; Kim, J.-H.; Johnson, W. E. (2004). Phylogeography and genetic ancestry of tigers (Panthera tigris). PLOS Biology. পৃ. e442
  3. ↑ Mazák, J. H.; Groves, C. P. (2006). A taxonomic revision of the tigers (Panthera tigris). Mammalian Biology. পৃ. 268–287
  4. ↑ Locke, A. (1956). The tigers of Terengganu. Museum Press Ltd
  5. ↑ Linnaeus, C. (1758). Caroli Linnæi Systema naturæ per regna tria naturæ, secundum classes, ordines, genera, species, cum characteribus, differentiis, synonymis, locis. Tomus I. Laurentius Salvius. পৃ. 41
  6. ↑ Mazák, V. (1968). Nouvelle sous-espèce de tigre provenant de l'Asie du sud-est. Mammalia. পৃ. 104−112
  7. ↑ Khan, M.K.M. (1986). Tigers in Malaysia. The Journal of Wildlife and Parks. পৃ. 1–23
  8. ↑ Liu, Y.-C.; Sun, X.; Driscoll, C. (2018). Genome-wide evolutionary analysis of natural history and adaptation in the world's tigers. Current Biology. পৃ. 3840–3849
  9. ↑ Peng, L. Y. (2004). Research team: Malayan tiger a new subspecies. The Star Online
  10. ↑ O’Brien, S. J.; Luo, S.-J.; Kim, J.-H. (2005). Molecular Genetic Analysis Reveals Six Living Subspecies of Tiger Panthera tigris'. Cat News''. পৃ. 6−8
  11. ↑ McMullin, A. (2005). IUCN tiger specialist Peter Jackson earns his stripes. International Union for Conservation of Nature, Gland
  12. ↑ Kawanishi, K.; Sunquist, M. E. (2004). Conservation status of tigers in a primary rainforest of Peninsular Malaysia. Biological Conservation. পৃ. 329–344
  13. ↑ Shevade, V.S.; Potapov, P.V.; Harris, N.L. (2017). Expansion of industrial plantations continues to threaten Malayan tiger habitat. Remote Sensing. পৃ. 747
  14. ↑ Nowell, K. (2007). Asian big cat conservation and trade control in selected range States: evaluating implementation and effectiveness of CITES Recommendations. Traffic International
  15. ↑ Shepherd, C. R. S.; Khan, S.; Krishnasamy, K. (2013). Largest Tiger seizure ever in Malaysia. Cat News. পৃ. 11
  16. ↑ (2019). Poachers, limited prey push Malayan tiger to brink of extinction. Bernama. Free Malaysia Today
  17. ↑ Yahaya, A. M. (2019-07-30). Poachers and limited prey driving Malayan Tiger to extinction. The Star Online
  18. ↑ Arif, Z. M. (2019-08-03). Malayan tiger teetering on the brink of extinction; 23 left in Belum-Temenggor Forest Reserve. New Straits Times
  19. ↑ DiPiazza, F. (2006). Malaysia in Pictures. Twenty-First Century Books. ISBN 978-0-8225-2674-2
  20. ↑ Adami, S. (2006). Encyclopedia of Italian Literary Studies. Routledge. পৃ. 1654–1655. ISBN 9781135455309
  21. ↑ Shahar, F. M. (2013). Take action with Maybank Wild Tiger Run. New Straits Times
  22. ↑ Sundararaj, A. (2013). Tigers, our heritage. New Straits Times
  23. ↑ (2007). Tiger hotline gets good response from public. The Star
  24. ↑ Heing, N. (2013). Nature lovers trail after poachers in bid to deter illegal hunting. The Star
  25. ↑ Lee, P. (2014). Malayan tiger now critically endangered, numbering as few as 250. The Star
  26. ↑ (2021). Govt going all out to prevent extinction of Malayan Tiger, Dewan Rakyat told. www.thesundaily.my

সম্পৰ্কিত শ্ৰেণী

স্তন্যপায়ী প্ৰাণীবাঘমাংসভোজীবন্যপ্ৰাণী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মালয়েছিয়াৰ বাঘ” প্ৰবন্ধৰ সংশোধন ৬২৪২৬৯ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।