অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

হিমসাগৰ আম

হিমসাগৰ আম এক জনপ্ৰিয় আম। বাংলাদেশৰ ৰাজশাহী আৰু ভাৰতৰ পশ্চিমবংগত প্ৰচুৰ পৰিমাণে এই আমৰ খেতি কৰা হয়। এই আমৰ মিঠা সুগন্ধ আৰু সোৱাদ পৃথিৱীৰ অন্যান্য আমতকৈ ভিন্ন। সেয়েহে আম খেতিৰ ক্ষেত্ৰত হিমসাগৰ আমৰ খেতিৰ কথা প্ৰথমে বিবেচনা কৰা হয়।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৩ ১৫১ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ
হিমসাগৰ আম
হিমসাগৰ আমছবি: Salil Kumar Mukherjee · CC BY-SA 4.0
হিমসাগৰ আমৰ ভিতৰ
হিমসাগৰ আমৰ ভিতৰছবি: Salil Kumar Mukherjee · CC BY-SA 4.0

হিমসাগৰ আম এক জনপ্ৰিয় আম। বাংলাদেশৰ ৰাজশাহী আৰু ভাৰতৰ পশ্চিমবংগত প্ৰচুৰ পৰিমাণে এই আমৰ খেতি কৰা হয়। এই আমৰ মিঠা সুগন্ধ আৰু সোৱাদ পৃথিৱীৰ অন্যান্য আমতকৈ ভিন্ন। সেয়েহে আম খেতিৰ ক্ষেত্ৰত হিমসাগৰ আমৰ খেতিৰ কথা প্ৰথমে বিবেচনা কৰা হয়।

বৰ্ণনা

হিমসাগৰ আম ইমানেই জনপ্ৰিয় যে, এই আমক আমৰ ৰজা বোলা হয়। এই আমৰ ভিতৰৰ ৰং হালধীয়াৰ পৰা কমলা আৰু আঁহ নাই।১ এটি স্বাভস্বাভাৱিক আমৰ ওজন ২৫০ৰ পৰা ৩৫০ গ্ৰাম হয়। তাৰে ভিতৰত ৭৭ শতাংশই হল আম বাকি ৩৩ শতাংশ আমৰ গুটি। এইটো আমৰ এটি ভাল বৈশিষ্ট্য।২ এই আমক ভালপাই বিভিন্ন লেখকে এশৰো অধিক কবিতা লিখিছে। ভাৰত আৰু বাংলাদেশৰ এই আম অবিহনে গ্ৰীষ্মকাল কল্পনা কৰা টান।

হিমসাগৰ আম জুন মাহত গাছত পকিবলৈ আৰম্ভ কৰে আৰু জুনৰ শেষৰফালে বজাৰত বিক্ৰীৰ বাবে উলিয়াই দিয়া হয়। এই আম ভাৰতৰ ঘাইকৈ নদীয়া, মুৰ্চিদাবাদ, মালদহ আৰু হুগলীত ব্যৱসায়িক ভিত্তিত খেতি কৰা হয়।৩ এই আম ভাৰতৰ ভৌগোলিক অস্তিত্বৰ ইঙ্গিত দিয়ে। সেয়ে এই আমক ভাৰতৰ ভৌগোলিক পৰিচায়কৰ মৰ্যাদা দিয়া হৈছে।১ইয়াৰ নিবন্ধন সংখ্যা ১১২।৪

তথ্যসূত্ৰ

  1. ↑ (18 June 2013). Cottony soft to luscious and juicy - Bengal mangoes in Delhi. Samay Live
  2. ↑ Parmar, Chiranjit. Mango. Fruitpedia.com
  3. ↑ (10 June 2012). Mango tango. The Telegraph
  4. ↑ Himsagar Mango Malda. Office of the Resident Commissioner, Government of West Bengal

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ ভৌগোলিক স্বীকৃতিফল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হিমসাগৰ আম” প্ৰবন্ধৰ সংশোধন ৩৮৩২৯৫ (২৯ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।