পোলেণ্ডৰ ব্যক্তি
৯ প্ৰবন্ধ
-
মেৰী কুৰী
মেৰী স্ক্লডভ্স্কা-কুৰী (Maria Salomea Skłodowska-Curie, চমুকৈ মেৰী কুৰী বা মেডাম কুৰী) পোলেণ্ডৰ এগৰাকী পদাৰ্থবিদ তথা ৰসায়নবিদ। জীৱনৰ বেছিভাগ সময় ফ্ৰান্সত কৰ্মৰত এইগৰাকী মহিলা তেজস্ক্ৰিয়তা বিষয়ক অগ্ৰগামী গৱেষণাৰ বাবে বিখ্যাত।
-
নিক'লাচ ক'পাৰ্নিকাচ
নিক'লাচ ক'পাৰ্নিকাচ (Nicolaus Copernicus; ১৯ ফেব্ৰুৱাৰী ১৪৭৩ - ২৪ মে' ১৫৪৩) এজন বিখ্যাত জ্যোতিৰ্বিজ্ঞানী। তেওঁ নৱজাগৰণ যুগৰ এজন সুবিখ্যাত গণিতজ্ঞ আৰু জ্যোতিৰ্বিজ্ঞানী।
-
মিৰ'শ্লাৱ কলিতা
মিৰ'শ্লাৱ কলিতা (Mirosław Kalita; জন্ম: ১৮ জুলাই ১৯৭০) এগৰাকী প'লেণ্ডৰ পূৰ্ব ফুটবল খেলুৱৈ আৰু বৰ্তমান ফুটবল প্ৰশিক্ষক।তেওঁ মিডফিল্ড পজিচনত খেলিছিল।
-
অল্গা বজনানস্কা
অল্গা বজনানস্কা ( Olga Boznańska; ১৫ এপ্ৰিল ১৮৬৫ – ২৬ অক্টোবৰ ১৯৪০) কুৰি শতিকাৰ পোলেণ্ডৰ এগৰাকী চিত্ৰশিল্পী। পোলেণ্ড আৰু ইউৰোপৰ এগৰাকী উল্লেখযোগ্য চিত্ৰশিল্পী আছিল আৰু শৈলীগতভাৱে ফৰাচী ইম্প্ৰেছনিজমৰ সৈতে জড়িত আছিল যদিও তেওঁ এই পৰিচয় নাকচ কৰিছিল।
-
এলিছা ব্লচ
এলিছা ব্লচ ( Elisa Bloch) এগৰাকী চিলেচিয়ান-ফৰাচী ভাস্কৰ্য্যশিল্পী আছিল। তেওঁৰ জন্ম আনুমানিক ১৮৪৮ চন আৰু মৃত্যু আনুমানিক ১৯০৪ বা ১৯০৫ চন। তেওঁ পাব্লিক ইনষ্ট্ৰাকচন বিষয়া, অৰ্ডাৰ অৱ দ্য লিবাৰেটৰৰ কমাণ্ডাৰ আৰু চেভালিয়াৰ অৰ্ডাৰ অৱ দ্য ড্ৰেগন অৱ আন্নাম আছিল।
-
ড’ৰা বিয়াংকা
ড’ৰা বিয়াংকা ( Dora Bianka; জন্ম: ৬ নৱেম্বৰ, ১৮৯৫, বা ১৮৯৬ – ৮ ছেপ্টেম্বৰ, ১৯৭৯) আছিল এগৰাকী পোলেণ্ডৰ চিত্ৰশিল্পী আৰু চিত্ৰকৰ। তেওঁ ষ্টিল লাইফ পেইন্টিঙৰ বাবে বিশেষকৈ ফ্ৰান্সৰ দক্ষিণৰ সাগৰীয় দৃশ্য আৰু পেৰিছৰ দৃশ্য আৰু লেণ্ডস্কেপ পেইন্টঙৰ বাবে পৰিচিত আছিল।
-
ফ্ৰেডা ব্ৰিলিয়েণ্ট
ফ্ৰেডা ব্ৰিলিয়েণ্ট ( Fredda Brilliant; ৭ এপ্ৰিল ১৯০৩ – ২৫ মে' ১৯৯৯) পোলেণ্ডৰ ল'ড্জত জন্মগ্ৰহণ কৰা এগৰাকী পোলেণ্ডৰ ভাস্কৰ্য শিল্পী আৰু অভিনেত্ৰী। বিভিন্ন মাধ্যমত কাম কৰা ফ্ৰেডাই এগৰাকী নিপুণ ভাস্কৰ্য্য শিল্পী, লেখিকা, অভিনেত্ৰী, গায়িকা আৰু চিত্ৰনাট্যকাৰ হিচাপে স্বীকৃতি লাভ কৰিছে।
-
ফ্ৰেডেৰিক চোপাঁ
ফ্ৰেডেৰিক চোপাঁ (Fryderyk Franciszek Chopin, ১ মাৰ্চ ১৮১০ – ১৭ অক্টোবৰ ১৮৪৯) এজন প'লিছ পিয়ানিষ্ট আৰু গীতিকাৰ আছিল। তেওঁ ৰোমান্টিক যুগৰ অন্যতম প্ৰভাৱশালী সংগীতজ্ঞ আছিল, যিয়ে প্ৰধানকৈ পিয়ানোৰ বাবে সংগীত ৰচনা কৰিছিল।
-
হালিনা ক্ৰষ্ট’ব্স্কা
হালিনা ক্ৰষ্ট'ব্স্কা, জন্ম: ২৫ জুলাই ১৯২৯ চন আৰু মৃত্যু: ২২ এপ্ৰিল ১৯৯০ চন, হেলিনা ক্ৰ'ষ্ট'স্কা-পিওট্ৰ'ভিচ নামেৰেও জনাজাত এগৰাকী পোলেণ্ডৰ ভিচুৱেল আৰ্টিষ্ট, গ্ৰাফিক শিল্পী, প্ৰিণ্টমেকাৰ, কৰ্মী, শিক্ষাবিদ আৰু চিত্ৰকৰ আছিল।