বুওন নাটাল (ইংৰাজী: Buon Natale; ইটালীয়ান বাক্যাংশৰপৰা অহা, যাৰ অৰ্থ "মেৰী খ্ৰীষ্টমাছ"; মালয়ালম ভাষা: ബോൺ നത്താലെ) হৈছে বৰদিন উদ্যাপনৰ সংগতি ৰাখি ত্ৰিশূৰ আৰ্চডাইচিছ আৰু ত্ৰিশূৰৰ নাগৰিকসকলৰ সহযোগত আয়োজন কৰা এক সাংস্কৃতিক উৎসৱ। ২০১৩ চনৰপৰা প্ৰতি বছৰে কেৰালাৰ থ্ৰিচূৰ চহৰৰ প্ৰাংগনত এই উৎসৱ অনুষ্ঠিত হৈ আহিছে। সৰ্বাধিকসংখ্যক লোকে চাণ্টাক্লজৰ পোছাক পিন্ধি অংশগ্ৰহণ কৰাৰ বাবে ২০১৪ চনত বুওন নাটাল শোভাযাত্ৰাই গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছত স্থান লাভ কৰিছিল।১২৩৪ উৎসৱ উদ্যাপনৰ সমান্তৰালভাৱে দাতব্য পুঁজি সংগ্ৰহৰ উদ্দেশ্যে এই অনুষ্ঠান আৰম্ভ কৰা হৈছিল।৫৬
ইতিহাস
২০১৩ চনত ত্ৰিশূৰ আৰ্চডাইচিছে প্ৰথমবাৰৰ বাবে বুওন নাটাল পৰিচালনা কৰিছিল।৭৮ ইয়াৰ উদ্বোধন কৰিছিল ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি এ. পি. জে. আব্দুল কালামে।৯ এই সাংস্কৃতিক অনুষ্ঠানত ৫,০০০ চাণ্টাক্লজ আৰু ২,০০০ পৰী (angel) অন্তৰ্ভুক্ত আছিল।১০ ২০১৪ চনৰ ২৭ ডিচেম্বৰত এই অনুষ্ঠানত ১৮,১১২ জন চাণ্টাক্লজে অংশগ্ৰহণ কৰি গিনিছ ৱৰ্ল্ড ৰেকৰ্ডছ অৰ্জন কৰে।১৪ ক'ভিড-১৯ মহামাৰীৰ বাবে ২০২০ আৰু ২০২১ বৰ্ষত এই উদ্যাপনঅনুষ্ঠিত হোৱা নাছিল।
২০২২
২০২২ চনৰ ২৭ ডিচেম্বৰত বুওন নাটালৰ দশম সংস্কৰণ অনুষ্ঠিত হয়। শোভাযাত্ৰাটো ত্ৰিশূৰৰ চেইণ্ট থমাছ কলেজৰপৰা আৰম্ভ হৈ ত্ৰিশূৰৰ স্বৰাজ ৰাউণ্ডৰ মাজেৰে পৰিক্ৰমা কৰে। ভাৰত চৰকাৰৰ সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী জন বাৰ্লা ২০২২ চনৰ বুওন নাটালৰ মুখ্য অতিথি আছিল।১১১২
২০২৩
ত্ৰিশূৰৰ এক সজীৱ সাংস্কৃতিক কেন্দ্ৰ স্বৰাজ ৰাউণ্ডত অলেখ চাণ্টাক্লজে উৎসৱমুখৰ নৃত্য প্ৰদৰ্শন কৰে, যিয়ে কেৰালাৰ চহকী বহুত্ববাদী সাংস্কৃতিক ঐতিহ্যক প্ৰতিফলিত কৰে। নাৰ্চাৰীৰ ছাত্ৰ-ছাত্ৰীৰপৰা আৰম্ভ কৰি ৮০ বছৰ উৰ্ধৰ জ্যেষ্ঠ নাগৰিক আৰু মহিলাসকলে চাণ্টাক্লজৰ আইকনিক পোছাক পিন্ধি বুওন নাটালৰ বিশেষ গীতৰ তালে তালে আনন্দৰে নৃত্য কৰে। উদ্বোধনী অনুষ্ঠানত আৰ্চবিশ্বপ মাৰ এণ্ড্ৰিউছ থাঝাথ, মেয়ৰ এম কে ভাৰ্গীছ, সাংসদ টি এন প্ৰথাপন, বিধায়ক পি বালচন্দ্ৰন আৰু চনীশ কুমাৰ জোচেফ, জিলা উপায়ুক্ত কৃষ্ণা তেজা আদিৰ লগতে বহু গণ্য-মান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে।১৩
২০২৪
২০২৪ চনত ১৫,০০০তকৈও অধিক লোকে বুওন নাটাল খ্ৰীষ্টমাছ শোভাযাত্ৰাত অংশগ্ৰহণ কৰে। ত্ৰিশূৰৰ আৰ্চবিশ্বপ মাৰ এণ্ড্ৰিউছ থাঝাথৰ লগতে মন্ত্ৰী কে. ৰাজন আৰু আৰ. বিন্দু, পি. বালচন্দ্ৰন, ত্ৰিশূৰৰ মেয়ৰ এম. কে. ভাৰ্গীছ আৰু অন্যান্য সামাজিক-ৰাজনৈতিক তথা ধৰ্মীয় নেতাসকলে এই অনুষ্ঠানটো উদ্বোধন কৰে। ত্ৰিশূৰ আৰ্চডাইচিছৰ অধীনৰ ১১০টাতকৈও অধিক পেৰিছে (parishes) ইয়াত অংশগ্ৰহণ কৰিছিল। এই অনুষ্ঠানত এক বিশাল শোভাযাত্ৰা উলিওৱা হয়, যিয়ে হাজাৰ হাজাৰ লোকক আকৰ্ষণ কৰে আৰু খ্ৰীষ্টমাছৰ সময়ত ত্ৰিশূৰৰ সাংস্কৃতিক তথা ধৰ্মীয় সম্প্ৰীতিৰ দিশটো প্ৰতিফলিত কৰে।১৪১৫
২০২৫
