১৯৫৭ বৰ্ষৰ চলচ্চিত্ৰ
৭ প্ৰবন্ধ
-
মাক আৰু মৰম (চলচ্চিত্ৰ)
মাক আৰু মৰম (Maak Aru Moram) ১৯৫৭ চনৰ ১০ মে’ত মুক্তি পোৱা এখন সামাজিক অসমীয়া চলচ্চিত্ৰ। নিপ বৰুৱাই ছবিখন পৰিচালনা কৰাৰ উপৰিও ছবিখনৰ কাহিনী আৰু চিত্ৰনাট্যও লিখিছিল। সঙ্গীত ব্ৰজেন বৰুৱাৰ। এইখন আছিল নিপ বৰুৱা পৰিচালিত দ্বিতীয়খন ছবি।
-
ধুমুহা (চলচ্চিত্ৰ)
ধুমুহা (Dhumuha) ১৯৫৭ৰ ২৭ চেপ্তেম্ৰৰৰ দিনা মুক্তি পোৱা ফণী শৰ্মা পৰিচালিত এখন অসমীয়া কথাছবি। শোণিতপুৰ পিকচাৰ্চৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছিল হৃদয়ানন্দ আগৰৱালাই।
-
হাৰানো সুৰ
হাৰানো সুৰ (Harano Sur) ১৯৫৭ চনৰ অজয় কৰ পৰিচালিত ভাৰতীয় বঙালী ভাষাৰ এখন ৰোমান্টিক নাট্যধৰ্মী ছবি; য'ত সুচিত্ৰা সেন আৰু উত্তম কুমাৰে অভিনয় কৰিছে। হেমন্ত মুখাৰ্জীয়ে সুৰাৰোপ কৰা গীতত গীতা দত্তই কণ্ঠদান কৰে। অজয় কৰৰ সৈতে উত্তম কুমাৰে প্ৰযোজনা কৰা এইখন প্ৰথম ছবি।
-
আঁধাৰে আলো
আঁধাৰে আলো (Andhare Alo) হৰিদাস ভট্টাচাৰ্যৰ পৰিচালিত আৰু ১৯৫৭ চনত ভাৰতৰ পৰা নিৰ্মিত বঙালী ভাষাৰ এখন নাট্যধৰ্মী ছবি। ছবিখন শ্ৰীমতী পিকচাৰ্ছৰ বেনাৰত কানন ভট্টাচাৰ্যই প্ৰযোজনা কৰিছিল।
-
আৰাৱল্লী
আৰাৱল্লী (Aravalli ) ১৯৫৭ চনৰ কৃষ্ণ ৰাও পৰিচালিত আৰু ভি.এন. মডাৰ্ণ থিয়েটাৰৰ দ্বাৰা নিৰ্মিত ভাৰতীয় তামিল ভাষাৰ এখন ফেণ্টাচী একচন ছবি। ইয়াত মুখ্য চৰিত্ৰত অভিনয় কৰিছে জি বৰালক্ষ্মী, এছ মোহন, এছ জি ঈশ্বৰ, মীনাৱতী আৰু কাকা ৰাধাকৃষ্ণনে।
-
ভাবী (১৯৫৭ চলচ্চিত্ৰ)
ভাবী ( Bhabhi ) ১৯৫৭ চনৰ কৃষ্ণন–পাঞ্জুৱে এভিএম প্ৰডাকচনৰ বাবে পৰিচালনা কৰা এখন হিন্দী ভাষাৰ ছবি। ইয়াত বলৰাজ সাহনী, পাণ্ডাৰী বাই আৰু নন্দাই গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে। এই ছবিখনে বছৰৰ অষ্টম সৰ্বাধিক উপাৰ্জন কৰা বলীউডী ছবি হিচাপে পৰিগণিত হয়।
-
মায়াবাজাৰ (১৯৫৭ চলচ্চিত্ৰ)
মায়াবাজাৰ (Mayabazar ) ১৯৫৭ চনৰ কে ভি নাগীৰেড্ডী পৰিচালিত এখন ভাৰতীয় মহাকাব্যিক হিন্দু পৌৰাণিক ছবি। বিজয়া প্ৰডাকচনৰ বেনাৰত চক্ৰপানীয়ে এইখন প্ৰযোজনা কৰিছে। তেলেগু আৰু তামিল ভাষাত একেলগে ছবিখনৰ শ্বুটিং কৰা হৈছিল; মাত্ৰ অভিনেতা-অভিনেত্ৰীসকলৰ কিছু সালসলনি কৰা হৈছিল।