অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মমতী চাৰী

মমতী চাৰী (ইংৰাজী: Mamathi Chari; জন্ম ২১ ডিচেম্বৰ ১৯৭৮) এগৰাকী ভাৰতীয় ৰেডিঅ' জকী, টেলিভিছন ব্যক্তিত্ব আৰু অভিনেত্ৰী যিয়ে মূলতঃ তামিল চলচ্চিত্ৰ আৰু টেলিভিছন অনুষ্ঠানত অভিনয় কৰে। তেওঁ টেলিভিছন অনুষ্ঠান ৱানাক্কাম তামিঝাৰ আঁত ধৰিছিল আৰু ধাৰাবাহিক বাণী ৰাণীত অভিনেত্ৰী হিচাপে কাম কৰিছিল।

হালনাগাদ: ২ এপ্ৰিল ২০২৬ ১৫০ শব্দ · ১ মিনিট সংগৃহীত ৮৭
সংশোধনৰ পৰামৰ্শ

মমতী চাৰী (ইংৰাজী ভাষা: Mamathi Chari; জন্ম ২১ ডিচেম্বৰ ১৯৭৮) এগৰাকী ভাৰতীয় ৰেডিঅ' জকী, টেলিভিছন ব্যক্তিত্ব আৰু অভিনেত্ৰী যিয়ে মূলতঃ তামিল চলচ্চিত্ৰ আৰু টেলিভিছন অনুষ্ঠানত অভিনয় কৰে।১ তেওঁ টেলিভিছন অনুষ্ঠান ৱানাক্কাম তামিঝাৰ আঁত ধৰিছিল আৰু ধাৰাবাহিক বাণী ৰাণীত অভিনেত্ৰী হিচাপে কাম কৰিছিল।২৩

ব্যক্তিগত জীৱন

মমতীৰ জন্ম ১৯৭৮ চনৰ ২১ ডিচেম্বৰত তামিলনাডুৰ চেন্নাইত হৈছিল। তেওঁ ছেক্ৰেড হাৰ্ট মেট্ৰিকুলেচন হায়াৰ চেকেণ্ডাৰী স্কুলত পঢ়া-শুনা কৰিছিল আৰু পিছলৈ আই.পি. পাভলভত নামভৰ্তি কৰি চিকিৎসা বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল।৪ বিবাহ বিচ্ছেদৰ পিছত তেওঁ মনোৰঞ্জন জগতৰপৰা বিৰতি লৈ এগৰাকী ব্যৱসায়ী মহিলা হিচাপে কাম আৰম্ভ কৰে।৫ ২০১৭ চনত তেওঁ পুনৰ চৰ্চালৈ আহে। অৱশ্যে ২০২০ চনত তেওঁ ঘোষণা কৰে যে তেওঁ স্থায়ীভাৱে টেলিভিছন উদ্যোগ ত্যাগ কৰিব আৰু চিকিৎসা বিদ্যালয়ত মনোনিৱেশ কৰিব।৬৭

কেৰিয়াৰ

মমতীয়ে ৰাজ টিভিত এংকৰ হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।৪ বিভিন্ন টেলিভিছন অনুষ্ঠানত ঘোষিকা হিচাপে কাম কৰাৰ পূৰ্বে তেওঁ ২০০৭ চনত বিগ এফ.এমৰ বিগ ৱানাক্কামৰ বাবে এগৰাকী আৰ.জে হিচাপে কাম কৰিছিল।২ ২০১৩ চনত চান টিভিত সম্প্ৰচাৰিত ধাৰাবাহিক বাণী ৰাণীৰ জৰিয়তে তেওঁ অভিনয় জীৱনৰ পাতনি মেলে। ইয়াত তেওঁ কোকিলা স্বামীনাথন আৰু জেচি নামৰ দুটা বিৰোধী (খলনায়িকা) চৰিত্ৰত দ্বৈত অভিনয় কৰিছিল। পিছলৈ তেওঁ চান টিভিত সম্প্ৰচাৰিত টেলিভিছন শ্ব’ ৱানাক্কাম তামিঝাত ৰেডিঅ’ জকী হিচাপে কাম কৰে। ২০১৮ চনত তেওঁ ষ্টাৰ বিজয়ত সম্প্ৰচাৰিত ৰিয়েলিটি শ্ব’ বিগ বছ (তামিল ছিজন ২)ত এগৰাকী প্ৰতিযোগী হিচাপে অংশগ্ৰহণ কৰিছিল, অৱশ্যে প্ৰদৰ্শনৰ ১৪ দিনত তেওঁক ঘৰৰপৰা বহিষ্কাৰ কৰা হয়। অনুষ্ঠানটোৰপৰা বিদায় লোৱাৰ পাছত তেওঁ ২০২০ চনত টাইম এন্না বছ! ? নামৰ মিনি ৱেব ছিৰিজত অভিনয় কৰে।৮

