অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

আলিভংভং

আলিভংভং (ইংৰাজী: Alivongvong) হৈছে টাইৱানৰ আদিবাসী আমিষ লোকসকলৰ এক পৰম্পৰাগত খাদ্য। এই খাদ্যবিধত মাংসৰে পূৰ্ণ কৰা আঠাজাতীয় চাউলৰ এটা ডাম্পলিং থাকে, যাক হাতেৰে তৈয়াৰী পাতৰ বাস্কেট বা মোনাত অতি সাৱধানে ভৰাই ৰখা হয়।

হালনাগাদ: ২৭ এপ্ৰিল ২০২৬ ২০০ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

আলিভংভং (ইংৰাজী ভাষা: Alivongvong) হৈছে টাইৱানৰ আদিবাসী আমিষ লোকসকলৰ এক পৰম্পৰাগত খাদ্য। এই খাদ্যবিধত মাংসৰে পূৰ্ণ কৰা আঠাজাতীয় চাউলৰ এটা ডাম্পলিং থাকে, যাক হাতেৰে তৈয়াৰী পাতৰ বাস্কেট বা মোনাত অতি সাৱধানে ভৰাই ৰখা হয়। সাধাৰণতে এই ডাম্পলিংটোৰ বাবে বগা আৰু ক’লা— এই দুই ধৰণৰ আঠাজাতীয় চাউলৰ সংমিশ্ৰণ ব্যৱহাৰ কৰা হয়। ইয়াৰ ভিতৰত দিয়া পুৰবোৰৰ ভিতৰত গাহৰিৰ মাংস, বনৰীয়া গাহৰিৰ মাংস, মাছ আৰু কাঠফুলা আদি অন্যতম।১ আলিভংভং টাইৱানৰ নাইট মাৰ্কেট আৰু থলুৱা আদিবাসী খাদ্য উপলব্ধ হোৱা ভোজনালয়বোৰত পোৱা যায়, যিয়ে বহুল জনসাধাৰণক পৰম্পৰাগত আমিষ খাদ্যৰ সোৱাদ লোৱাৰ সুযোগ দিয়ে।২

প্ৰস্তুত প্ৰণালী

আলিভংভং প্ৰস্তুত কৰিবলৈ কেকোঁৱা (pandan) গছৰ কোমল পাত ব্যৱহাৰ কৰা হয়, যাৰ কাইট আৰু কাষবোৰ আগতেই এৰুৱাই লোৱা হয়। এই পাতবোৰ গুঠি সৰু সৰু বাস্কেটৰ দৰে আকৃতি দিয়া হয়। বগা আৰু ক’লা দুয়োবিধ আঠাজাতীয় চাউল ভালদৰে ধুই গোটেই ৰাতি তিয়াই থোৱা হয়। তিয়াই থোৱা চাউলখিনি পাতৰ বাস্কেটবোৰত প্ৰায় দুই-তৃতীয়াংশ পৰিমাণত ভৰাই দিয়া হয়।৩ তাৰ পিছত বাস্কেটবোৰ প্ৰায় এঘণ্টাৰ বাবে ভাপত দি সিজোৱা হয়। এই সময়ছোৱাত কেকোঁৱা পাতে ইয়াৰ সুগন্ধ আৰু সোৱাদ চাউলৰ ডাম্পলিংটোত বিয়পাই দিয়ে।৪

সাংস্কৃতিক গুৰুত্ব

সহজে কঢ়িয়াই নিব পৰা সুবিধাৰ বাবে আলিভংভংক প্ৰায়ে আমিষ লাঞ্চবক্স বুলি কোৱা হয়। অতীতত আমিষ মহিলাসকলে চিকাৰলৈ যোৱা তেওঁলোকৰ স্বামীসকলৰ বাবে এই আহাৰ প্ৰস্তুত কৰাটো এক সাধাৰণ পৰম্পৰা আছিল। ই পৰম্পৰাগত আমিষ সংস্কৃতিত এই খাদ্যবিধৰ গুৰুত্বপূৰ্ণ ভূমিকাক সূচাই।৫

তথ্যসূত্ৰ

  1. ↑ Alivongvong. Taste Atlas
  2. ↑ The Bonds Between Island Nations — An Interview with Marshall Islands Ambassador Anjanette Kattil. New Southbound Policy Portal
  3. ↑ 原民粽子意義大不同 「阿里鳳鳳」等於愛心便দাও. Central News Agency
  4. ↑ (2011-04-04). 5 Hidangan Dumpling Khas Taiwan yang Paling Terkenal, Bikin Ketagihan!. IDN Times
  5. ↑ Sustainable Food Wisdom —The Foraging Culture of the Amis People. Overseas Community Affairs Council

সম্পৰ্কিত শ্ৰেণী

ৰাষ্ট্ৰীয় ব্যঞ্জন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আলিভংভং” প্ৰবন্ধৰ সংশোধন ৬০৩১৮০ (২৭ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।