অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

ফজলি আম

ফজলি আম বা ফকিৰভোগ হল ফলৰ ৰজা আমৰ এক প্ৰকাৰ। এই আম দক্ষিণ এছিয়াৰ বিশেষকৈ কৰে বাংলাদেশ আৰু ভাৰতৰ পশ্চিম বংগ আৰু বিহাৰত পোৱা যায়। আমৰ অন্যান্য প্ৰজাতি সমূহতকৈ ই দেৰিকৈ ফলে। সাধাৰণতে জাম আৰু আচাৰ তৈয়াৰ কৰোঁতে ব্যৱহৃত ফজলি আম, আকাৰত বৰ ডাঙৰ হয়; এক কিলোগ্ৰাম বা তাতোকৈ বেছি ওজনৰ হব পাৰে।

হালনাগাদ: ১৪ নৱেম্বৰ ২০২৪ ২৩৫ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

ফজলি আম বা ফকিৰভোগ হল ফলৰ ৰজা আমৰ এক প্ৰকাৰ। এই আম দক্ষিণ এছিয়াৰ বিশেষকৈ কৰে বাংলাদেশ আৰু ভাৰতৰ পশ্চিমবংগ আৰু বিহাৰত পোৱা যায়। আমৰ অন্যান্য প্ৰজাতি সমূহতকৈ ই দেৰিকৈ ফলে। সাধাৰণতে জাম আৰু আচাৰ তৈয়াৰ কৰোঁতে ব্যৱহৃত ফজলি আম, আকাৰত বৰ ডাঙৰ হয়; এক কিলোগ্ৰাম বা তাতোকৈ বেছি ওজনৰ হব পাৰে। ভাৰতৰ পশ্চিমবংগ ৰাজ্যৰ মালদা জিলা১ আৰু বাংলাদেশৰ ৰাজশাহী, চাঁপাইনবাবগঞ্জ জিলা ফজলি খেতিৰ বাবে বিখ্যাত।২৩৪

এপ্ৰিল, ২০০৮ৰ পৰা মাৰ্চ ২০০৯ ৰ মাজভাগত ভাৰত বিশ্ব বাণিজ্য সংস্থাই মালদা জিলাৰ ফজলি আমৰ বাবে ভৌগোলিক স্বীকৃতি লাভ কৰিছে।৫ বাংলাদেশতো ৰাজশাহীৰ ফজলিৰ বাবে ২০১৩ চনত ভৌগোলিক সূচক পাবলৈ ভাৱনা-চিন্তা আৰম্ভ হৈছে।৬৭

নামকৰণৰ ইতিহাস

কথিত আছে, ১৮০০ চনত মালদাৰ কালেক্টৰ ৰেভেন চাহাবে ঘোঁৰাৰ গাড়ীৰে গৌড় লৈ গৈ আছিল। পথত তেওঁৰ পিয়াহ লগাত গাঁৱৰ এক মহিলাক পানী খুজিছিল। ফজলু বিবি নামে সেই মহিলাৰ চোতালত এজোপা ডাঙৰ আমগছ আছিল। ফজলু বিবি সেই আম দি ফকিৰ-সন্ন্যাসীসকলক আপ্যায়ন কৰিছিল (সেইবাবে এই আমৰ আন এক নাম ফকিৰভোগ)। ফজলু বিবি তেওঁক পানীৰ পৰিবৰ্তে এটি আম খাবলৈ দিয়ে। আম খাই কালেক্টৰ চাহাবে ইংৰাজীত তাইক আমৰ নাম সুধিলে। বুজিব নোৱাৰি মহিলা গৰাকীয়ে তাইৰ নিজৰ নাম ক'লে। তেতিয়াৰ পৰা এই আমৰ নাম ফজলি হয়।৮৯১০

বিৱৰণ

ফজলি আম গড়ে ১৩.৮ চে.মি. দীঘল ৯.৫ চে.মি. প্ৰস্থ আৰু ৭.৮ চে.মি. উচ্চতাৰ হয়। গড়ে ওজন প্ৰায় ৬৫৪.৪ গ্ৰাম। আমটো দীঘল আৰু ঈষৎ চেপেটা। পকা আম অলপ হালধীয়া। আঁহবিহীন, ৰসাল, সুগন্ধযুক্ত, সুস্বাদু আৰু মিঠা। গুটি দীঘল, চেপেটা আৰু পাতল। এই আমৰ মিঠাৰ পৰিমাণ ১৭.৫ শতাংশ। আহাৰ-শাওন মাহত, বা সাধাৰণতে জুলাই মাহৰ পৰা ফজলি আম পকে।৮

সাহিত্যত উল্লেখ

বিভিন্ন ধৰণৰ আমৰ উল্লেখ বঙালী সাহিত্যত বহুবাৰ হৈছে। ৰবীন্দ্ৰনাথ ঠাকুৰ তেওঁৰ শেষেৰ কবিতা উপন্যাসত নায়ক অমিত ৰায়ৰ মুখেৰে ফজলি আমৰ উল্লেখ কৰিছে।১১

তথ্যসূত্ৰ

  1. ↑ Ratna Ganguli, TNN Jul 4, 2004, 11.35pm IST. (4 July 2004). Bengal's Fazli mangoes make it to London stores - Economic Times. Articles.economictimes.indiatimes.com
  2. ↑ Hafez Ahmed @ www.thefinancialexpress-bd.com. (22 July 2012). Fazli mango market gains momentum in Rajshahi. Thefinancialexpress-bd.com
  3. ↑ Fazli market gains momentum. The Daily Star
  4. ↑ Fazli mango market gains momentum in Rajshahi. www.thefinancialexpress-bd.com
  5. ↑ STATE WISE REGISTRATION DETAILS OF G.I APPLICATIONS 15th September, 2003 – Till Date. http://ipindia.nic.in/. Geographical Indication Registry
  6. ↑ Mohammad Abu Yusuf and Seikh Ruksana Burhan. (ঢাকা, মঙ্গলবাৰ, ১২ নৱেম্বৰ, ২০১৩). Geographic Indication: The role of the private sector. http://www.bfti.org.bd/. The Financial Express. পৃ. 3
  7. ↑ Our Bureau. Dhaka to contest India’s GI claim over Jamdani sarees, Fazli mangoes | Business Line. Thehindubusinessline.com
  8. ↑ আলম, ফখৰে. আমপাঁচালি. কালেৰ কণ্ঠ
  9. ↑ নাম দিয়ে যায় চেনা. আনন্দবাজাৰ পত্ৰিকা
  10. ↑ আমেৰ মৌতাতে সাহিত্যেৰ স্মৃতিবিলাস. আনন্দবাজাৰ পত্ৰিকা
  11. ↑ পাঠক, আশিস. আমেৰ মৌতাতে সাহিত্যেৰ স্মৃতিবিলাস. আনন্দবাজাৰ পত্ৰিকা

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ ভৌগোলিক স্বীকৃতিফল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফজলি আম” প্ৰবন্ধৰ সংশোধন ৪৪৪৮৬৯ (১৪ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।