অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

বক্সিং ডে'

বক্সিং ডে বৰদিনৰ পাছদিনা পৰম্পৰাগতভাৱে পালন কৰা এটা বন্ধৰ দিন। এইদিনা আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা, হংকং, অষ্ট্ৰেলিয়া, নিউজিলেণ্ড, কেনিয়া, দক্ষিণ আফ্ৰিকা, গায়ানা, ট্ৰিনিদাদ এণ্ড টবেগ', জামাইকা আৰু আন কমন্‌ৱেল্‌থ ৰাষ্ট্ৰসসমূহত লগুৱা আৰু ব্যৱসায়ীসকলে তেওঁলোকৰ ওপৰৱালা বা নিয়োগকৰ্তাৰ পৰা…

হালনাগাদ: ২৮ জুলাই ২০২৩ ৩৬৬ শব্দ · ২ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

বক্সিং ডে বৰদিনৰ পাছদিনা পৰম্পৰাগতভাৱে পালন কৰা এটা বন্ধৰ দিন। এইদিনা আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা, হংকং, অষ্ট্ৰেলিয়া, নিউজিলেণ্ড, কেনিয়া, দক্ষিণ আফ্ৰিকা, গায়ানা, ট্ৰিনিদাদ এণ্ড টবেগ', জামাইকা আৰু আন কমন্‌ৱেল্‌থ ৰাষ্ট্ৰসসমূহত লগুৱা আৰু ব্যৱসায়ীসকলে তেওঁলোকৰ ওপৰৱালা বা নিয়োগকৰ্তাৰ পৰা "খ্ৰীষ্টমাছ বক্স" নামেৰে উপহাৰ লাভ কৰে।১ আজিকালি সেইসমূহ দেশত ২৬ ডিচেম্বৰত বেংকসমূহ বন্ধ থাকে।

দক্ষিণ আফ্ৰিকাত বক্সিং ডে'ক ১৯৯৪ চনত 'Day of Goodwill' নাম দিয়া হয়। কেথলিকসকলৰ মাজত আৰু ইটালী, ফিনলেণ্ড আৰু ফ্ৰান্সৰ আল্‌ছাছ আৰু মজেলিত এই দিনটো ছেইণ্ট ষ্টিফেন্‌ছ ডে' বুলি জনা যায়। আয়াৰলেণ্ডত এই দিনটো ছেইণ্ট ষ্টিফেন্‌ছ ডে' আৰু ডে' অৱ ৰেন বা ৰেন্‌ছ ডে' (Day of the Wren or Wren's Day) বুলি জনাজাত। জাৰ্মানী, পোলেণ্ড আৰু নেডাৰলেণ্ডছকে ধৰি বহু ইউৰোপীয়ান দেশত ২৬ ডিচেম্বৰ দিনটো দ্বিতীয় খ্ৰীষ্টমাছ দিৱস হিচাপে পালন কৰা হয়।২ ইয়াৰ উৎপত্তি গ্ৰেট বৃটেইনত হৈছিল আৰু ইয়াৰ পূৰ্বে ব্ৰিটিছ সাম্ৰাজ্যৰ অংশ হিচাপে গঠিত কেইবাখনো দেশত ইয়াক উদযাপন কৰা হয়। সংলগ্ন বেংক ছুটী বা ৰাজহুৱা বন্ধৰ দিনটো প্ৰয়োজন হ’লে ২৮ ডিচেম্বৰত হ’ব পাৰে যাতে ই সপ্তাহৰ কোনো দিনত পৰে। বক্সিং ডে’ খ্ৰীষ্টান উৎসৱ চেণ্ট ষ্টিফেনছ ডে’ৰ সৈতেও সমান্তৰালভাৱে পালন কৰা হয়। ইউৰোপৰ কিছু অংশত, যেনে স্পেইনৰ কেইবাটাও অঞ্চলত, চেক গণৰাজ্য, জাৰ্মানী, অষ্ট্ৰিয়া, হাংগেৰী, নেদাৰলেণ্ড, ইটালী, পোলেণ্ড, শ্লোভাকিয়া, ক্ৰ'ৱেচিয়া, ডেনমাৰ্ক, ফিনলেণ্ড, ছুইডেন, বেলজিয়াম, নৰৱে, আৰু আয়াৰলেণ্ড, ২৬ ডিচেম্বৰত চেণ্ট ষ্টিফেনছ দিৱস, যিটো বৰদিনৰ দ্বিতীয় দিন বুলি গণ্য কৰা হয়।

