অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাস

বংগৰ নৱজাগৰণ

বংগৰ নৱজাগৰণ (বাংলা ভাষাত: বাংলাৰ নবজাগৰণ) বা বাঙালী নৱজাগৰণ অষ্টদশ শতিকাৰ শেষৰ ভাগৰ পৰা বিংশ শতিকাৰ আৰম্ভণিলৈ বংগ অঞ্চলত দেখা দিয়া এক সাংস্কৃতিক, সামাজিক, বৌদ্ধিক আৰু কলাত্মক আন্দোলন।

হালনাগাদ: ২০ আগষ্ট ২০২৪ ১৮০ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

বংগৰ নৱজাগৰণ (বঙালী ভাষাত: বাংলাৰ নবজাগৰণ) বা বাঙালী নৱজাগৰণ অষ্টদশ শতিকাৰ শেষৰ ভাগৰ পৰা বিংশ শতিকাৰ আৰম্ভণিলৈ বংগ অঞ্চলত দেখা দিয়া এক সাংস্কৃতিক, সামাজিক, বৌদ্ধিক আৰু কলাত্মক আন্দোলন।১ ইতিহাসবিদৰ মতে এই আন্দোলনৰ গুড়ি ১৭৫৭ চনত ঘটা পলাশীৰ যুদ্ধত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিজয় তথা ১৭৭২ৰ চনত জন্ম গ্ৰহণ কৰা সমাজ সংস্কাৰক ৰামমোহন ৰয়ৰ কৰ্মৰাজি, যাক বংগৰ নৱজাগৰণৰ জনকো বোলা হয়।২ নিতিশ সেনগুপ্তৰ মতে এই আন্দোলনৰ অন্ত হ'ল এছিয়াৰ প্ৰথম নোবেল বঁটা বিজয়ী কবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ সৈতে।৩

প্ৰভাৱ

প্ৰায় দুই শতিকাৰ বাবে বংগৰ নৱজাগৰণত দেখা গ'ল ভাৰতীয় সমাজৰ মৌলিক পৰিৱৰ্তন, আৰু বংগৰ নৱজাগৰণত বিকশিত ধাৰণাৰেই ঔপনিৱেশিকতাবাদৰ ভাৰতীয় বিৰোধ তথা ভাৰতীয় জাতীয়তাবাদ বিকশিত হ'ল।৪ বংগৰ নৱজাগৰণৰ ভেঁটি উদাৰতাবাদ আৰু আধুনিকতাবাদৰ এক সুকীয়া সংস্কৰণ।৫ সুমিত সৰকাৰৰ মতে, ঊনবিংশ আৰু বিংশ শতিকাৰ সিংহভাগতে বাঙালী নৱজাগৰণৰ গুড়িধৰোঁতাসকলক শ্ৰদ্ধা কৰা হৈছিল, কিন্তু ১৯৭০ৰ দশকৰ পাছত এই আন্দোলনৰ ঔপনিৱেশিক উৎসৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে, আৰু এক সমালোচনামূলক দৃষ্টিকোণ বিকশিত হৈছে।৬

উল্লেখনীয় ব্যক্তি

বাঙালী হিন্দুসকলেই প্ৰমুখভাৱে বাঙালী নৱজাগৰণত নেতৃত্ব প্ৰদান কৰিছিল।৭ তাৰে মাজত ৰাজা ৰাম মোহন ৰয়, ৰবীন্দ্ৰনাথ ঠাকুৰ, সত্যেন্দ্ৰনাথ বসু আদি অন্যতম। কিন্তু সোহৰাৱাৰ্দি পৰিয়াল, কাজি নজৰুল ইছলাম আৰু ৰোকেয়া ছখাৱত হুছেইনৰ দৰে মুছলমান লোকেও বিশেষ ভূমিকা পালন কৰিছিল।৮

তথ্যসূত্ৰ

  1. ↑ Dasgupta, Subrata. (2011). Awakening: The Story of the Bengal Renaissance. Random House Publishers. পৃ. 2
  2. ↑ Samanta, Soumyajit. (2008). The Bengal Renaissance: a critique. পৃ. 2
  3. ↑ Sengupta, Nitish. (2001). History of the Bengali-speaking People. UBS Publishers' Distributors. পৃ. 211. ISBN 978-81-7476-355-6
  4. ↑ Panikkar, K N. (3 March 2017). Three phases of Indian renaissance. Frontline. Publishing Private Limited
  5. ↑ Sartori, Andrew. (2009). Bengal in Global Concept History. University of Chicago Press. পৃ. 68
  6. ↑ Sarkar, Sumit. (1997). Writing Social History. Oxford University Press. পৃ. 104
  7. ↑ Naranyan Dhar, Pulak. (1987). Bengal Renaissance: A Study in Social Contradictions. Social Scientist. পৃ. 26
  8. ↑ De, Amalendu. (April–June 1995). The Social Thoughts and Consciousness of the Bengali Muslims in the Colonial Period. Social Scientist. পৃ. 16–37

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ স্বাধীনতা আন্দোলনসামাজিক আন্দোলনব্ৰিটিছ শাসিত ভাৰত

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বংগৰ নৱজাগৰণ” প্ৰবন্ধৰ সংশোধন ৪২৯২৮০ (২০ আগষ্ট ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।