সত্যজিৎ ৰায়
১৭ প্ৰবন্ধ
-
অপুৰ সংসাৰ
অপুৰ সংসাৰ (Apura Sansar or The World of Apu ) ১৯৫৯ চনত মুক্তিপ্ৰাপ্ত আৰু বঙালী ভাষাত নিৰ্মিত এখন ধ্ৰুপদী চলচ্চিত্ৰ। পৰিচালনা আৰু ৰচনা সত্যজিত ৰায়ৰ। অপু নামৰ চৰিত্ৰ এটাক কেন্দ্ৰ কৰি ৰায়ে নিৰ্মাণ কৰা অপু ত্ৰিল’জীৰ এইখন তৃতীয় ছবি। ইয়াত অপুৰ যুবাৱস্থাৰ চিত্ৰায়ণ কৰা হৈছে।
-
ফেলুদা
প্ৰদোষচন্দ্ৰ মিত্ৰ ওৰফে ফেলুদা সত্যজিৎ ৰায়ৰ সৃষ্ট বঙালী সাহিত্যৰ এটি জনপ্ৰিয় কাল্পনিক ৰহস্যসন্ধানী চৰিত্ৰ। ১৯৬৫ চনৰ ডিচেম্বৰ মাহৰ সন্দেশ আলোচনীত ফেলুদা চিৰিজৰ প্ৰথম গল্প"ফেলুদাৰ গোয়েন্দাগিৰি" প্ৰকাশিত হয়।
-
মহানগৰ
মহানগৰ Mahanagar) ১৯৬৩ চনত সত্যজিৎ ৰায়ৰ দ্বাৰা ৰচিত আৰু পৰিচালিত এখন ভাৰতীয় বাংলা ভাষাৰ নাট্যধৰ্মী ছবি; মুখ্য চৰিত্ৰত অভিনয় কৰিছিল মাধৱী মুখাৰ্জীয়ে।
-
চাৰুলতা
চাৰুলতা (Charulata) ১৯৬৪ চনত মুক্তি পোৱা সত্যজিৎ ৰচিত আৰু পৰিচালিত এখন ভাৰতীয় ড্ৰামা চলচ্চিত্ৰ। ৰবীন্দ্ৰনাথ ঠাকুৰৰ নস্তনীড় শীৰ্ষক উপন্যাসৰ আধাৰত নিৰ্মিত ছবিখনত অভিনয় কৰিছে সৌমিত্ৰ চেটাৰ্জী, মাধৱী মুখাৰ্জী আৰু শৈলেন মুখাৰ্জীয়ে। এই ছবিখনক সত্যজিৎ ৰায়ৰ অন্যতম শ্ৰেষ্ঠ কৃতি বুলি গণ্য কৰা হয়।
-
জলসাঘৰ
জলসাঘৰ (The Music Room) বঙালী লেখক তাৰাশংকৰ বন্দ্যোপাধ্যায়ৰ জনপ্ৰিয় চুটিগল্পৰ আধাৰত সত্যজিৎ ৰায়ৰ পৰিচালনাত ১৯৫৮ চনত নিৰ্মিত এখন ভাৰতীয় বঙালী নাট্যধৰ্মী ছবি; য’ত ছবি বিশ্বাসে মূল চৰিত্ৰত অভিনয় কৰিছিল। এইখন সত্যজিৎ ৰায়ৰ চতুৰ্থ পূৰ্ণদৈৰ্ঘ্য ছবি।
-
সীমাবদ্ধ
সীমাবদ্ধ ( Seemabaddha; ইংৰাজী শীৰ্ষক: Seemabaddha ) মণি শংকৰ মুখাৰ্জীৰ উপন্যাস সীমাবদ্ধৰ আধাৰত নিৰ্মিত আৰু সত্যজিৎ ৰায় পৰিচালিত এখন সামাজিক নাট্যধৰ্মী চলচ্চিত্ৰ। ছবিখন ১৯৭১ চনত মুক্তি পাইছিল। ইয়াত বৰুণ চন্দ, হৰিন্দ্ৰনাথ চট্টোপাধ্যায়, আৰু শৰ্মিলা ঠাকুৰে মুখ্য চৰিত্ৰত অভিনয় কৰিছে।
