বাজিন (Bazin, বিকল্পভাৱে Bazeen লিখা হয় আৰু লিবিয়ান তামাঝাইট ভাষাত উচু বুলি কোৱা হয়) হৈছে লিবিয়াৰ খাদ্যৰ অন্তৰ্গত একপ্ৰকাৰ ৰুটি; যি বাৰ্লি, পানী আৰু নিমখেৰে প্ৰস্তুত কৰা হয়।১ পানীত বাৰ্লিৰ আটা সিজাই আৰু তাৰ পিছত মাগ্ৰাফ নামৰ এই কামৰ বাবে বিশেষভাৱে নিৰ্মিত এডাল লাঠীৰে কোবাই এটা মণ্ড (dough) তৈয়াৰ কৰি বাজিন প্ৰস্তুত কৰা হয়।২ মণ্ডটো তাৰ পিছত এখন কেৰাহীত থৈ কঠিন হ'বলৈ দিয়া হ'ব পাৰে,৩ যাৰ পিছত ইয়াক বেক কৰা হয় বা ভাপত দিয়া হয়। নিমখে বাজিন কঠিন কৰাত সহায় কৰে। বাজিনৰ গাঁথনি পেষ্টৰ দৰে আৰু কঠিন হ'ব পাৰে। ইয়াক গোটেই ঘেঁহুৰ আটা, অলিভ অইল আৰু জলকীয়া ব্যৱহাৰ কৰিও প্ৰস্তুত কৰিব পাৰি।৩৪
বাজিন সাধাৰণতে বিলাহী চচ, কণী, আলু আৰু ভেড়াৰ মাংসৰ সৈতে পৰিবেশন কৰা হয়। এই প্ৰস্তুত প্ৰণালীত মণ্ডটোক পিৰামিড বা গম্বুজৰ আকৃতি দিয়া হয়, যাৰ পিছত ইয়াৰ ওপৰত বা চাৰিওফালে বিলাহী ভিত্তিক চুপ বা মাংস আৰু আলুৰ ষ্ট্যু ঢালি দিয়া হয় আৰু সিজোৱা কণীৰে সজাই তোলা হয়।২৩ গৰম চুপৰ ভিতৰত এটা কেঁচা কণীও দি দিয়া হ'ব পাৰে।৩ বাজিন সিজোৱা কোমোৰা আৰু বিলাহী চচৰ মিশ্ৰণৰ সৈতেও খাব পাৰি।
খাদ্য গ্ৰহণ কৰাৰ সময়ত বাজিন "মোহাৰি আঙুলিৰে খোৱা হ'ব পাৰে।"৪ ই সাধাৰণতে সোঁ হাতেৰে খোৱা হয় আৰু সামূহিকভাৱে উপভোগ কৰা হ'ব পাৰে।৩ বাজিনক লিবিয়াৰ এক পৰম্পৰাগত খাদ্য আৰু ৰাষ্ট্ৰীয় খাদ্য হিচাপে বৰ্ণনা কৰা হৈছে।৩৪
চচ
ভেড়াৰ মাংস (পছন্দ অনুসৰি কান্ধ বা ভৰিৰ অংশ) কটা পিঁয়াজ, হালধি, নিমখ, জলকীয়া গুড়ি, হেলবা (মেথি), মিঠা পাপ্ৰিকা, ক'লা জলকীয়া আৰু বিলাহী পেষ্টৰ সৈতে ভাজি বাজিন চচ প্ৰস্তুত কৰা হয়। ইয়াত বৰ মাহ, দালি আৰু আলুও যোগ কৰিব পাৰি। চচ, কণী, আলু আৰু মাংসখিনি মণ্ডৰ গম্বুজটোৰ চাৰিওফালে সজাই দিয়া হয়। খাদ্যবিধ সাধাৰণতে নেমু আৰু সতেজ বা আচাৰ কৰা জলকীয়াৰ সৈতে পৰিবেশন কৰা হয়।
ইতিহাস
বাজিন প্ৰস্তুত কৰাৰ পুৰণি পদ্ধতিটো হ'ল মণ্ডটোক হাতৰ তলুৱা সমান পিঠা কৰি কিডিৰ নামৰ বিশেষ তামৰ পাত্ৰত পানীত দি ৰন্ধা। বাৰ্লিৰ পিঠাবোৰ কঠিন হৈ উঠিলে সেইবোৰ পাত্ৰটোতে এখন ডাঙৰ, চেপেটা, কাঠৰ হেতাৰে ভাঙি মিশ্ৰণ কৰি এটা ডাঙৰ টুকুৰা কৰা হয়। আজিকালি প্ৰায়ে ব্লেন্ডাৰ ব্যৱহাৰ কৰা হয়, বা মণ্ডটো পুডিংৰ দৰে লগে লগে পানীত ৰন্ধা হয়।
তথ্যসূত্ৰ
- ↑ Rozario, P. (2004). Libya. Countries of the world. Gareth Stevens Pub. পৃ. 40. ISBN 978-0-8368-3111-5
- ↑ Davidson, A.; Jaine, T.; Davidson, J. (2006). The Oxford Companion to Food. Oxford Companions. OUP Oxford. পৃ. 1356. ISBN 978-0-19-101825-1
- ↑ Long, L.M. (2015). Ethnic American Food Today: A Cultural Encyclopedia. Rowman & Littlefield Publishers. পৃ. 376. ISBN 978-1-4422-2731-6
- ↑ Blady, K. (2000). Jewish Communities in Exotic Places. Jason Aronson, Incorporated. পৃ. 327. ISBN 978-1-4616-2908-5
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাজিন” প্ৰবন্ধৰ সংশোধন ৫৮৭৬৭৩ (১৩ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।