অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
স্বাস্থ্য আৰু চিকিৎসা

বিষ

বিষ (Pain) তীব্ৰ বা ক্ষতিকাৰক উদ্দীপকে কৰা এক যন্ত্ৰণাদায়ক অনুভূতি। "ইণ্টাৰেনচনেল এচ'চিয়েচন ফ'ৰ দা ষ্টাডী অৱ পেইন" সংস্থাই ডাঙি ধৰা সংজ্ঞাৰ মতে "বিষ এক অপ্ৰীতিকৰ শাৰীৰিক আৰু মানসিক অভিজ্ঞতা যি প্ৰকৃত বা সম্ভাব্য কলা ক্ষতি, বা তেনে ক্ষতিৰ লগত সম্পৰ্কিত।" চিকিৎসা বিজ্ঞানত বিষক ৰোগৰ এক উপসৰ্গ হিচাপে…

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৭৮৬ শব্দ · ৪ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

বিষ (Pain) তীব্ৰ বা ক্ষতিকাৰক উদ্দীপকে কৰা এক যন্ত্ৰণাদায়ক অনুভূতি। "ইণ্টাৰেনচনেল এচ'চিয়েচন ফ'ৰ দা ষ্টাডী অৱ পেইন" সংস্থাই ডাঙি ধৰা সংজ্ঞাৰ মতে "বিষ এক অপ্ৰীতিকৰ শাৰীৰিক আৰু মানসিক অভিজ্ঞতা যি প্ৰকৃত বা সম্ভাব্য কলা ক্ষতি, বা তেনে ক্ষতিৰ লগত সম্পৰ্কিত।"১ চিকিৎসা বিজ্ঞানত বিষক ৰোগৰ এক উপসৰ্গ হিচাপে ধৰা হয়।

বিষে ব্যক্তিজনক ক্ষতিকাৰক পৰিবেশৰ পৰা আঁতৰি থাকিবলৈ, ক্ষতি হোৱা অংগ ৰক্ষা কৰিবলৈ আৰু ভৱিষ্যতে তেনে অভিজ্ঞতাৰ পৰা আঁতৰি থাকিবলৈ ইংগিত দিয়ে।২ প্ৰায়বোৰ বিষেই ক্ষতিকাৰক উদ্দীপক আঁতৰিলে আৰু শৰীৰ পুনৰ ভাল হ'লে নাইকিয়া হয়, কিন্তু কেতিয়াবা ই দীৰ্ঘ সময়লৈ থাকিব পাৰে। কেতিয়াবা কোনো নিৰ্দিষ্ট উদ্দীপক, ক্ষতি বা ৰোগৰ নোহোৱাকৈও বিষ হয়।৩

প্ৰায়বোৰ উন্নত দেশত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা প্ৰধান কাৰণ হৈছে বিষ।৪৫ বহু ৰোগৰ ই প্ৰধান লক্ষণ আৰু ই ব্যক্তিজনৰ জীৱনৰ মান কমাই তুলিব পাৰে।৬ ২০%ৰ পৰা ৭০% ক্ষেত্ৰত সাধাৰণ বিষনাশক ঔষধেই কাম কৰে।৭ মানসিক কাৰক যেনে সামাজিক সমৰ্থন, উত্তেজনা আদিয়ে বিষৰ তীব্ৰতা সলাব পাৰে।৮ ইচ্ছামৃত্যু সমৰ্কীয় তৰ্কবোৰত বিষক শেষ স্তৰৰ ৰোগীসমূহৰ জীৱন নাশ কৰাৰ যুক্তি হিচাপে ব্যৱহাৰ কৰা হয়।৯

শ্ৰেণীবিভাজন

ব্যাপ্তি

মূল প্ৰবন্ধ: দীৰ্ঘদিনীয়া বিষ

সাধাৰণতে ক্ষতিকাৰক উদ্দীপকটো আঁতৰালে বা ৰোগী সুস্থ হ'লে বিষ আঁতৰি যায়, কিন্তু ৰিউমেটইড আথ্ৰাইটিছ, পেৰিফেৰেল নিউৰ'পেথী, কৰ্কট ৰোগৰ বিষ আদি কেইবাবছৰলৈ থাকিব পাৰে। বেছি সময়লৈ থকা বিষক দীৰ্ঘম্যাদী বিষ (Chronic pain) বোলে আৰু সোনকালে ভাল হোৱা বিষক হস্ৰম্যাদী বিষ (Acute pain) বোলে। হস্ৰম্যাদী আৰু দীৰ্ঘম্যাদী বিষৰ পাৰ্থক্য আৰম্ভণি আৰু সমাপ্তিৰ সময় চাই ধৰা হয়; সাধাৰণতে বিষ আৰম্ভ হোৱাৰ ৩ মাহ আৰু ৬ মাহক ইয়াৰ মাপকাঠী বুলি গণ্য কৰা হয়।১০ কিন্তু কিছু গৱেষকে এই সময়সীমা ১২ মাহ বুলি ধৰে।১১ আনসকলে ৩০ দিনতলৈ কম হ'লে একিউট আৰু ছমাহতকৈ বেছি হ'লে ক্ৰ'নিক বুলি ধৰে, আৰু ১ মাহৰ পৰা ৬ মাহলৈকে ছাব্‌একিউট (subacute) বুলি কয়।১২

