বক্সা বাঘ্ৰ সংৰক্ষণ ভাৰতৰ পশ্চিমবংগ ৰাজ্যত অৱস্থিত। এইখন বাঘ সংৰক্ষিত বনাঞ্চল আৰু ৰাষ্ট্ৰীয় উদ্যানে প্ৰায় 760 বৰ্গ কি.মি. অঞ্চল আৱৰি আছে। ইয়াৰ উচ্চতা গংগা সমভূমিৰ 60 মিটাৰ ৰ পৰা উত্তৰত হিমালয় ৰ সীমাত থকা 1750 মিটাৰ লৈকে অৱস্থিত। সংৰক্ষিত বনাঞ্চলখনত কমেও ২৮৪টা প্ৰজাতিৰ চৰাই বাস কৰে।১ইয়াৰ উপৰি স্তন্যপায়ী প্ৰাণীসমূহৰ ভিতৰত এছিয়ান হাতী, গৌৰ, সম্বৰ হৰিণ, ডাৱৰীয়া নাহৰফুটুকী, ভাৰতীয় নাহৰফুটুকী, আৰু এছিয়ান সোণালী মেকুৰী আদি পোৱা যায়।২
ইতিহাস
১৯৮৩ চনত সৃষ্টি হোৱা বক্সা বাঘ্ৰ সংৰক্ষণ হিচাপে স্বীকৃতি পোৱা ভাৰতৰ ১৫ সংখ্যক বাঘ সংৰক্ষিত বনাঞ্চল। ১৯৮৬ চনত সংৰক্ষিত বনাঞ্চলৰ ৩১৪.৫২ বৰ্গ কি.মি. ওপৰত বক্সা বন্যপ্ৰাণী অভয়াৰণ্য গঠন কৰা হয়। ১৯৯১ চনত ৫৪.৪৭ বৰ্গ কি.মি. বক্সা বন্যপ্ৰাণী অভয়াৰণ্যত সংযোজন কৰা হয়। ১৯৯২ চনত পশ্চিমবংগ চৰকাৰে বক্সা বন্যপ্ৰাণী অভয়াৰণ্যৰ 117.10 বৰ্গ কি.মি. ৰ ওপৰত ৰাষ্ট্ৰীয় উদ্যান গঠন কৰাৰ উদ্দেশ্যত ৰাজ্য চৰকাৰে অধিসূচনা নং 3403-For/11B-6/95 dt. ০৫.১২.১৯৯৭ দ্বাৰা ঘোষণা কৰে।৩
ভূগোল
অৱস্থান

বক্সা বাঘ্ৰ সংৰক্ষণ পশ্চিমবংগৰ আলিপুৰদুৱাৰ জিলাত অৱস্থিত। ইয়াৰ উত্তৰ সীমা ভূটানৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ কাষেৰে গৈছে। বক্সা বাঘ সংৰক্ষিত বনাঞ্চলৰ উত্তৰ দিশৰ সমান্তৰালকৈ সিঞ্চুলা পাহাৰৰ ৰেঞ্জ, আৰু পূব সীমাই অসম ৰাজ্যৰ সীমা স্পৰ্শ কৰে। ইয়াৰ দক্ষিণে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ মোটামুটিভাৱে সীমাৰে পাৰ হৈছে। বনাঞ্চলখণ জৈৱ-বৈচিত্ৰ্যৰ উত্তৰ-পূব ভাৰতৰ পূবতম সম্প্ৰসাৰণ আৰু অতি স্থানীয় ভাৰত-মালয় অঞ্চলক প্ৰতিনিধিত্ব কৰে। বক্সা বাঘ সংৰক্ষিত বনাঞ্চলৰ উত্তৰ দিশত ফিবছু বন্যপ্ৰাণী অভয়াৰণ্যৰে সংলগ্ন আৰু পূৰ্ব দিশত মানাস ৰাষ্ট্ৰীয় উদ্যান আছে। ইয়াৰ বাবে বক্সা বাঘ সংৰক্ষিত বনাঞ্চলখনে ভাৰত আৰু ভূটানৰ মাজত এছিয়ান হাতীৰ প্ৰব্ৰজনৰ বাবে আন্তঃৰাষ্ট্ৰীয় কৰিডৰ হিচাপে কাম কৰে।৪৫
জৈৱ বৈচিত্ৰ্য
উদ্ভিদ