২০২২ চনত তেওঁ ২ বছৰৰ বিৰতিৰ পিছত পুনৰ উভতি অহাৰ কথা ঘোষণা কৰে আৰু অজিত কুমাৰ তথা মঞ্জু ৱাৰিয়াৰৰ সৈতে মুক্তি পাবলগীয়া ছবি থুনিভুত এক সহযোগী চৰিত্ৰত অভিনয়ৰ বাবে চুক্তিবদ্ধ হয়।৯

চলচ্চিত্ৰপঞ্জী

বছৰছবিচৰিত্ৰটোকা
২০২৩থুনিভুচেনেল হেড
কোলাইচিকিৎসক

ৱেব ছিৰিজ

বছৰশীৰ্ষকচৰিত্ৰনেটৱৰ্ক
২০২০টাইম এন্না বছ! ?ঘৰৰ গৰাকীএমেজন প্ৰাইম ভিডিঅ'

টেলিভিছন

বছৰঅনুষ্ঠানভূমিকাচেনেলটোকা
২০০১নী নান আভালষ্টাৰ বিজয়
২০০৪হেল্ল’ তামিঝাঘোষিকাষ্টাৰ বিজয়
২০১৩ৰাণী মহাৰাণীঘোষিকাচান টিভি
২০১৩-২০১৭বাণী ৰাণীকোকিলা স্বামীনাথন / জেচিচান টিভিদ্বৈত ভূমিকা
২০১৭ৱানাক্কাম তামিঝাঘোষিকাচান টিভি
২০১৮বিগ বছ (তামিল ছিজন ২)প্ৰতিযোগীষ্টাৰ বিজয়১৪ দিনত বহিষ্কৃত

তথ্যসূত্ৰ

  1. ↑ Mamathi Chari Age, Boyfriend, Height, Husband & More Facts. www.biography.mastdunia.com
  2. ↑ ‘Stylish Thamizhachi’ is a fitness freak. Deccan Chronicle
  3. ↑ Taking the small screen big-time. Deccan Chronicle
  4. ↑ (27 April 1997). ரஷியா to ராஜ் டீ.வி. Kalki. পৃ. 78–79
  5. ↑ Divorce ஆனபிறகு மன அழுத்தத்துலேருந்து வெளியே வர பல ஆண்டுகளாச்சு! Mamathi Chari Emotional. cinema.vikatan.com
  6. ↑ The ‘The Making of Heroes: The Adventures of Zoe and Scruffy’, incorporates topics such as divorce, adoption and gender neutrality. দ্য হিন্দু
  7. ↑ Mamathi shares helpline number for women facing domestic abuse. Times Of India
  8. ↑ 'Time Enna Boss' made me realise I can do comedy, says Mamathi Chari. www.deccanherald.com
  9. ↑ யுவராஜ், லாவண்யா. (2022-10-29). Mamathi Chari in Thunivu: துணிவு படத்தில் இணைந்துள்ள புதிய பிரபலம்.. டப்பிங் முடிச்சாச்சு.. விவரம் உள்ளே. ABP Nadu

সম্পৰ্কিত শ্ৰেণী

তামিল চলচ্চিত্ৰৰ অভিনেত্ৰীভাৰতীয় অভিনেত্ৰীমিছ চেন্নাই

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মমতী চাৰী” প্ৰবন্ধৰ সংশোধন ৫৯৯৬৬২ (২ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।