লিংগ বৈষম্য
৯ প্ৰবন্ধ
-
লিংগ অনুসৰি মজুৰিৰ ব্যৱধান
লিংগ অনুসৰি দৰমহাৰ ব্যৱধান বা লিংগ অনুসৰি মজুৰিৰ ব্যৱধান (Gender pay gap) হ’ল কাম কৰা পুৰুষ আৰু মহিলাৰ পাৰিতোষিকৰ মাজৰ গড় পাৰ্থক্য। সাধাৰণতে মহিলাসকলক পুৰুষতকৈ কম দৰমহা পোৱা দেখা যায়। দৰমহাৰ ব্যৱধানৰ সন্দৰ্ভত দুটা সুকীয়া সংখ্যা আছে: অ-নিয়মিত (Non adjusted) বনাম নিয়মিত মজুৰিৰ (adjusted) ব্যৱধান।
-
লিংগ বৈষম্য আৰু ভাৰতীয় নাৰী
লিংগ বৈষম্য (Gender Discrimination বা Gender Bias) হৈছে সামাজিকভাৱে নিৰ্মিত লিংগৰ ভূমিকাৰ ওপৰত ভিত্তি কৰি কৰা যিকোনো পাৰ্থক্য, আৰু প্ৰতিবন্ধকতা যি ব্যক্তি এজনক সম্পূৰ্ণ মানৱ অধিকাৰ উপভোগ কৰাত বাধা দিয়ে কিছু সামাজিক বিজ্ঞানীৰ মতে ই এক সামাজিক প্ৰক্ৰিয়া যাৰ দ্বাৰা পুৰুষ আৰু মহিলাক সমান বুলি বিবেচনা…
-
লিঙ্গ ভিত্তিক গৰ্ভপাত
লিঙ্গ ভিত্তিক গৰ্ভপাত বা লিঙ্গ নিৰ্বাচিত গৰ্ভপাত (sex-selective abortion) হৈছে শিশুৰ লিঙ্গৰ ওপৰত আধাৰিত কৰি গৰ্ভধাৰণ সমাপ্ত কৰাৰ অনুশীলন। মহিলা ভ্ৰূণৰ বাছনিমূলক গৰ্ভপাত পৃথিৱীৰ কিছুমান ঠাইত হয় য'ত লʼৰা শিশুক ছোৱালী শিশুতকৈ বেছি মূল্য দিয়া হয়, বিশেষকৈ পূৱ এছিয়া আৰু দক্ষিণ এছিয়াৰ কিছু অংশত (যেনে…
-
ভাৰতত লিংগ অনুসৰি মজুৰিৰ ব্যৱধান
ভাৰতত লিংগ অনুসৰি মজুৰিৰ ব্যৱধান (Gender pay gap in India) হৈছে বেতনপ্ৰাপ্ত নিযুক্তি আৰু শ্ৰমিক মাজত মহিলা আৰু পুৰুষৰ মাজত উপাৰ্জনৰ পাৰ্থক্য। ২০১৩ বৰ্ষত ভাৰতত লিংগ অনুসৰি মজুৰিৰ ব্যৱধান ২৪.৮১% বুলি অনুমান কৰা হৈছিল।
-
লিংগ বিশ্লেষণ
লিংগ বিশ্লেষণ Gender Analysis হৈছে এক প্ৰকাৰৰ আৰ্থ-সামাজিক বিশ্লেষণ যিয়ে লিংগ সম্পৰ্কৰ দ্বাৰা প্ৰভাৱিত হোৱা উন্নয়নৰ সমস্যাৰ দিশবোৰ উন্মোচন কৰে। লিংগ বিশ্লেষণৰ কাঠামোসমূহে লিংগ বিশ্লেষণ নিয়ন্ত্ৰণ কৰিবৰ বাবে এক পদ্ধতি প্ৰদান কৰে।
-
বিবাহ প্ৰতিবন্ধক
বিবাহ প্ৰতিবন্ধক (Marriage bar) হৈছে বিবাহিত মহিলাৰ নিয়োগক বাধা দিয়াৰ এক প্ৰথা। ১৯ শতিকাৰ শেষৰ ফালৰ পৰা ১৯৭০ চনলৈকে ইংৰাজী ভাষী দেশসমূহত সাধাৰণতে এই প্ৰথা দৃষ্টিগোচৰ হৈছিল ৷ এই প্ৰথাই প্ৰায়ে এগৰাকী মহিলাৰ বিবাহৰ সময়ত নিয়োগ বন্ধ কৰাৰ আহ্বান জনাইছিল।
-
চাইকেল চালনা আৰু নাৰীবাদ
বহুকেইটা ক্ষেত্ৰতে বাইচাইকেলে নাৰীৰ জীৱনধাৰাৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিছে৷ ১৮৯০ৰ দশকত আমেৰিকান আৰু ইউৰোপিয়ান সমাজক প্ৰভাৱান্বিত কৰি যোৱা বাইচাইকেলৰ উন্মাদনাৰ সময়তে নাৰীৰ সামাজিক ভূমিকাইও গুৰুত্বপূৰ্ণ প্ৰসংগ হিচাপে ঠাই পাইছে৷ এইখিনি সময়তে এই বাইচাইকেলবোৰে মহিলাক চলন-ফুৰণৰ বাবে যথেষ্ট সুবিধা প্ৰদান…
-
বৰপেটা সত্ৰত মহিলাৰ প্ৰৱেশ
বৰপেটা সত্ৰ অসমৰ বৰপেটা জিলাৰ বৰপেটা চহৰত অৱস্থিত এখন ঐতিহ্যমণ্ডিত সত্ৰ। শ্ৰীশ্ৰীমাধৱদেৱে ১৫০৫ শকত (১৫৮৩ খ্ৰীষ্টাব্দ) বৰপেটা সত্ৰ প্ৰতিষ্ঠা কৰিছিল আৰু তাত তেওঁ ৮ বছৰ ধৰি আছিল। এই সত্ৰৰ মূল কীৰ্তনঘৰ আৰু মণিকূট গৃহত মহিলাৰ প্ৰৱেশ নিষেধ।
-
স্ত্ৰী বিদ্বেষ
স্ত্ৰী বা নাৰী বিদ্বেষ (ইংৰাজী: Misogyny) হৈছে এটা ধাৰণা যিয়ে মহিলাৰ প্ৰতি থকা ঘৃণা বা অৱজ্ঞাক বুজায়। এয়া হৈছে পুৰুষতকৈ মহিলাসকলক নিম্ন সামাজিক স্থিতিত ৰাখিবলৈ ব্যৱহৃত এক প্ৰকাৰৰ লিংগ বৈষম্য, যিয়ে পিতৃতান্ত্ৰিকতাৰ সামাজিক ভূমিকা বজাই ৰাখে। হাজাৰ হাজাৰ বছৰ ধৰি স্ত্ৰী বিদ্বেষ প্ৰচলিত হৈ আহিছে।