এই বৰ্ষত চাণ্টাক্লজৰ পোছাক পিন্ধা ১৫,০০০তকৈও অধিক অংশগ্ৰহণকাৰীয়ে চহৰৰ ৰাজপথেৰে সমদল উলিয়াই ত্ৰিশূৰক ৰঙা আৰু বগা ৰঙৰ এক সজীৱ কেন্দ্ৰলৈ ৰূপান্তৰিত কৰে। কেন্দ্ৰীয় সাংস্কৃতিক আৰু পৰ্যটন মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱটে এই শোভাযাত্ৰা উদ্বোধন কৰে। এই বৰ্ষৰ সংস্কৰণত সংগীত পৰিচালক জেৰী আমালদেৱৰ এটা থিম ছং মুকলি কৰাৰ লগতে সুসমঞ্জস ফ্লেছ ম'বচ, প্ৰদৰ্শনী আৰু কিছুমান নতুন উপাদান যেনে- স্কেটিং চাণ্টা, ৰবট চাণ্টা আৰু ড্ৰোন চাণ্টা প্ৰদৰ্শন কৰা হয়। জোথী ইঞ্জিনিয়াৰিং কলেজৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলে নিৰ্মাণ কৰা এআই-চালিত চলন্ত প্ৰদৰ্শনীসমূহে এই উদ্যাপনত এক ভৱিষ্যতমুখী মাত্ৰা প্ৰদান কৰে। ধৰ্মীয় নেতা, মন্ত্ৰী আৰু নাগৰিক প্ৰতিনিধিসকলৰ অংশগ্ৰহণৰ লগতে অনুষ্ঠানটোৰ সৈতে জড়িত দাতব্য কাৰ্যসূচীসমূহে বুওন নাটালৰ সামাজিক দায়িত্ব, সাম্প্ৰদায়িক সম্প্ৰীতি আৰু সামূহিক আনন্দৰ ওপৰত গুৰুত্ব আৰোপ কৰে।১৬১৭১৮
শোভাযাত্ৰা
এই শোভাযাত্ৰা ত্ৰিশূৰৰ চেইণ্ট থমাছ কলেজৰপৰা আৰম্ভ হৈ স্বৰাজ ৰাউণ্ড পৰিক্ৰমা কৰে আৰু শক্তন থাম্পুৰান খেলপথাৰত শেষ হয়। ত্ৰিশূৰ আৰ্চডাইচিছৰ অধীনৰ বিভিন্ন গীৰ্জাৰ সদস্যসকলে এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰে।৫১৯
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ (2014-12-28). 'Buon Natale' enters Guinness World Records. The Hindu
- ↑ Mighty 'Buon Natale' procession paints Thrissur in red. Asianet News Network Pvt Ltd
- ↑ Indian Parade Sets Guinness Record With 18,112 Santas. National Catholic Register
- ↑ People in Kerala create world record for largest Santa Claus gathering · News - Times of India Videos. The Times of India
- ↑ Largest gathering of Santa Claus. Guinness World Records
- ↑ (2019-12-20). Buon Natale exhibition begins. The Hindu, Special Correspondent
- ↑ (2015-12-28). Santas' day out in Thrissur. Deccan Chronicle
- ↑ Santas on wheelchairs. www.thenewsminute.com
- ↑ IANS. (2013-12-27). 5,000 Santas, 2,000 angels in biggest Xmas pageant. Business Standard India
- ↑ 5,000 Santas, 2,000 angels in biggest Xmas pageant. Firstpost
- ↑ (2022-12-23). Buon Natale-2022 to be celebrated on December 27. The Hindu
- ↑ buon natale thrissur അണിനിരന്നത്... www.twentyfournews.com
- ↑ (2023-12-28). More than 10,000 Santa Clauses add colour to Buon Natale celebrations at Thrissur. The Times of India
- ↑ (2024-12-27). Thrissur buzzes with festivity as Santas take over the streets. The Hindu
- ↑ ആഘോഷമൊരുക്കി ബോൺ നതാലെ; കൺനിറയെ പാപ്പാമാർ. ആഘോഷമൊരുക്കി ബോൺ നതാലെ; കൺനിറയെ പാപ്പാമാർ
- ↑ (2025-12-27). Buon Natale rally turns Thrissur into a living canvas of Christmas joy. The Hindu
- ↑ സാന്റാക്കടലായി തൃശൂരിലെ ‘ബോൺ നതാലെ’ സാന്താക്ലോസ് റാലി; അണിനിരന്നത് 15,000 പാപ്പമാർ. സാന്റാക്കടലായി തൃശൂരിലെ ‘ബോൺ നതാലെ’ സാന്താക്ലോസ് റാലി; അണിനിരന്നത് 15,000 പാപ്പമാർ
- ↑ Bharat, E. T. V. (2025-12-28). ഏത് മൂഡ്.. സാൻ്റാ മൂഡ്.. തൃശൂർ കളറാക്കി ബോൺ നതാലെ; അണിനിരന്നത് 15,000 പാപ്പമാർ. ETV Bharat News
- ↑ (2019-12-27). Thousands of Santa Clauses descend on Thrissur. The Hindu
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বুওন নাটাল” প্ৰবন্ধৰ সংশোধন ৬২৫২৫২ (৮ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।