অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ভাৰতৰ জনজাতীয় ধৰ্মসমূহ

ভাৰতত জনজাতীয় ধৰ্মসমূহ (ইংৰাজী: Tribal religions in India) বুলিলে ভাৰতৰ বিভিন্ন অনুসূচিত জনজাতিসহ বহু জনজাতীয় স্থানীয়, গাঁও-ভিত্তিক, প্ৰকৃতি-আশ্ৰিত বা পুৰ্বপুৰুষ-আধাৰিত ধৰ্মীয় বিশ্বাস আৰু আচাৰ-অনুষ্ঠান বুজোৱা হয়।

হালনাগাদ: ১৮ জুলাই ২০২৬ ১৯৮ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

ভাৰতত জনজাতীয় ধৰ্মসমূহ (ইংৰাজী: Tribal religions in India) বুলিলে ভাৰতৰ বিভিন্ন অনুসূচিত জনজাতিসহ বহু জনজাতীয় স্থানীয়, গাঁও-ভিত্তিক, প্ৰকৃতি-আশ্ৰিত বা পুৰ্বপুৰুষ-আধাৰিত ধৰ্মীয় বিশ্বাস আৰু আচাৰ-অনুষ্ঠান বুজোৱা হয়। ২০১১ চনৰ ভাৰতীয় জনগণনা অনুসৰি ভাৰতৰ জনসংখ্যাৰ প্ৰায় ৮.৬% লোক অনুসূচিত জনজাতি শ্ৰেণীৰ অন্তৰ্গত।১

জনগণনা-ভিত্তিক শ্ৰেণীবিভাজন

২০১১ চনৰ জনগণনাত হিন্দুধৰ্ম, ইছলাম, খ্ৰীষ্টধৰ্ম, সিখ ধৰ্ম, বৌদ্ধ ধৰ্ম আৰু জৈন ধৰ্মৰ বাহিৰে কিছুমান ধৰ্মীয় পৰিচয়ক “Other Religions and Persuasions (ORP)” শিৰোনামৰ তলত পৃথককৈ ধৰা হয়, য’ত জনজাতীয় ধৰ্মসমূহ, নাস্তিকতাবাদ আদি শ্ৰেণী অন্তৰ্ভুক্ত।২ একে উৎস অনুসৰি, ১২১ কোটি জনসংখ্যাৰ ভিতৰত ৭৯ লাখ লোকেই এই শ্ৰেণীৰ অন্তৰ্গত।৩

ভিভিন্ন ধৰ্মৰ জনসংখ্যা

ORP শ্ৰেণীৰ ভিতৰত ২০১১ চনৰ জনগণনাত উল্লিখিত বৃহৎ শাখাসমূহৰ ভিতৰত সৰ্ণা (প্ৰায় ৪৯ লাখ), গোন্দি (প্ৰায় ১০ লাখ), সাৰি ধৰ্ম (প্ৰায় ৫ লাখ), ডনি-প'ল' (প্ৰায় ৩.৩১ লাখ), সনামাহি (প্ৰায় ২.২২ লাখ) আৰু খাচি লোক-সম্পৰ্কীয় ধৰ্মীয় শ্ৰেণী (প্ৰায় ১.৩৯ লাখ) উল্লেখযোগ্য।৪

আচাৰ-অনুষ্ঠান আৰু ভাষাগত গোট

উপজাতীয় ধৰ্মসমূহত বহুক্ষেত্ৰত পুৰ্বপুৰুষ পূজা বা প্ৰাকৃতিক বৈশিষ্ট্যৰ আত্মা/দেৱতাৰ পূজা দেখা যায়।৫ ভাৰতৰ জনজাতিসমূহক ভাষাগতভাৱে ভাৰতীয়-আৰ্য, দ্ৰাবিড়ীয় ভাষা, অষ্ট্ৰোএছিয়াটিক, তিব্বত-বৰ্মী আৰু আন্দামানী ভাষা পৰিয়াল আদি ডাঙৰ গোটত বিভক্ত কৰা হয়।৬

আইনী স্বীকৃতি

ভাৰতীয় আইন আৰু জনপ্ৰশাসনিক প্ৰয়োগত “হিন্দু ধৰ্ম” শব্দটো কিছু প্ৰসংগত উপমহাদেশীয় স্থানীয় ধৰ্মীয়-সাংস্কৃতিক পৰম্পৰাৰ বিস্তৃত শ্ৰেণীক সূচাবলৈ ব্যৱহৃত হয়। ১৯৫৫ চনৰ Hindu Marriage Act-ৰ বিধানসমূহৰ ব্যাখ্যা-সম্পৰ্কীয় অধ্যয়নত, খ্ৰীষ্টান, মুছলিম বা ইহুদি নোহোৱা বহু লোকক “হিন্দু” হিচাপে ধৰা হয় বুলি উল্লেখ আছে।৭

তথ্যসূত্ৰ

  1. ↑ Office of the Registrar General & Census Commissioner, India. (2011). Census of India: Scheduled Tribe population statistics (ST series)
  2. ↑ Office of the Registrar General & Census Commissioner, India. (2021). C-01 Appendix: Details of religious community shown under ‘Other religions and persuasions’ in main table C01 – 2011
  3. ↑ Office of the Registrar General & Census Commissioner, India. (2011). Census of India: Scheduled Tribe population statistics (ST series)
  4. ↑ Office of the Registrar General & Census Commissioner, India. (2021). C-01 Appendix: Details of religious community shown under ‘Other religions and persuasions’ in main table C01 – 2011
  5. ↑ National Council of Educational Research and Training. (2009). Social and Political Life – III (p. 83). NCERT
  6. ↑ Words in the Bucket. (2019). Tribal Languages in India – Introduction
  7. ↑ Cavanaugh, W. T. (2009). The Myth of Religious Violence. Oxford University Press. (p. 88)

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ সংস্কৃতিপোখালি (ভাৰত)

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰতৰ জনজাতীয় ধৰ্মসমূহ” প্ৰবন্ধৰ সংশোধন ৬১৮০৭৭ (১৮ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।