বনাঞ্চলখনত ৪৫০ তকৈ অধিক প্ৰজাতিৰ গছ, ২৫০ প্ৰজাতিৰ জোপোহা, ৪০০ প্ৰজাতিৰ বনৌষধি, ৯ প্ৰজাতিৰ বেত, ১০ প্ৰজাতিৰ বাঁহ, ১৫০ প্ৰজাতিৰ অৰ্কিড, ১০০ প্ৰজাতিৰ ঘাঁহ আৰু ৭০ টাতকৈও অধিক চেজকে ধৰি ১৩০ প্ৰজাতিৰ জলজ উদ্ভিদ (Cyperaceae) এতিয়ালৈকে চিনাক্ত কৰা হৈছে। আন একবংশ আৰু ফাৰ্ণৰ ১৬০টাতকৈও অধিক প্ৰজাতি আছে। বনাঞ্চলখনত থকা প্ৰধান গছবোৰ হ'ল- ছাল গছ, মেগনোলিয়া চাম্পাকা, গমহাৰ, চিমুল আৰু চিক্ৰাছি।৩
বনাঞ্চলৰ প্ৰকাৰৰ ভিতৰত:
- উত্তৰৰ শুকান পৰ্ণপাতী।
- পূব ভাবৰ আৰু তেৰাই চাল।
- পূব হিমালয়ৰ আৰ্দ্ৰ মিশ্ৰিত পৰ্ণপাতী অৰণ্য।
- উপ-হিমালয়ৰ গৌণ আৰ্দ্ৰ মিশ্ৰিত অৰণ্য।
- পূবৰ উপ-পৰ্বতীয়া অৰ্ধচিৰসেউজ অৰণ্য।
- উত্তৰ গ্ৰীষ্মমণ্ডলীয় চিৰসেউজ অৰণ্য।
- পূব হিমালয়ৰ উপগ্ৰীষ্মমণ্ডলীয় ভিজা পাহাৰীয়া অৰণ্য।
- আৰ্দ্ৰ ছাভানা।
- জলজ কম।
- ছাভানা বনাঞ্চল।
প্ৰাণী
২০০০ চনৰ মে'ৰ পৰা ২০০১ চনৰ জুলাইলৈকে কৰা এক সমীক্ষাৰ সময়ত ইউৰেছিয়ান গ্ৰীফন (জিপছ ফুলভাছ), আমুৰ ফালকন(ফালকো আমুৰেন্সিছ), মালয়ান নাইট হেৰন(গৰ্চাচিয়াছ মেলান'লফছ), অৰিয়েণ্টেল পাইড হৰ্ণবিলকে ধৰি ২৮৪টা চৰাইৰ প্ৰজাতি লিপিবদ্ধ কৰা হৈছে। ইয়াৰ উপৰি (এন্থ্ৰাকোচেৰছ এলবিৰোষ্ট্ৰিছ), ৰুফ'ছ-নেকড হৰ্ণবিল (এচেৰছ নিপেলেন্সিছ), চেষ্টনাট-ব্ৰেষ্টেড পাৰ্ট্ৰিজ (আৰ্ব'ৰ'ফিলা মেণ্ডেলি), ডালচেনি বিটাৰ্ন (ইক্স'ব্ৰাইকাছ চিনামোমিয়াছ), ষ্ট্ৰাইপ-ব্ৰেষ্টেড কাঠপেকাৰ (ডেণ্ড্ৰ'ক'পছ এট্ৰাটাছ), মুগা-ফ্ৰণ্টযুক্ত নুথাচ (চিটা ফ্ৰণ্টালিছ) আৰু ক'লা-নেপযুক্ত অৰিঅ'ল (অৰিঅ'লাছ চাইনেনচিছ) আদিও পোৱা যায়।১নাৰথলী হ্ৰদ, ৰাইডাক নদী আৰু জয়ন্তী নদীযৰে প্ৰব্ৰজনকাৰী চৰাই সাধাৰণ মেৰ্গান্সাৰ(মৰ্গাছ মেৰ্গান্সাৰ), ইউৰেছিয়ান টিল(আনাছ ক্ৰেকা), ক'লা ডিঙিৰ ক্ৰেন (গ্ৰাছ nigricollis), ক'লা ষ্টৰ্ক, আৰু ফেৰুজিনাছ পচাৰ্ড আদি বিভিন্ন ধৰণৰ চৰাইৰ সন্ধান পোৱা যায়। ২০০৬ চনত দুটা নতুন বেং প্ৰজাতি আৱিষ্কাৰ কৰা হয়।৩বনাঞ্চলখনত ভাৰতীয় নাহৰফুটুকী, বংগ বাঘ, মেঘময় নাহৰফুটুকী, দৈত্য কাছ, গৌৰ, চিটাল, বন্যগাহৰিকে আদি কৰি মুঠ ৭৩টা স্তন্যপায়ী প্ৰজাতি আছে। ৬৫ বিধ মাছ, ৪১টা সৰীসৃপ আৰু ৪টা উভচৰ প্ৰজাতি চিনাক্ত কৰা হৈছে।