বৰপেটা জিলা
১৩ প্ৰবন্ধ
-
বৰপেটা জিলা
বৰপেটা জিলা অসমৰ পশ্চিমাংশত অৱস্থিত এখন গুৰুত্বপূৰ্ণ প্ৰশাসনিক জিলা, যাৰ সদৰ বৰপেটা চহৰ। ঐতিহাসিক সত্ৰ-সংস্কৃতি, নদী-সমভূমিৰ কৃষিজীৱন আৰু বাণিজ্যিক কেন্দ্ৰসমূহৰ বাবে জিলাখন বিশেষভাৱে পৰিচিত।
-
বৰপেটা সত্ৰ
বৰপেটা সত্ৰ অসমৰ বৰপেটা চহৰত অৱস্থিত এক ঐতিহ্যমণ্ডিত বৈষ্ণৱ সত্ৰ, যি শ্ৰীশ্ৰী মাধৱদেৱে ১৫০৫ শক (১৫৮৩ খ্ৰীষ্টাব্দ)ত প্ৰতিষ্ঠা কৰিছিল। ই ধৰ্মীয় অনুশাসন, গণ-সমাজ-সংগঠন, উৎসৱ-সংস্কৃতি আৰু সত্ৰ-স্থাপত্যৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে পৰিচিত।
-
বৰপেটা লোকসভা সমষ্টি
বৰপেটা লোকসভা সমষ্টি (Barpeta Lok Sabha constituency) অসমৰ ১৪টা লোক সভা সমষ্টিৰ ভিতৰত এটা।
-
পাটবাউসী সত্ৰ
পাটবাউসী সত্ৰ ( Paatbauxi Satra) পাটবাউসী সত্ৰ বৰপেটা সত্ৰৰ পৰা দুই কিলোমিটাৰ আঁতৰৰ এখন বৈষ্ণৱ সত্ৰ। ইয়াতেই শংকৰদেৱে প্ৰায় উনৈশ বছৰ কাল থাকি নানা শাস্ত্ৰ ৰচনা কৰিছিল।
-
সুন্দৰীদিয়া সত্ৰ
সুন্দৰীদিয়া সত্ৰ (Sundaridiya Satra) অসমৰ মহাপুৰুষীয়া নৱবৈষ্ণৱ ধৰ্মৰ চাৰি সংহতিৰ ভিতৰৰ নিকা সংহতিৰ এক সত্ৰ৷ শংকৰদেৱৰ প্ৰিয় শিষ্য মাধবদেৱে ১৫৭০ চনত এই সত্ৰ স্থাপন কৰিছিল৷ বৰপেটা সত্ৰৰ উত্তৰ পূব কোণত প্ৰায় ৩ কিলোমিটাৰ দূৰত বৰপেটা ভবানীপুৰ পথত এই সুন্দৰীদিয়া সত্ৰ অৱস্থিত আৰু ইয়াতে মাধবদেৱে ১৪…
-
বৰপেটা চিকিৎসা মহাবিদ্যালয়
বৰপেটা চিকিৎসা মহাবিদ্যালয় (Barpeta Medical College & Hospital) অসমৰ পঞ্চমখন চিকিৎসা মহাবিদ্যালয়। এই মহাবিদ্যালয় সংলগ্ন চিকিৎসালয়খন ২০১১ চনৰ ১১ ফেব্ৰুৱাৰী তাৰিখে আনুষ্ঠানিক ভাৱে উদ্বোধন কৰা হয়। বৰপেটা চিকিৎসা মহাবিদ্যালয়খন শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ অধীনত পঞ্জীকৃত।
-
বাঘবৰ বিধানসভা সমষ্টি
বাঘবৰ বিধানসভা সমষ্টি (ইংৰাজী: Baghbar Assembly constituency) আছিল উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ বিধানসভাৰ অন্যতম সমষ্টি। ১৯৬৭ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। ২০২৩ চনত ভাৰতৰ নিৰ্বাচন আয়োগে প্ৰকাশ কৰা চূড়ান্ত সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াত এই সমষ্টিটো সম্পূৰ্ণৰূপে বিলুপ্ত কৰা হয়।
-
বৰপেটা ৰোড
বৰপেটা ৰোড (Barpeta Road) অসমৰ বৰপেটা জিলাত অৱস্থিত এখন ঠাই৷
-
হাউলী
হাউলী (IPA:ˈhaʊlɪ) (Howli) অসমৰ বৰপেটা জিলাত অৱস্থিত এখন ঠাই।
-
শ্ৰীশ্ৰীপৰিহৰেশ্বৰ দেৱালয়
শ্ৰীশ্ৰীপৰিহৰেশ্বৰ দেৱালয় হৈছে অসমৰ বৰপেটা জিলাৰ পাঠশালাৰ পৰা তিনি কিলোমিটাৰ আঁতৰৰ ডুবি গাঁৱত অৱস্থিত এখন দেৱালয়। এই দেৱালয় অসমৰ অন্যতম প্ৰাচীন আৰু ঐতিহ্যমণ্ডিত শৈৱপীঠ তথা এটা উল্লেখযোগ্য পৰ্যটন কেন্দ্ৰ। কুমাৰ ভাস্কৰ বৰ্মাৰ ডুবিৰ তাম্ৰলিপিয়ে এইখন পীঠস্থানৰ মহত্ত্ব আৰু গৰিমা বহন কৰি আহিছে।
-
কাপলা বিল
কাপলা বিল (Kapla Beel) হʼল অসমৰ বৰপেটা জিলাৰ সৰ্থেবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত বনিয়াকুছি-হালধীবাৰীৰ দক্ষিণ দিশত অৱস্থিত এখন আৰ্দ্ৰভূমি আৰু হ্ৰদ।
-
বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়
বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় (Barpeta Govt. Higher Secondary School) বৰপেটাৰ মৰানদীৰ পাৰত অৱস্থিত এখন বিদ্যালয়। ব্ৰিটিছৰ ৰাজত্বৰ কালত মহকুমাধিপতি শৰৎচন্দ্ৰ বেনাৰ্জী আৰু পেচকাৰ কালীচৰণ মুখাৰ্জীৰ প্ৰচেষ্টাত ১৮৭১ চনত এই বিদ্যালয় স্থাপন হয়।
-
বৰপেটা সত্ৰত মহিলাৰ প্ৰৱেশ
বৰপেটা সত্ৰ অসমৰ বৰপেটা জিলাৰ বৰপেটা চহৰত অৱস্থিত এখন ঐতিহ্যমণ্ডিত সত্ৰ। শ্ৰীশ্ৰীমাধৱদেৱে ১৫০৫ শকত (১৫৮৩ খ্ৰীষ্টাব্দ) বৰপেটা সত্ৰ প্ৰতিষ্ঠা কৰিছিল আৰু তাত তেওঁ ৮ বছৰ ধৰি আছিল। এই সত্ৰৰ মূল কীৰ্তনঘৰ আৰু মণিকূট গৃহত মহিলাৰ প্ৰৱেশ নিষেধ।