অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

পাল নাম

পালনামৰ অৰ্থ হৈছে নিৰৱচ্ছিন্নভাৱে পালে পালে কৰা নাম-কীৰ্তন। ইতিহাসপ্ৰসিদ্ধ গড়মূৰ সত্ৰ, দক্ষিণপাট সত্ৰ, নতুন কমলাবাৰী সত্ৰ, বেঙেনাআটী সত্ৰ, বিহিমপুৰ সত্ৰ আদিত নিজস্ব পৰম্পৰাৰে পালনাম অনুষ্ঠিত হয়। আউনীআটী সত্ৰত অনুষ্ঠিত হোৱা পালনামৰ এক সুকীয়া বৈশিষ্ট্য আছে।

হালনাগাদ: ২২ ফেব্ৰুৱাৰী ২০১৮ ৯৯ শব্দ · ১ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

পালনামৰ অৰ্থ হৈছে নিৰৱচ্ছিন্নভাৱে পালে পালে কৰা নাম-কীৰ্তন। ইতিহাসপ্ৰসিদ্ধ গড়মূৰ সত্ৰ, দক্ষিণপাট সত্ৰ, নতুন কমলাবাৰী সত্ৰ, বেঙেনাআটী সত্ৰ, বিহিমপুৰ সত্ৰ আদিত নিজস্ব পৰম্পৰাৰে পালনাম অনুষ্ঠিত হয়। আউনীআটী সত্ৰত অনুষ্ঠিত হোৱা পালনামৰ এক সুকীয়া বৈশিষ্ট্য আছে। ঐতিহ্যমণ্ডিত এই উত্সৱ কাতি মাহৰ ২৫ তাৰিখৰ পৰা ২৯ তাৰিখলৈ অনুষ্ঠিত হয়। আউনীআটী সত্ৰৰ পালনাম সত্ৰৰ দ্বিতীয়গৰাকী অধিকাৰ কেশৱদেৱৰ দিনৰ পৰা প্ৰচলন হৈছে। মহাপুৰুষ মাধৱদেৱৰ দ্বাৰা বিৰচিত নামঘোষা পালনামৰ প্ৰধান সম্পদ। পাঁচদিন ধৰি আয়োজিত পালনামত পূব, পশ্চিম আৰু উত্তৰ হাটীৰ ভকতসকলে পাল পাতি নাম গায়। নামৰূপী নৌকাৰ সন্মুখত ভাগৱত স্থাপন কৰি এই নাম গোৱা হয়।

তথ্য সংগ্ৰহ

  • মাজুলীৰ ঐতিহ্য, সংকলন আৰু সম্পাদনা -জয়ন্ত কুমাৰ বৰা,অনন্ত কলিতা।

সম্পৰ্কিত শ্ৰেণী

অসমৰ সংস্কৃতি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পাল নাম” প্ৰবন্ধৰ সংশোধন ১৭৫৫০৭ (২২ ফেব্ৰুৱাৰী ২০১৮)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।