২২০১৮ চনৰ ফেব্ৰুৱাৰী মাহত প্ৰথমবাৰৰ বাবে সংৰক্ষিত বনাঞ্চলত সাধাৰণ আৰু দাগযুক্ত এছিয়াটিক সোণালী মেকুৰী দুয়োটাকে ৰেকৰ্ড কৰা দেখা গৈছে। ৬নাহৰফুটুকী মেকুৰী, বেংগল ফ্ল'ৰিকান, পাইথন ৰেটিকুলেটাছ, চীনা পেংগোলিন, হগ হৰিণা আৰু হিস্পিড শহাপহু আদি এই সংৰক্ষিত বনাঞ্চলৰ পৰা বিলুপ্তপ্ৰায় প্ৰজাতি বুলি কব পাৰি। ৭২৩
ভাবুকি
পাহাৰীয়া, ভাভাৰ আৰু নদীৰ পাৰৰ কিছূমান অংশ জুইৰ ফলত ক্ষতিগ্ৰস্ত হয়। সাধাৰণতে অকাঠ বন উৎপাদন সংগ্ৰাহক আৰু ভেড়াৰখীয়াসকলে বনাঞ্চলত জুই জ্বলাই দিয়ে।১অসমৰ পৰা অহা চোৰাং চিকাৰীসকলে প্ৰায় সঘনাই ভাৰতীয় হাতীৰ চোৰাং চিকাৰ কৰিবলৈ আহে।৩
তথ্যসূত্ৰ
- ↑ Sivakumar, S.; Varghese, J.; Prakash, V. (2006). Abundance of birds in different habitats in Buxa Tiger Reserve, West Bengal, India. Forktail. পৃ. 128–133
- ↑ Das, B. K. (2005). Role of NTFPs among forest villagers in a protected area of West Bengal. Journal of Human Ecology. পৃ. 129–136
- ↑ Project Tiger on Buxa
- ↑ RIGHT OF PASSAGE: NATIONAL ELEPHANT CORRIDORS PROJECT | Wildlife Trust of India
- ↑ Singh, Shiv Sahay; Perinchery, Aathira. (11 November 2017). Elephant corridors in India threatened, says study. The Hindu
- ↑ Ghose, M.; Sharma, D.; Murali, N. S. (2019). First photographic evidence of polymorphic Asiatic Golden Cat Catopuma temminckii Vigors & Horsfield, 1827 (Mammalia: Carnivora: Felidae) in Buxa Tiger Reserve, West Bengal, India. Journal of Threatened Taxa. পৃ. 13502–13505
- ↑ Chapman, J. A.; Flux, J. E. C. (1990). Rabbits, hares and pikas: status survey and conservation action plan. পৃ. 128–136. ISBN 9782831700199
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বক্সা বাঘ্ৰ সংৰক্ষণ” প্ৰবন্ধৰ সংশোধন ৫২৮১২০ (২৭ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।