-
আগন্তুক
আগন্তুক ( Agantuk) ১৯৯১ চনত মুক্তি পোৱা সত্যজিত ৰায় ৰচিত আৰু পৰিচালিত এখন বঙালী নাট্যধৰ্মী চলচ্চিত্ৰ। অতিথি নামৰ গল্পৰ আধাৰত নিৰ্মিত ছবিখন এই কাৰণেই বৈশিষ্ট্যপূৰ্ণ যে, আগন্তুক আছিল ৰায়ৰ শেষ ছবি।
-
আৱাৰ ফিল্মছ, দেয়াৰ ফিল্মছ
আৱাৰ ফিল্মছ, দেয়াৰ ফিল্মছ (Our Films, Their Films) হ'ল বিশিষ্ট বাঙালী চলচ্চিত্ৰ নিৰ্মাতা, সুৰকাৰ আৰু লেখক সত্যজিৎ ৰায়ৰ এখন চলচ্চিত্ৰ সমালোচনা বিষয়ক প্ৰবন্ধ সংকলন।
-
ঘৰে বাইৰে
ঘৰে বাইৰে (Ghare Baire ) ১৯৮৪ চনৰ সত্যজিৎ ৰায় পৰিচালিত আৰু ৰচিতএখন ভাৰতীয় বাংলা ভাষাৰ ৰোমান্টিক নাট্যধৰ্মী চলচ্চিত্ৰ। ৰবীন্দ্ৰনাথ ঠাকুৰৰ একে নামৰ উপন্যাসৰ আধাৰত নিৰ্মিত এই ছবিখনত অভিনয় কৰিছে সৌমিত্ৰ চেটাৰ্জী, ভিক্টৰ বেনাৰ্জী, স্বাতীলেখা চেটাৰ্জী আৰু জেনিফাৰ কেণ্ডেলে।
-
তিন কন্যা
তিন কন্যা ( Teen Kanya) ১৯৬১ চনত মুক্তি পোৱা সত্যজিৎ ৰায়ৰ দ্বাৰা পৰিচালিত এখন ভাৰতীয় বাংলা চলচ্চিত্ৰ। ছবিখন ৰবীন্দ্ৰনাথ ঠাকুৰৰ চুটিগল্পৰ আধাৰত নিৰ্মিত। শিৰোনামটোৰ অৰ্থ হৈছে "তিনিজনী ছোৱালী" আৰু ছবিখনৰ মূল ভাৰতত মুক্তি পোৱা সংস্কৰণত তিনিটা কাহিনী আছিল।
-
কাঞ্চনজঙ্ঘা (চলচ্চিত্ৰ)
কাঞ্চনজঙ্ঘা (Kanchenjungha (1962 film)) সত্যজিৎ ৰায় পৰিচালিত এখন বাংলা ভাষাৰ চলচ্চিত্ৰ। চলচ্চিত্ৰখন কাঞ্চনজঙ্ঘা পৰ্বতৰ সমীপত অৱস্থিত জনপ্ৰিয় পৰ্যটন কেন্দ্ৰ দাৰ্জিলিঙলৈ সপৰিয়ালে ছুটী উপভোগ কৰিবলৈ যোৱা এক উচ্চবৰ্গৰ বাঙালী পৰিয়ালক লৈ নিৰ্মিত।
-
গুপী গাইন বাঘা বাইন
গুপী গাইন বাঘা বাইন ( Goopy Gyne Bagha Byne, অসমীয়া অৰ্থ: গুপী গায়ন বাঘা বায়ন) ১৯৬৯ত মুক্তিপ্ৰাপ্ত সত্যজিত ৰায় পৰিচালিত এখন বঙালী ভাষাৰ ফেণ্টাচী, এডভেঞ্চাৰ, হাস্যৰসাত্মক, শিশু উপযোগী চলচ্চিত্ৰ। উপেন্দ্ৰ ৰায় চৌধুৰীৰ এটা গল্পৰ আধাৰত ছবিখনৰ চিত্ৰনাট্য ৰচনা কৰিছিল সত্যজিত ৰায়ে।
