জুবিন গাৰ্গৰ এলবাম
৯ প্ৰবন্ধ
-
পাখি (শ্ৰব্য এলবাম)
পাখি হৈছে ২০০০ চনত মুক্তিলাভ কৰা এখন অসমীয়া আধুনিক গীতৰ শ্ৰব্য এলবাম। এন কে প্ৰডাক্চনৰ বেনাৰত এলবামটি প্ৰযোজনা কৰে দেব কুমাৰে। জুবিনে এলবামটো প্ৰয়াত মাক ইলি বৰঠাকুৰৰ নামত উচৰ্গা কৰিছিল য'ত ২০০০ চনৰ ২৭ ছেপ্টেম্বৰত মৃত্যু হৈছিল।।
-
অনামিকা (শ্ৰব্য এলবাম)
অনামিকা হৈছে ১৯৯২ চনত এন কে প্ৰডাক্চনৰ বেনাৰত মুক্তিলাভ কৰা এখন অসমীয়া আধুনিক গীতৰ শ্ৰব্য এলবাম। জুবিন গাৰ্গে এইটো এলবামেৰে অসমৰ সংগীত জগতত প্ৰৱেশ কৰে। জুবিন আৰু উৎপল শৰ্মাই সংগীত পৰিচালনা কৰা এলবামটিৰ গীতৰ কথা জুবিন, হীৰেন ভট্টাচাৰ্য, ৰেনু শৰ্মা আৰু সবিতা শৰ্মাৰ।
-
জুবিনৰ গান (শ্ৰব্য এলবাম)
জুবিনৰ গান হৈছে এন কে প্ৰডাক্চন প্ৰযোজিত এখন অসমীয়া আধুনিক গীতৰ শ্ৰব্য এলবাম। এলবামটিৰ গীতৰ কথা জুবিন আৰু বিজয় দুৱৰাৰ। গীতসমূহত কণ্ঠদান কৰে জুবিন, মহালক্ষ্মী আয়াৰ আৰু হেমাই।
-
আশা (এলবাম)
আশা হৈছে ১৯৯৫ চনত এন কে প্ৰডাক্চনৰ বেনাৰত মুক্তিলাভ কৰা এখন অসমীয়া আধুনিক গীতৰ শ্ৰব্য এলবাম। জুবিন গাৰ্গ আৰু উৎপল শৰ্মাই সংগীত পৰিচালনা কৰা এলবামটিৰ গীতৰ কথা জুবিন আৰু প্ৰশান্ত বৰদলৈৰ। সংগীত ব্যৱস্থাপনা উৎপল শৰ্মাৰ। গীতকেইটিত কণ্ঠদান কৰে জুবিন গাৰ্গ আৰু সবিতা শৰ্মাই।
-
পাকীজা (শ্ৰব্য এলবাম)
পাকীজা (ইংৰাজী: Pakeeza) হ'ল ২০১৩ চনত মুক্তি লাভ কৰা জুবিন গাৰ্গৰ এখন হিন্দী শ্ৰব্য এলবাম।
-
মায়া (শ্ৰব্য এলবাম)
মায়া হৈছে ১৯৯৪ চনত মুক্তিলাভ কৰা এখন অসমীয়া আধুনিক গীতৰ শ্ৰব্য এলবাম। এন কে প্ৰডাক্চনৰ বেনাৰত এলবামটি প্ৰযোজনা কৰে দেব কুমাৰে। জুবিন গাৰ্গে সংগীত পৰিচালনা কৰা এলবামটিৰ গীতৰ কথা জুবিন গাৰ্গ, কপিল ঠাকুৰ আৰু হীৰেন ভট্টাচাৰ্যৰ। গীতকেইটিত কণ্ঠদান কৰে জুবিন গাৰ্গ আৰু কবিতা কৃষ্ণমূৰ্তিয়ে।
-
ৰং (শ্ৰব্য এলবাম)
ৰং হৈছে এন কে প্ৰডাক্চন প্ৰযোজিত এখন অসমীয়া আধুনিক গীতৰ শ্ৰব্য এলবাম। এলবামটিৰ আটাইকেইটি গীতৰ কথা, সুৰ আৰু সংগীত ব্যৱস্থাপনা জুবিন গাৰ্গৰ। গীতসমূহত কণ্ঠদান কৰে জুবিন আৰু মহালক্ষ্মী আয়াৰে আৰু জুবিনৰ গান এলবামৰ পিছত তেওঁলোকৰ দ্বিতীয় সহযোগিতা আছিল।
-
জিন্দেগী (শ্ৰব্য এলবাম)
জিন্দেগী হ'ল ২০০৭ চনত মুক্তি লাভ কৰা জুবিন গাৰ্গৰ এখন এলবাম। এলবামটোত জুবিন গাৰ্গৰ উপৰিও পাকিস্তানী কণ্ঠশিল্পী ছফাকত আমানত আলী খান আৰু দক্ষিণ ভাৰতৰ গায়িকা কে. এছ. চিত্ৰাই কণ্ঠ নিগৰাইছে।
-
মুক্তি (শ্ৰব্য এলবাম)
মুক্তি হৈছে ১৯৯৭ চনত মুক্তিলাভ কৰা এখন অসমীয়া আধুনিক গীতৰ শ্ৰব্য এলবাম। এন কে প্ৰডাক্চনৰ বেনাৰত এলবামটি প্ৰযোজনা কৰে দেব কুমাৰে। ১৯৯৭ চনৰ ১৭ নৱেম্বৰত অডিঅ' কেছেটত আৰু ১৯৯৮ চনৰ ৮ জানুৱাৰীত অডিঅ' চিডিত অসমীয়াৰ প্ৰথম অডিঅ' চিডি ফৰ্মেটত মুক্তি পাইছিল।