ভাৰতীয় চিত্ৰশৈলী
১৩ প্ৰবন্ধ
-
সত্ৰীয়া চিত্ৰকলা
সত্ৰীয়া চিত্ৰকলা অসমৰ সত্ৰসমূহত আৰু সত্ৰ-সংস্পৰ্শত বিকশিত হোৱা এক বিশেষ চিত্ৰশৈলী, যাক “শঙ্কৰী কলা” বুলিও কোৱা হয়। ইয়াৰ ধাৰণা আৰু নমুনা মূলত সচিত্ৰ পুথিৰ মাজেদি জানা যায়; বিষয়বস্তুত বৈষ্ণৱ আখ্যানৰ প্ৰাধান্য দেখা যায় যদিও শাক্ত আৰু অন্যান্য বিষয়ো আছে।
-
মধুবনী চিত্ৰশিল্প
মধুবানী চিত্ৰশিল্প (Madhubani art) ভাৰতীয় লোক চিত্ৰকলাৰ এক অংশ। বিহাৰৰ মিথিলাত ইয়াৰ অনুশীলন কৰা হয়। ই এটি ঐতিহ্যমণ্ডিত মৌলিক শিল্প। এই চিত্ৰকলা হাতৰ আঙুলি, কাঠি, ব্ৰাচ, নিব-কলম, জুইশলা কাঠি আদি ব্যৱহাৰ কৰি তৈয়াৰ কৰা হয়। প্ৰাকৃতিক ভাবে তৈয়াৰী ৰং আৰু ৰঞ্জক এই ছবিসমূহত ব্যৱহাৰ কৰা হয়।
-
চালচিত্ৰ
চালচিত্ৰ (Chalchitra) ভাৰতৰ পশ্চিম বংগত প্ৰচলিত পাৰম্পৰিক চিত্ৰশৈলী পটচিত্ৰৰ এটি ভাগ। পৰম্পৰাগতভাৱে ই দুৰ্গা প্ৰতিমাৰ উপৰিভাগত অংকিত অৰ্ধ গোলাকাৰ দেৱ-দেৱীৰ কাহিনীমূলক পটচিত্ৰ। চালচিত্ৰত পঞ্চানন শিৱ, মহিষাসুৰ বধ, নন্দীভৃঙ্গী, শুম্ভ-নিশুম্ভৰ যুদ্ধ আদি কাহিনী সমূহ প্ৰদৰ্শিত কৰা হয়।
-
অসমৰ চিত্ৰকলাৰ ইতিহাস
অসমৰ চিত্ৰকলাৰ ইতিহাস অতি প্ৰাচীন। সুকুমাৰ কলাসমূহৰ ভিতৰত চিত্ৰকলা এবিধ অন্যতম কলা। মধ্যযুগৰ সময়ছোৱাতে অসমৰ চিত্ৰকলাৰ প্ৰথম নিদৰ্শন দেখা পোৱা গৈছিল। সেই সময়ত ৰজাৰ ঘৰ আৰু সত্ৰসমূহত চিত্ৰকলাৰ সাধনা কৰা হৈছিল। সেই সময়তে পুথিৰ আকাৰত চিত্ৰ সম্পৰ্কীয় গ্ৰন্থও প্ৰকাশ হৈছিল।
-
টাই আহোম চিত্ৰশৈলী
মধ্যযুগীয় অসমীয়া চিত্ৰশৈলীৰ এটা শৈলী টাই-আহোম শৈলী ৰূপে জনা যায়। বহিঃ ভাৰতৰপৰা ইয়ালৈ অহা এই চিত্ৰাংকন শৈলী উজনিৰ বৌদ্ধবিহাৰসমূহৰ ভিতৰতে সীমাবদ্ধ। এই শৈলীত চিত্ৰিত মাত্ৰ দুখনি পুথিচিত্ৰ উদ্ধাৰ হৈছে-- ফুং চিন (১৪৭৩ খ্ৰী:) আৰু চুক-টান্তা-কিম্পং (১৫২৩ খ্ৰী:)।
-
নিৰ্মল চিত্ৰশৈলী
নিৰ্মল চিত্ৰশৈলী (Nirmal paintings) ভাৰতৰ তেলেংগানা ৰাজ্যৰ নিৰ্মল জিলাৰ নিৰ্মল প্ৰচলিত এবিধ পাৰম্পৰিক চিত্ৰশৈলী। চিত্ৰশিল্পী সকলে নিৰ্মল চহৰত এক সৰু উদ্যোগ গঠন কৰিছে। নিৰ্মল চহৰত শিল্পী সকলে নিজৰ সম্প্ৰদায় গঠন কৰিছে আৰু তেওঁলোকৰ কলাক সৰু ব্যৱসায়ৰ ৰূপত অনুশীলন কৰিছে।
