একি আৰু ছল্টফিছ (ইংৰাজী ভাষা: Ackee and saltfish) হৈছে জামাইকাৰ ৰাষ্ট্ৰীয় খাদ্য যিটো ভজা একি ফল আৰু লুণ্ঠিত কড মাছৰ সৈতে প্ৰস্তুত কৰা হয়।
পাৰ্শ্বপটভূমি
একি ফল (Blighia sapida) হৈছে জামাইকাৰ ৰাষ্ট্ৰীয় ফল।১ ১৭২৫ চনৰ আগতে ঘানাৰ পৰা ইয়াক কেৰিবিয়ানলৈ 'একি' বা 'আকি' নামেৰে অনা হৈছিল, যিটো আছিল আকান জনগোষ্ঠীৰ আন এটা নাম— 'আকিয়েম'। ফলটোৰ বৈজ্ঞানিক নামটো কেপ্তেইন উইলিয়াম ব্লাইৰ সন্মানত ৰখা হৈছে, যিয়ে ১৭৯৩ চনত জামাইকাৰ পৰা এই ফলটো ইংলেণ্ডৰ কিউত থকা ৰয়েল বটানিক গাৰ্ডেনলৈ লৈ গৈছিল আৰু বিজ্ঞান জগতৰ সৈতে পৰিচয় কৰাই দিছিল।২ যিহেতু ফলটোৰ কিছুমান অংশ বিষাক্ত (যেনে পকি বাকলিটো মেল খাই নোযোৱালৈকে ইয়াৰ এৰিল অংশ), সেয়েহে আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে দেশলৈ ইয়াৰ আমদানিৰ ক্ষেত্ৰত কিছুমান বাধা-নিষেধ আছে।৩ আনহাতে, লুণ্ঠিত কড মাছ দীৰ্ঘদিন ধৰি নষ্ট নোহোৱাকৈ থকা আৰু এক সস্তীয়া প্ৰটিনৰ উৎস হিচাপে জামাইকাত দাসসকলৰ বাবে পৰিচয় কৰাই দিয়া হৈছিল।৪ পশ্চিম আফ্ৰিকাত একি ফলক প্ৰধানকৈ ঔষধ বা চাবোনৰ উপাদান হিচাপে ব্যৱহাৰ কৰা হয় আৰু ইয়াক খাদ্য হিচাপে গ্ৰহণ কৰা নহয়।৫ পশ্চিম আফ্ৰিকাৰ অন্যান্য অংশ যেনে কোট ডি আইভৰৰ উত্তৰ দিশৰ কাটিঅ'লা, চিনেম্যাটিয়ালি আৰু খৰঘো অঞ্চলত আৰু বুৰকিনা ফাচোৰ টুছিয়ানা আৰু পেনি বিভাগত একিক খাদ্য হিচাপে (সাধাৰণতে শুকান পেষ্ট হিচাপে) গ্ৰহণ কৰা হয়।৬
প্ৰস্তুত প্ৰণালী
এই খাদ্যবিধ প্ৰস্তুত কৰিবলৈ লুণ্ঠিত কড মাছক সিজোৱা একি, পিঁয়াজ, স্কট বনট জলকীয়া, বিলাহীৰ সৈতে ভজা হয় আৰু তাৰ পিছত জালুক আৰু পাপ্ৰিকাৰ দৰে মচলা দি সোৱাদযুক্ত কৰা হয়।৭ ইয়াক বেকন আৰু বিলাহীৰে সজাব পাৰি আৰু সাধাৰণতে ৰাতিপুৱাৰ আহাৰ হিচাপে ব্ৰেডফ্ৰুইট, হাৰ্ড ড' ব্ৰেড, ডাম্পলিং বা সিজোৱা কেঁচা কলৰ সৈতে পৰিবেশন কৰা হয়।৮৯
একি আৰু ছল্টফিছক 'ৰাইচ এণ্ড পি'জ' বা বগা ভাতৰ সৈতেও খাব পাৰি।১০১১ যেতিয়া বিভিন্ন মচলা (পিয়াঁজ, স্কেলিয়ন, থাইম, নহৰু) আৰু ছল্টফিছ ভাতৰ সৈতে মিহলি কৰা হয়, তেতিয়া ইয়াক প্ৰায়ে "চিজণ্ড ৰাইচ" বুলি কোৱা হয়, য'ত একি ফলকো অন্তৰ্ভুক্ত কৰিব পাৰি।১২
জনপ্ৰিয় সংস্কৃতিত
একি আৰু ছল্টফিছক জামাইকাৰ ৰাষ্ট্ৰীয় খাদ্য হিচাপে বহুলভাৱে গণ্য কৰা হয়।১৩১৪১৫ দ্য গাৰ্ডিয়ান কাকতৰ মতে, জামাইকান দৌৰবিদ উচেইন ব’ল্টে প্ৰায়ে ৰাতিপুৱাৰ আহাৰত একি আৰু ছল্টফিছ খায়।১৬ হেৰী বেলাফন্টেৰ ১৯৫৬ চনৰ জনপ্ৰিয় গান "জামাইকা ফেয়াৰৱেল"ত উল্লেখ আছে যে, "একি ৰাইচ, ছল্টফিছ আৰ নাইচ"।১৭
তথ্যসূত্ৰ
- ↑ National Fruit – Ackee – Office of the Prime Minister
- ↑ ACKEE
- ↑ Import Alert 21-11
- ↑ Wilson, Korsha. (21 June 2017). The History of Jamaica Tastes Like Ackee and Saltfish. Vice
- ↑ Sainsbury, Brendan. Ackee and saltfish: Jamaica's breakfast of champions. www.bbc.com
- ↑ Ackee - an overview · ScienceDirect Topics. www.sciencedirect.com
- ↑ Heather Arndt Anderson. (11 July 2013). Breakfast: A History. AltaMira Press. পৃ. 74. ISBN 978-0-7591-2165-2
- ↑ James Newton. Jamaican Cookbook - Classic Jamaican Cuisine. Springwood emedia. পৃ. 13. ISBN 978-1-4762-3118-1
- ↑ John DeMers. (13 March 2012). Authentic Recipes from Jamaica. Tuttle Publishing. পৃ. 66. ISBN 978-1-4629-0536-2
- ↑ Rashid, Adnan. (18 October 2019). Take a sneak peek at the exciting new menu at this Burton pub. Derbyshire Live
- ↑ Keith Lorren. (July 2012). Caribbean Soul Cookbook. Lulu. পৃ. 24. ISBN 978-1-105-91549-9
- ↑ Dr. Milicent J. Coburn. (3 November 2017). Treasures of the Tropics. Trafford Publishing. পৃ. 74. ISBN 978-1-4907-8462-5
- ↑ Dunne, Daisy. Interactive: How climate change could threaten the world's traditional dishes. Carbon Brief
- ↑ Washington, Bryan. (1 July 2019). Coming Back to Ackee and Saltfish, Jamaica's National Dish. The New Yorker
- ↑ (2011-09-13). Top 10 National Dishes -- National Geographic. Travel
- ↑ Seal, Rebecca. (18 April 2015). Breakfast of champions: Usain Bolt's ackee and saltfish. The Guardian
- ↑ Harry Belafonte – Jamaica Farewell
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “একি আৰু ছল্টফিছ” প্ৰবন্ধৰ সংশোধন ৬৩৬৮৬৫ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।