এল'ডাইনিয়া (Allodynia)

সাধাৰণৰে বিষ নকৰা উদ্দীপকৰ প্ৰভাৱত বিষ হ'লে ইয়াক এল'ডাইনিয়া বোলে।১৩

ফেণ্টম (Phantom) বিষ

মূল প্ৰবন্ধ: ফেণ্টম বিষ

শৰীৰৰ আঁতৰাই দিয়া অংগ (amputated) বা মস্তিষ্কই সংকেত নোপোৱা অংশত হোৱা বিষক ফেণ্টম বিষ বোলে।১৪ প্ৰায় ৮২% হাত কটা ৰোগী আৰু ৫৪% ভৰি কটা ৰোগীৰ ক্ষেত্ৰত ফেণ্টম বিষ দেখা যায়।১৪ প্ৰস্ৰাৱ কৰা বা শৌচ কৰা কাৰ্যৰ লগতো ফেণ্টম বিষ যুক্ত হ'ব পাৰে।১৫

ব্ৰেকথ্ৰু বিষ (Breakthrough pain)

এনে বিষ হঠাতে হয় আৰু ৰোগীৰ নিয়মীয়া বিষ চিকিৎসাই ইয়াত কাম নকৰে। এনে বিষৰ নিৰাময়ৰ বাবে অপিঅ‌ইডৰ তীব্ৰ ব্যৱহাৰ প্ৰয়োজন হ'ব পাৰে।১৬১৭১৮

অসংবেদনশীলতা

আঘাতৰ পৰা ৰক্ষা পাবলৈ আৰু আঘাতৰ উপস্থিতি জানিবলৈ বিষৰ অভিজ্ঞতা হোৱাটো প্ৰয়োজনীয়। খেল বা যুদ্ধৰ দৰে উত্তেজনাপূৰ্ণ সময়ত সাময়িকভাৱে বিষৰ অসংবেদনশীলতা উদ্ভৱ হ'ব পাৰে; এনে সময়ত গুৰুতৰ আঘাত পালেও কেইবাঘণ্টাৰ বাবে সৈনিক এজনে বিষ অনুভৱ নকৰে।১৯

যদিও বিষৰ সংজ্ঞাত "অপ্ৰীতিকৰ" শব্দটো ব্যৱহাৰ কৰা হয়, পৰীক্ষামূলকভাৱে দেহত এনে অৱস্থাৰ সৃষ্টি কৰিব পাৰি। কেতিয়াবা জন্মৰে পৰা বিষৰ প্ৰতি অনুভৱ অন্য হ'ব পাৰে। এনে লোকৰ স্নায়ুবোৰ পৰীক্ষা কৰিলে কোনো অস্বাৱিকতা পোৱা নাযায়। তেওঁলোকে বিষ অপ্ৰীতিকৰ যেন অনুভৱ কৰে কিন্তু বিষৰ উদ্দীপক আঁতৰাবলৈ চেষ্টা নকৰে।২০ ইয়াক বিষৰ জন্মগত অসংবেদনশীলতা (Congenital insensitivity to pain) বোলে।

স্নায়ু তন্ত্ৰৰ ৰোগতো বিষৰ অসংবেদনশীলতা হ'ব পাৰে। স্নায়ুৰজ্জুৰ আঘাত, বহুমূত্ৰ ৰোগ বা কুষ্ঠত এনে হয়।২১

স্নায়ুতন্ত্ৰৰ জন্মগত অস্বাভাৱিকতা থাকিলে ইয়াক "বিষৰ জন্মগত অসংবেদনশীলতা" (congenital insensitivity to pain) বোলে।২০ এনে ৰোগৰ শিশোৱে গম নোপোৱাকৈ বাৰে বাৰে জিভা, চকু, গাঁথি, ছাল আৰু পেশীত আঘাত লাগে। কিছুমানৰ বয়স্ক হোৱাৰ আগতেই মৃত্যু হয়।

প্ৰভাৱ

তীব্ৰ বিষত ৰোগীৰ মনোযোগ নিয়ন্ত্ৰণ, সাময়িক স্মৃতি, মানসিক নমনীয়তা (Cognitive flexibility), সমস্যা সমাধান আৰু তথ্য বিশ্লেষণৰ গতিৰ তাৰতম্য দেখা যায়।২২ হস্ৰম্যাদী আৰু দীৰ্ঘম্যাদী বিষৰ লগত বৰ্ধিত অৱসাদ, উদ্বিগ্নতা, ভয় আৰু খঙৰ সম্পৰ্কও আছে।২৩

If I have matters right, the consequences of pain will include direct physical distress, unemployment, financial difficulties, marital disharmony, and difficulties in concentration and attention…
— Harold Merskey 2000২৪