-
বনী ঠনী
বনী ঠনী (Bani Thani) ৰাজস্থানৰ কিষাণগড়ৰ এগৰাকী কবি আৰু গায়িকা আছিল। তেওঁ কিষাণগড়ৰ ৰজা সামন্ত সিঙৰ (১৭৪৮–১৭৬৪) পত্নী আছিল। সিংহাসন ত্যাগ কৰাৰ পিছত দম্পতীহালে তেওঁলোকৰ আৰাধ্য কৃষ্ণৰ জীৱনৰ সৈতে সম্পৰ্কিত স্থান বৃন্দাবনত এক আৰামদায়ক জীৱনলৈ অৱসৰ গ্ৰহণ কৰে।
-
মণ্ডপত কৃষ্ণ আৰু ৰাধা
মণ্ডপত কৃষ্ণ আৰু ৰাধা হৈছে ১৮ শতিকাৰ এখন ৰাজপুত চিত্ৰ য'ত হিন্দু দেৱতা কৃষ্ণ আৰু ৰাধা যৌন ঘনিষ্ঠতাত নিয়োজিত হৈ আছে।
-
মহীশূৰৰ পৰম্পৰাগত চিত্ৰকলা
মহীশূৰৰ পৰম্পৰাগত চিত্ৰকলা কৰ্ণাটকৰ মহীশূৰ চহৰ আৰু ইয়াৰ আশে-পাশে উৎপত্তি হোৱা দক্ষিণ ভাৰতীয় ধ্ৰুপদী চিত্ৰশৈলীৰ এক গুৰুত্বপূৰ্ণ ৰূপ। মহীশূৰৰ শাসকসকলে এই চিত্ৰশৈলীক উৎসাহিত কৰাৰ লগতে পৃষ্ঠপোষকতা কৰিছিল।
-
সিন্ধৰ সমাধি চিত্ৰ
সিন্ধৰ সমাধি চিত্ৰ (Tomb paintings of Sindh) হৈছে পাকিস্তানৰ সিন্ধ প্ৰদেশৰ সমাধিৰ মাজত সিঁচৰতি হৈ থকা চিত্ৰ। দেৱাল চিত্ৰসমূহ মূলতঃ কাম্বাৰ-ছাহদাদকোট জিলাৰ শ্বাহদাদকোট তহচিলত পোৱা যায় যদিও দাদু আৰু সংঘৰ আৰু সিন্ধৰ অন্যান্য জিলাতো পোৱা যায়।
-
ৰাগমালা চিত্ৰশৈলী
ৰাগমালা চিত্ৰশৈলী (Ragamala paintings) ভাৰতীয় লঘু চিত্ৰশৈলীৰ এক প্ৰকাৰ। ৰাগমালা চিত্ৰশৈলীত ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ ৰাগসমূহ চিত্ৰিত কৰা হয়। মধ্যযুগীয় ভাৰতত কলা, কবিতা আৰু শাস্ত্ৰীয় সংগীতৰ সংমিশ্ৰণৰ এক ধ্ৰুপদী উদাহৰণ হিচাপে ৰাগমালা চিত্ৰসমূহ বিশেষভাৱে জনপ্ৰিয়।
-
ৰোগান চিত্ৰশৈলী
ৰোগান চিত্ৰশৈলী ভাৰতৰ গুজৰাট আৰু আফগানিস্তানৰ বামিয়ান অঞ্চলত প্ৰচলিত কাপোৰৰ ওপৰত ছপাকৰা একপ্ৰকাৰৰ পাৰম্পৰিক চিত্ৰশৈলী। এই চিত্ৰকলা ৰোগান কলা, ৰোগান ছাপ আৰু ৰং ৰোগান আদি ভিন ভিন নামেৰে পৰিচিত। ৰোগান চিত্ৰশৈলী মূলতঃ তিনি প্ৰকাৰৰ।
-
ৱৰ্লি চিত্ৰকলা
ৱৰ্লি চিত্ৰকলা হৈছে এক আদিবাসী কলা। ভাৰতৰ মহাৰাষ্ট্ৰৰ উত্তৰ সাহ্যাদ্ৰী ৰেঞ্জৰ লোকসকলে ঘাইকৈ এই কলা অনুশীলন কৰিছিল। পালঘৰ জিলাৰ দহানু, তালাচৰি, জৱহাৰ, পালঘৰ, মোখদা আৰু বিক্ৰমগড় চহৰ এই ৰেঞ্জৰ অন্তৰ্গত। এই কলা মহাৰাষ্ট্ৰতে প্ৰথম আৰম্ভ হৈছিল আৰু এতিয়াও ইয়াত অনুশীলন কৰা হয়।