-
ছিন্নমস্তাৰ অভিশাপ
ছিন্নমস্তাৰ অভিশাপ (ইংৰাজী শিৰোনাম: The Curse of the Goddess) হৈছে সত্যজিৎ ৰায়ৰ এখন বাংলা উপন্যাস, য’ত ব্যক্তিগত ডিটেকটিভ ফেলুদাৰ কাহিনী বৰ্ণনা কৰা হৈছে। ১৯৭৮ চনত প্ৰথমে দেশ পত্ৰিকাত ধাৰাবাহিকভাৱে প্ৰকাশ পায়, আৰু তাৰ পিছত ১৯৮১ চনত আনন্দ পাব্লিচাৰ্ছৰদ্বাৰা কিতাপ ৰূপত প্ৰকাশ পায়।
-
সত্যজিৎ ৰায়ৰ সাহিত্যকৰ্ম
সত্যজিৎ ৰায় এজন বিখ্যাত বঙালী ভাৰতীয় চলচ্চিত্ৰ পৰিচালক আছিল। তেওঁ বঙালী সাহিত্যত তেখেতৰ অৱদানৰ বাবেও বিখ্যাত। তেখেতৰ সৃষ্ট বিখ্যাত চৰিত্ৰ হল ৰহস্যসন্ধানী ফেলুদা আৰু বৈজ্ঞানিক প্ৰফেচৰ শঙ্কু। তেওঁ এই দুই চৰিত্ৰৰ ওপৰিও অনেক চুটি উপন্যাস আৰু চুটি গল্প ৰচনা কৰিছে।
-
সোণাৰ কেল্লা
সোণাৰ কেল্লা (ইংৰাজী নাম: The Golden Fortress) হ'ল সত্যজিৎ ৰায় ৰচিত এখন বিখ্যাত ৰহস্য উপন্যাস। এই উপন্যাসখন ১৯৭১ চনত প্ৰকাশ পায় আৰু ই সত্যজিৎ ৰায়ৰ জনপ্ৰিয় ৰহস্য চৰিত্ৰ ফেলুদাক কেন্দ্ৰ কৰি লিখা কাহিনীৰ অন্যতম।
-
সৌমেন্দু ৰায়
সৌমেন্দু ৰায় (৭ ফেব্ৰুৱাৰী ১৯৩৩ – ২৭ ছেপ্টেম্বৰ ২০২৩) এজন প্ৰখ্যাত ভাৰতীয় চলচ্চিত্ৰ চিত্ৰগ্ৰাহক আছিল। তেওঁ বিশেষকৈ পৰিচালক সত্যজিৎ ৰায়ৰ সৈতে কৰা দীৰ্ঘদিনীয়া সহযোগিতাৰ বাবে সুপৰিচিত। সত্যজিৎ ৰায়ৰ চলচ্চিত্ৰ তিন কন্যা (১৯৬১)ৰপৰা আৰম্ভ কৰি তেওঁ বহু গুৰুত্বপূৰ্ণ চলচ্চিত্ৰত কাম কৰিছিল।
-
হত্যাপুৰী
হত্যাপুৰী (ইংৰাজী শিৰোনামা: The House of Death) সত্যজিৎ ৰায় ৰচিত এখন বিখ্যাত ফেলুদা শৃংখলাৰ ডিটেকটিভ উপন্যাস। উপন্যাসখনৰ নাম ওড়িশাৰ উপকূলীয় নগৰী পুৰীৰ পৰা উদ্ভৱ হৈছে, যি বংগোপসাগৰৰ কাষত অৱস্থিত আৰু পূব ভাৰতৰ এক জনপ্ৰিয় পৰ্যটন কেন্দ্ৰ।