বিষ্ণু পুৰাণ (Vishnu Puran) হ’ল বি. আৰ. চোপ্ৰাই প্ৰযোজনা কৰা শ্ৰীবিষ্ণুৰ ওপৰত নিৰ্মিত এখন ভাৰতীয় পৌৰাণিক কথাৰ ধাৰাবাহিক। ইয়াক বিষ্ণু পুৰাণৰ আধাৰত নিৰ্মাণ কৰা হৈছিল। ধাৰাবাহিকখন পৌৰাণিক কাহিনী আৰু ধৰ্ম শাস্ত্ৰৰ কথাৰে সমাহাৰ। বিষ্ণুৰ ১০টা অৱতাৰৰ লগতে অন্য কাহিনী যেনে- ধ্ৰুৱ আদিৰ কথাও ইয়াত সামৰি লোৱা হৈছে। ধাৰাবাহিকখন প্ৰথমে ২০০০ চনৰ ২৩ জানুৱাৰী তাৰিখৰ পৰা প্ৰতি দেওবাৰে পুৱা জি টিভি চেনেলৰ যোগেদি সম্প্ৰচাৰ কৰা হৈছিল। পাছলৈ ১২৬টা খণ্ডক একত্ৰিত কৰি ডিভিডি (ডিস্ক) ৰূপত প্ৰকাশ কৰে।১
ইয়াত নিতীশ ভৰদ্বাজে বিষ্ণু আৰু বৈদেহীয়ে দেৱী লক্ষ্মীৰ মুখ্য চৰিত্ৰত অভিনয় কৰে। ইয়াৰ আগতে নিতীশ ভৰদ্বাজে চোপ্ৰাৰ টেলিভিচন ৰূপান্তৰিত মহাকাব্য মহাভাৰতত শ্ৰীবিষ্ণুৰ অষ্টম অৱতাৰ শ্ৰীকৃষ্ণৰ ভূমিকাও পালন কৰিছিল। ধাৰাবাহিকখনৰ সংগীত পৰিচালক হ’ল ৰাজ কমল। যিয়ে মহাভাৰততো কাম কৰিছিল।
মহামাৰী ক’ৰণা ভাইৰাছৰ (Covid-19) পৰিপ্ৰেক্ষিতত তলাবন্ধা (Lockdown) হোৱাৰ সময়ছোৱাত 'ডিডি ভাৰতী' চেনেলত ১৪ মাৰ্চ, ২০২০ -ৰ পৰা প্ৰতিদিনে সন্ধিয়া ৭ বজাৰ পৰা এই বিষ্ণু পুৰাণ ধাৰাবাহিকখন দেখুওৱা হৈছিল।২
অভিনয়ত
| ক্ৰমিক নং | প্ৰকৃত নাম | অভিনয় | অভিনয় | অভিনয় | অভিনয় | অভিনয় |
|---|---|---|---|---|---|---|
| ১ | নিতীশ ভৰদ্বাজ | বিষ্ণু | ৰাম | কৃষ্ণ | বামন | পৰশুৰাম |
| ২ | বৈদেহী অমৰুতে | লক্ষ্মী | ||||
| ৩ | সুধীৰ ডালবী | ব্ৰহ্মা | ||||
| ৪ | নিমাই বালি | জয় | হিৰণ্যকশিপু | ৰাৱণ | ||
| ৫ | সমৰ জয় সিং | শিৱ | ||||
| ৬ | সন্দীপ মোহন | ইন্দ্ৰ | ||||
| ৭ | বিক্ৰান্ত চতুৰ্বেদী | নাৰদ | ||||
| ৮ | মহেন্দ্ৰ ঘুলে | বিজয় | হিৰণ্যাক্ষ | কুম্ভকৰ্ণ | ||
| ৯ | জিব্ৰান খান | ধ্ৰুৱ | ||||
| ১০ | সমীৰ ধৰ্মাধিকাৰী | মনু | ||||
| ১১ | ঋষভ শুক্লা | দশৰথ | ||||
| ১২ | ৰীণা কাপুৰ | সীতা | ||||
| ১৩ | অমিত পাচৰি | লক্ষ্মণ | ||||
| ১৪ | আয়ুস পাণ্ডে | ভৰত | ||||
| ১৫ | নৰেন্দ্ৰ ঝা | কৰ্ণ | ||||
| ১৬ | দীপক জেথী | কালকেতু | ||||
| ১৭ | কামালিকা গুহা ঠাকুৰতা | সুমিত্ৰা |
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিষ্ণু পুৰাণ (ধাৰাবাহিক)” প্ৰবন্ধৰ সংশোধন ৩৬৪২২৭ (৪ মে’ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।