উৎস

"বক্সিং ডে'" শব্দৰ প্ৰকৃত উৎস স্পষ্ট নহয়। এই বিষয়ে কেইবাটাও মতবাদ আছে কিন্তু এটাও সম্পূৰ্ণ সঠিক নহয়।৩ দুখীয়া আৰু তলতীয়াসকলক ধন বা আন উপহাৰ দিয়া ইউৰোপীয়ান পৰম্পৰাটো মধ্যযুগৰ পৰা চলি আহিছে কিন্তু প্ৰকৃত উৎস জনা নাযায়। দুখীয়াৰ বাবে অৰ্থ সংগ্ৰহ কৰিবলৈ উপাসনাৰ ঠাইবোৰত থোৱা আল্ম্‌ছ বক্সৰ লগত ইয়াৰ সংযোগ আছে বুলি বিশ্বাস কৰা হয়। শেষ ৰোমান/আদি খ্ৰীষ্টান যুগত গীৰ্জাৰ বাহিৰত ছেইণ্ট ষ্টিফেন্‌ছ ডে'ৰ সম্পৰ্কিত৪বিশেষ বস্তু সংগ্ৰহ কৰিবলৈ থোৱা বাকছৰ লগতো ই জড়িত হ'ব পাৰে যিটো দিন বক্সিং ডে'ৰ লগত একে দিনাই পালিত হয়।

ব্ৰিটেইনত ব্যৱসায়ীসকলে বছৰজুৰি আগবঢ়োৱা ভাল সেৱাৰ বাবে খ্ৰীষ্টমাছৰ পাছদিনা ধন বা অন্য উপহাৰৰ "খ্ৰীষ্টমাছ বক্স" লাভ কৰাটো নিয়ম।৫ চেমুৱেল পেপিছৰ ডায়েৰীৰ ১৬৬৩ চনৰ ১৯ ডিচেম্বৰৰ দিনা এই কথা উল্লেখ আছে।৬ এই নিয়মটোৰ এটা পুৰণা ইংৰাজ পৰম্পৰাৰ লগত সম্পৰ্ক আছে: খ্ৰীষ্টমাছৰ দিনা ধনী মালিকৰ ঘৰ এৰিব নোৱৰা লগুৱাবোৰক পাছদিনা তেওঁলোকৰ পৰিয়ালৰ লগত মিলিত হ'বলৈ অনুমতি দিয়া হৈছিল। নিয়োগকৰ্তাই প্ৰতিজন লগুৱাক উপহাৰ আৰু খাদ্যসম্বলিত একোটা বাকছ ঘৰ লৈ যাবলৈ দিয়ে।

তথ্যসূত্ৰ

Notes

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Parley, Peter (pseud.). (1838). Tales about Christmas. পৃ. 323–8
  2. ↑ Brown, Cameron. (28 August 2006). Christmas Facts, Figures & Fun: Facts, Figures and Fun. পৃ. 21. ISBN 9781904332275
  3. ↑ Boxing Day, [Snopes.com]
  4. ↑ Collins, 2003, p. 38
  5. ↑ Encyclopædia Britannica, 1953 "Boxing day"
  6. ↑ Saturday 19 December 1663 (Pepys' Diary). Pepysdiary.com

সম্পৰ্কিত শ্ৰেণী

দিৱসসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বক্সিং ডে'” প্ৰবন্ধৰ সংশোধন ৩৭২৬১৯ (২৮ জুলাই ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।