ৰুটি
৮ প্ৰবন্ধ
-
আপেল ব্ৰেড
আপেল ব্ৰেড (Apple bread) টাইৱানৰ এবিধ জনপ্ৰিয় নিৰামিষ খাদ্য, সাধাৰণতে ব্ৰেকফাষ্টৰ বস্তু হিচাপে বা লঘু জলপান হিচাপে ইয়াক খোৱা হয়। লিউ ঝেজিয়ে উদ্ভাৱন কৰা এই ৰেচিপিটো সমগ্ৰ টাইৱানৰ স্কুলৰ কেণ্টিন, স্থানীয় গেলামালৰ দোকান, সুবিধাজনক দোকান, চুপাৰ মাৰ্কেটত বহুলভাৱে উপলব্ধ।
-
কলৰ ৰুটি
কলৰ ৰুটি পিটিকি মিহি কৰা কলৰ পৰা তৈয়াৰী এক প্ৰকাৰৰ মিঠা ৰুটি বা কেক। ই প্ৰায়ে আৰ্দ্ৰ আৰু মিঠা দ্ৰুত ৰুটি যদিও কিছুমান ৰেচিপিত ইষ্ট সংযোগ কৰা হয়।
-
গাটা (খাদ্য)
গাটা এবিধ আৰ্মেনিয়ান পেষ্ট্ৰি বা মিঠা ৰুটি। আৰ্মেনিয়াত গাটাৰ বহুতো প্ৰকাৰ দেখা যায়। সাধাৰণতে, নিৰ্দিষ্ট চহৰ বা অঞ্চলৰ নিজস্ব সংস্কৰণ থাকে। ইয়াক বিভিন্ন আকৃতি, আকাৰত পোৱা যায় আৰু ইয়াক সজাই তোলা বা অলংকৃত কৰি ৰখা হ’ব পাৰে। বহু আগতে গাটা টোনিৰত বেক কৰা হৈছিল যদিও এতিয়া অভেনত বেক কৰা হয়।
-
টান ঙাং
টান ঙাং (ꯇꯟ ꯉꯥꯡ) (টান আঙাংবা (ꯇꯟ ꯑꯉꯥꯡꯕ) বুলিও কোৱা হয়) হৈছে উত্তৰ-পূব ভাৰতৰ মণিপুৰৰ মেইটেই খাদ্যৰ অন্তৰ্গত এবিধ পম্পৰাগত ৰুটি ভাজি। ইয়াক সাধাৰণতে ময়দা আৰু দৈৰে তৈয়াৰ কৰা হয়।
-
ফেট ৰাস্কেল (খাদ্য)
ফেট ৰাস্কেল ঐতিহাসিক টাৰ্ফ কেকৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত এক প্ৰকাৰৰ কেক, ই সোৱাদ আৰু উপাদান দুয়োটা দিশতে স্কোন বা ৰক কেকৰ দৰেই। ইয়াৰ উৎপত্তি ইয়ৰ্কশ্বাৰত অন্ততঃ ১৯ শতিকাৰ আগতেই হৈছিল।
-
বাজিন
বাজিন (Bazin, বিকল্পভাৱে Bazeen লিখা হয় আৰু লিবিয়ান তামাঝাইট ভাষাত উচু বুলি কোৱা হয়) হৈছে লিবিয়াৰ খাদ্যৰ অন্তৰ্গত একপ্ৰকাৰ ৰুটি; যি বাৰ্লি, পানী আৰু নিমখেৰে প্ৰস্তুত কৰা হয়।
-
বানবুৰী কে’ক
বানবুৰী কে’ক এবিধ মছলাযুক্ত, কণী আকৃতিৰ, কিচমিচ ভৰ্তি পেষ্ট্ৰি। ১৯ শতিকাৰ মাজভাগৰ পৰাই বানবুৰী কে’ক ক্ৰমান্বয়ে এক্লেছ কেকৰ সৈতে মিল খাইছে; কিন্তু আগৰ ৰুপবোৰ আধুনিক পেষ্ট্ৰিৰ পৰা যথেষ্ট পৃথক আছিল। কিচমিচৰ উপৰিও ভৰোৱা মিশ্ৰণত সাধাৰণতে বাকলি, ব্ৰাউন চুগাৰ, ৰাম আৰু জাইফল থাকে।
-
বাবকা
বাবকা পোলেণ্ড আৰু ইউক্ৰেইনৰ ইহুদী সম্প্ৰদায়ৰ খাদ্যাভ্যাসৰ পৰা উৎপত্তি হোৱা মিঠা ফোঁপোলা ৰুটি। ইজৰাইলত (সততে ইয়াক কেৱল চেনিৰ কেক বুলি কোৱা হয়) আৰু ইহুদী প্ৰব্ৰজনকাৰীসকলৰ মাজত ই জনপ্ৰিয়।