পাৰমিতা এক দিন ( Paromitar Ek Din ) অপৰ্ণা সেনৰ পৰিচালনাত নিৰ্মিত এখন বাংলা ছবি। ২০০০ চনত মুক্তি লাভ কৰা ছবিখনত অপৰ্ণা সেন, ঋতুপৰ্ণ সেনগুপ্ত, সৌমিত্ৰ চেটাৰ্জী, সোহিনী সেনগুপ্ত, ৰজতাভ দত্ত, ৰত্ন ঘোষাল, ৰাজেশ শৰ্মা, কৌশিক বেনাৰ্জী, ৰীতা কইৰাল, দুলাল লাহিড়ী, সুমিত্ৰা মুখাৰ্জী, অলকনন্দা ৰায় আদি শিল্পীয়ে মুখ্য চৰিত্ৰত অভিনয় কৰিছে।১২
কাহিনীৰ সাৰাংশ
পাৰমিতাৰ এক দিন ছবিখনত বন্ধুত্ব আৰু নিসংগতাৰ দুই বিপৰীতধৰ্মী বিষয়বস্তুৰ সন্ধান কৰা হৈছে। ছবিখনৰ আৰম্ভণি হয় সনাকাৰ অন্ত্যেষ্টিক্ৰিয়াত পাৰমিতাকো নিমন্ত্ৰণ কৰা হয়। ফ্লেছবেকত দেখুওৱা হয় যে পাৰমিতাই পূৰ্বে সনাকাৰ সৰু পুত্ৰ বীৰুৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। বয়স, পৃষ্ঠভূমি আৰু স্বভাৱৰ পাৰ্থক্য থাকিলেও শাহুৱেক আৰু বোৱাৰীয়েক মাজতো এক শক্তিশালী বান্ধোন গঢ়ি উঠিছিল। কিন্তু যেতিয়া পাৰমিতাৰ বীৰুৰ লগত বিবাহ ভাঙি যায়, তেতিয়া সামাজিক আচাৰ-আচৰণে মহিলাসকলক ঘনিষ্ঠ বন্ধু হৈ থাকিবলৈ বাধা দিয়ে। পাৰমিতাই ৰাজীৱ শ্ৰীবাস্তৱক বিয়া কৰাই নতুন জীৱন আৰম্ভ কৰাৰ সময়তে শাহুৱেক সনাকা হৃদয় বিদীৰ্ণ হয় আৰু অকলশৰীয়া হৈ পৰে। শেষত গুৰুতৰভাৱে অসুস্থ হৈ পৰে। যেতিয়া পাৰমিতাই সনাকাৰ অসুখৰ কথা গম পায়, তেতিয়া তাই নীতি-নিয়মক অৱমাননা কৰিবলৈ বাধ্য হয় আৰু মৃত্যুশয্যাত সনাকাক পৰিচৰ্যা কৰিবলৈ উভতি যায়। সনাকাৰ মৃত্যু হয়। ফ্লেছবেক শেষ হয়। পাৰমিতাই অন্ত্যেষ্টিক্ৰিয়া গুছি আহে আৰু উপলব্ধি কৰে যে তাই আৰু ৰাজীৱে তেওঁলোকৰ প্ৰথম সন্তানৰ আশা কৰিছে।৩
বঁটা
ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (২০০০)
- শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী (সোহিনী সেনগুপ্ত)
- বঙালী ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবি
- শ্ৰেষ্ঠ মহিলা নেপথ্য কণ্ঠশিল্পী ("হৃদয় আমাৰ প্ৰকাশ" গীতটোৰ বাবে জয়শ্ৰী দাসগুপ্ত)
তথ্যসূত্ৰ
- ↑ (15 January 2018). অনেক কথা বললেন অপৰ্ণা. www.prothomalo.com
- ↑ Bhattacharya, Pritha. (2020-08-20). Film Review: Paromitar Ek Din Explores The Friendship Between A Mother-In-Law & Daughter-In-Law. Feminism In India
- ↑ 47th National Film Awards. Directorate of Film Festivals
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পাৰমিতা এক দিন” প্ৰবন্ধৰ সংশোধন ৫০৩৮৬০ (১৮ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।