বানান কৰি পঢ়া লুইতৰ পানী (Banan Kori Porha Luitor Pani) অসমৰ কবি অনুভৱ তুলসীৰ এখন কাব্য সংকলন। সংকলনখন ২০১৯ চনত বনলতাই প্ৰকাশ কৰি উলিয়ায়। সংকলনখনত কবিৰ ৬৫টা কবিতা সন্নিৱিষ্ট কৰা হৈছে। সংকলনৰ আৰম্ভণিতে অনুভৱ তুলসীয়ে ৰসিক-সুজনৰ সৌৰজগত শিৰোনামাৰে এক পাতনি অন্তৰ্ভুক্ত কৰিছে।১
লেখকৰ চমু পৰিচয়
মূল প্ৰবন্ধ: অনুভৱ তুলসী'অনুভৱ তুলসী' (Anubhav Tulasi) অসমৰ এজন কবি, অনুবাদক, চিনেমা সমালোচক, গল্পকাৰ, সম্পাদক। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ১৯৮৪ চনত ইংৰাজী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰে। ১৯৮৩ চনৰপৰা ২০১৮ চনলৈকে শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ত অধ্যাপক হিচাপে চাকৰি কৰি অৱসৰ গ্ৰহণ কৰে। ২০২৩ চনলৈকে তেওঁৰ ২০খন কবিতাপুথি প্ৰকাশ পাইছে।
কবিতাসমূহ
- হেমন্তৰ চিঠি
- এইবেলি
- প্ৰভাতী পটুৱা
- মগীয়াত মগন
- ধন-বিত্ বৰ্ষ
- দেউতা, মা
- ধ্বনিময় হেঙুলৰ হেঁপাহ
- কান্দোনৰ এদিন
- ভৰ বাৰিষা
- হকিঙে মনতে ভাবিলে
- দানিয়ুব
- গল্পপাঠ
- যোৱানিশা
- ধনুৰাসন
- ঘোঁৰা
- মহামহিমা
- শুভবৰ্ণ
- বতাহৰ কথা
- চকু
- আজিৰ অতন্দ্ৰ অঞ্চল
- দুটা কবিতা
- নাওখেলৰ গীত
- ৰঙা পদুম
- ৰিটাৰ স্কেলত
- হাইকু
- নদীখন দেখা নাই
- অজাতি শেলুৱৈ
- ৰঙা সূতাৰ মহুৰা
- জোন
- সময় যে তাকৰ
- এক জানুৱাৰী
- সোণাইখুলি: পহিলা ব'হাগৰ সন্ধ্যা
- তামোলবাৰী বাগিচাত
- বিষকৰ্ষণ
- ভৰা সাঁজ বেলা পানী-যুঁৱলিৰপৰা
- তৃতীয় দিৱস
- আজি পুৱা বেলিৰ বয়স
- মঙ্গল
- কাছ উৰি যোৱা দেখি
- ঔফুলীয়া
- তেওঁৰ হাতত
- দুই বন্ধু
- গুড়িপৰুৱা
- শাওণৰ আকাশ
- শৱ-সাধনা
- কোৱাচোন কোৱা
- বাউল ফকীৰ বসুন্ধৰা
- দিখৌ দেখা নাই
- মথাউৰি তোমালৈ মনত পৰিল
- তিনিটা কবিতা
- প্ৰিয়ংকাৰ পাহি
- চুমৈকৈ পচলা
- ৰচনাৰ পূৰ্ণ পাঠ
- পহিলা জানুৱাৰী
- জন্মজয়ন্তী
- অলিয়া বলিয়া বৰষুণে অঁকা স্নিগ্ধচিত্ৰ
- জীৱিত কবিতা
- মেঘ
- ফুলৰ ৰাণী
- জুই চকৰি
- আমাৰ বিহুকাপোৰ কোনে নিলে
- পোখা মেলা
- গছৰ নামেৰে গাঁও
- নৱ তৰঙ্গ
তথ্যসূত্ৰ
- ↑ অনুভৱ তুলসী. (২০১৯). বানান কৰি পঢ়া লুইতৰ পানী. বনলতা. ISBN 978-93-89644-01-2
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বানান কৰি পঢ়া লুইতৰ পানী” প্ৰবন্ধৰ সংশোধন ৩৬৬৫৭৭ (২১ মে’ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।