পোখালি (ভাৰত)
১২ প্ৰবন্ধ
-
ভাৰত চৰকাৰ
ভাৰত চৰকাৰক সাধাৰণ ভাষাত "কেন্দ্ৰীয় চৰকাৰ" বুলি কোৱা হয়। ২৮খন ৰাজ্য আৰু ৭খন কেন্দ্ৰীয় শাসিত অঞ্চলৰে গঠিত যাক "ভাৰত গণৰাজ্য" বুলি কোৱা হয়, ইয়াৰেই নিয়ন্ত্ৰণকৰ্তা হৈছে ভাৰত চৰকাৰ। ভাৰত চৰকাৰৰ মুখ্য আসন বুলি দিল্লীক বুজায়, যিহেতু চৰকাৰৰ মুখ্য কাম কাজসমূহ ইয়াৰ পৰাই পৰিচালিত হয়।
-
বিহাৰ
বিহাৰ এখন ভাৰতীয় ৰাজ্য, যি পূব ভাৰতত অৱস্থিত। ইয়াৰ ৰাজধানী পাটনা।
-
গুজৰাট
গুজৰাট (ગુજરાત) ভাৰতৰ আটাইতকৈ পশ্চিমত অৱস্থিত ৰাজ্য। গুজৰাটৰ ৰাজধানী গান্ধীনগৰ। গুজৰাটত ৩৩খন জিলা আছে। গুজৰাটৰ গৱৰ্ণৰ ওম প্ৰকাশ কহলী।
-
অৰুণাচল প্ৰদেশ
অৰুণাচল প্ৰদেশ (अरुणाचल प्रदेश, ) উত্তৰ-পূব ভাৰতৰ এখন ৰাজ্য। অৰুণাচল প্ৰদেশৰ দক্ষিণে অসম আৰু নাগালেণ্ড, পশ্চিমে ভূটান, পূৱে ম্যানমাৰ আৰু উত্তৰে চীন দেশ, তিনিওপিনৰ পৰা দেশৰ সীমা হোৱা বাবে অৰুণাচলৰ ৰাজনৈতিক গুৰুত্ব অধিক।
-
মণিপুৰ
মণিপুৰ উত্তৰ-পূব ভাৰতৰ এখন ৰাজ্য। ইয়াৰ ৰাজধানী ইম্ফাল। মণিপুৰৰ উত্তৰে নাগালেণ্ড, দক্ষিণে মিজোৰাম, পশ্চিমে অসম ৰাজ্য আৰু পূৱ দিশত ম্যানমাৰ আছে।
-
হিমাচল প্ৰদেশ
হিমাচল প্ৰদেশ (হিন্দী: हिमाचल प्रदेश, পঞ্জাবী: ਹਿਮਾਚਲ ਪ੍ਰਦੇਸ਼) উত্তৰ ভাৰতৰ এখন ক্ষুদ্ৰকায় ৰাজ্য। এই ৰাজ্যখনৰ আয়তন ২১,৪৯৫ বৰ্গমাইল (৫৫,৬৭২ বৰ্গকিলোমিটাৰ)।
-
উত্তৰাখণ্ড
উত্তৰাখণ্ড (English: Uttarakhand, or; হিন্দী: उत्तराखण्ड), ভাৰতৰ এখন ৰাজ্য, যাৰ নাম ২০০০ চনৰ পৰা ২০০৬ চন পৰ্য্যন্ত উত্তৰাঞ্চল আছিল। এইখন ভাৰতৰ ২৭-তম ৰাজ্য। ইয়াৰ উত্তৰে তিব্বত (চীনৰ অংশ), পূবে নেপাল, পশ্চিমে ভাৰতৰ হিমাচল প্ৰদেশ আৰু দক্ষিণে উত্তৰ প্ৰদেশ অৱস্থিত।
-
ছত্তীসগঢ়
ছত্তীসগঢ় (छत्तीसगढ़) মধ্য ভাৰতৰ এখন ৰাজ্য। ২০০০ চনৰ ১ নৱেম্বৰত মধ্যপ্ৰদেশৰ দক্ষিণ-পশ্চিমাঞ্চলৰ ষোল্লখন জিলাক লৈ এই ৰাজ্য গঠন কৰা হয়। ৰায়পুৰ এই ৰাজ্যৰ ৰাজধানী। ৫২,১৯৯ বৰ্গমাইল (১৩৫,১৯৪ বৰ্গকিলোমিটাৰ) আয়তনেৰে ছত্তিসগঢ় ভাৰতৰ দশম বৃহত্তম ৰাজ্য।
-
ৱেষ্ট ইণ্ডিজ
ৱেষ্ট ইণ্ডিজ কেৰিবিয়ান আৰু উত্তৰ আটলাণ্টিক মহাসাগৰৰ এটি অঞ্চল যিয়ে আণ্টিলেচৰ দ্বীপ আৰু লুকায়ানক সামৰে। ক্ৰিষ্টোফাৰ কলম্বাছৰ আমেৰিকালৈ প্ৰথম যাত্ৰাৰ পিছত, ইউৰোপীয় সকলে "ৱেষ্ট ইণ্ডিজ" ব্যৱহাৰ কৰিবলৈ ধৰিলে, সেই অঞ্চলক ইণ্ডিজ (দক্ষিণ এছিয়া আৰু দক্ষিণ-পূব এছিয়া)ৰ পৰা পৃথক কৰিবলৈ।
-
ভাৰতীয় ভাষা
ভাৰতৰ ভাষাসমূহ বহুতো ভাষা পৰিয়ালত বিভক্ত, যাৰ ভিতৰত মুখ্য দুটা হৈছে ইণ্ডো-আৰ্য ভাষা (ভাৰত-আৰ্য ভাষা বুলিও কোৱা হয়)—যি ৭৮.০৫% ভাৰতীয়ই কোৱা ভাষাসমূহৰ অন্তৰ্গত; আৰু দ্ৰাবিড় ভাষা—যি ১৯.৬৪% ভাৰতীয়ই ব্যৱহাৰ কৰে। এই দুয়োটা পৰিয়ালক একেলগে কেতিয়াবা ইণ্ডিক ভাষা পৰিয়াল বুলিও কোৱা হয়।
-
বৈদিক কাল
বৈদিক কাল হৈছে ভাৰতীয় উপমহাদেশৰ ইতিহাসৰ এটি প্ৰাচীন যুগ, যাৰ সময়সীমা সাধাৰণতে প্ৰায় খ্ৰীষ্টপূৰ্ব ১৫০০ ৰ পৰা খ্ৰীষ্টপূৰ্ব ৫০০ লৈ বিস্তৃত বুলি ধৰা হয়। এই সময়ছোৱাত বেদসমূহ ৰচনা আৰু মৌখিকভাৱে সংৰক্ষণ কৰা হৈছিল, যি বৈদিক সংস্কৃতি আৰু ধৰ্মীয় চিন্তাধাৰাৰ প্ৰধান উৎস হিচাপে বিবেচিত।
-
ভাৰতৰ জনজাতীয় ধৰ্মসমূহ
ভাৰতত জনজাতীয় ধৰ্মসমূহ (ইংৰাজী: Tribal religions in India) বুলিলে ভাৰতৰ বিভিন্ন অনুসূচিত জনজাতিসহ বহু জনজাতীয় স্থানীয়, গাঁও-ভিত্তিক, প্ৰকৃতি-আশ্ৰিত বা পুৰ্বপুৰুষ-আধাৰিত ধৰ্মীয় বিশ্বাস আৰু আচাৰ-অনুষ্ঠান বুজোৱা হয়।