তত্ত্ব

ঐতিহাসিক

স্নায়ুকোষৰ আৱিষ্কাৰ আৰু বিষত সেইবোৰৰ ভূমিকা জনাৰ আগতে বিষৰ বাবে নানা তত্ত্ব আগবঢ়োৱা হৈছিল। প্ৰাচীন গ্ৰীক হিপ'ক্ৰেটিছৰ মতে অত্যাৱশ্যকীয় তৰলৰ ভাৰসাম্যহীনতাৰ কাৰণে বিষ হয়।২৫ একাদশ শতিকাত এভিচেনাই কয় যে স্পৰ্শ, বিষ আৰু উত্তেজনাকে ধৰি কেইবাটাও অনুভৱৰ চেতনা আছে।২৬

১৬৪৪ চনত ৰেনে ডেকাৰ্টেই তত্ত্ব আগবঢ়ায় যে বিষ এক অস্থিৰতা যি স্নায়ুৰ মাজেৰে মস্তিষ্ক পায়গৈ।২৫২৭ ডেকাৰ্টে আৰু এভিচেনাৰ তত্ত্বই ১৯শ শতিকাৰ "সুনিৰ্দিষ্ট তত্ত্ব" (specificity theory) বিকাশ ঘটায়। এই তত্ত্বৰ মতে বিষ "এক নিৰ্দিষ্ট অনুভৱ যাৰ স্পৰ্শ বা আন চেতনাৰ পৰা মুক্ত নিজা সংবেদী সঁজুলি আছে।"২৮

১৯৫৫ চনত চিনক্লেয়াৰ আৰু ৱেডেলেজন পল নাফেৰ পৰামৰ্শক লৈ এক প্ৰান্তীয় নক্সা তত্ত্ব (peripheral pattern theory) আগবঢ়ায়। ইয়াৰ মতে চুলিৰ কোষৰ স্নায়ু বাদ ছালৰ সকলো স্নায়ুৰ প্ৰান্ত একেই আৰু এইবোৰৰ তীব্ৰ উদ্দীপনাতে বিষৰ সৃষ্টি হয়।২৮ ইয়াৰ পাছত ১৯৬৫ চনত ৰনাল্ড মেলজাক আৰু পেট্ৰিক ৱালে এক দ্বাৰ নিয়ন্ত্ৰণ তত্ত্ব (gate control theory) আগবঢ়ায়।২৯

বিষৰ তিনি মাত্ৰা

১৯৬৮ চনত ৰনাল্ড মালজাক আৰু কেনেথ কেছীয়ে দীৰ্ঘম্যাদী বিষক তিনিটা মাত্ৰাত বৰ্ণনা কৰে:

  • "sensory-discriminative" (তীব্ৰতা, স্থান, মান আৰু সময় ব্যাপ্তিৰ অনুভৱ),
  • "affective-motivational" (অপ্ৰীতিকৰ অনুভৱ আৰু ইয়াৰ পৰা আঁতৰাৰ হাবিয়াস) আৰু
  • "cognitive-evaluative" (মূল্য নিৰূপণ, সাংস্কৃতিক মূল্য, মনোযোগ আঁতৰ আদি বোধ)।

তেওঁলোকে কয় যে বিষৰ তীব্ৰতা (sensory discriminative মাত্ৰা) আৰু অপ্ৰীতিকৰ অনুভৱ (affective-motivational মাত্ৰা) কেৱল বিষৰ উদ্দীপকৰ প্ৰাবল্যই নিৰূপণ নকৰে, লগতে "উচ্চ" বোধৰ কাৰ্যইও এইবোৰত প্ৰভাৱ পেলায়।

আধুনিক

বিষৰ লগত জড়িত চেৰিব্ৰেল কৰ্টেক্সৰ স্থানবোৰ।
বিষৰ লগত জড়িত চেৰিব্ৰেল কৰ্টেক্সৰ স্থানবোৰ।ছবি: Borsook D, Moulton EA, Schmidt KF, Becerra LR. · CC BY 2.0

বিষৰ সংকেত প্ৰান্তৰ পৰা স্নায়ুৰজ্জুলৈ A-ডেল্টা বা C স্নায়ু ফাইবাৰৰ যোগে প্ৰৱেশ কৰে।৩০ ইয়াক "প্ৰথম অৰ্ডাৰ" বোলা হয়।

এই A-ডেল্টা আৰু C ফাইবাৰ স্নায়ুৰজ্জুৰ পশ্চ ভাগত "দ্বিতীয় অৰ্ডাৰ" স্নায়ুৰ লগত যুক্ত হয়। দ্বিতীয় অৰ্ডাৰৰ ফাইবাৰবোৰ স্পাইন'থেলামিক পথেৰে মস্তিষ্কলৈ অগ্ৰসৰ হয়।৩১

দ্বিতীয় অৰ্ডাৰ স্নায়ু থেলামাছ (thalamus)ৰ ventral posterolateral নিউক্লিয়াছত যুক্ত হয়। তাৰ পাছত ই somatosensory কৰ্টেক্সত তৃতীয় অৰ্ডাৰ স্নায়ুকোষৰ লগ লাগে। ইয়াৰ পৰা মস্তিষ্কৰ বিভিন্ন অংশত বিষৰ অনুভূতি বিয়পি পৰে।৩২ Pain that is distinctly located also activates primary and secondary somatosensory cortex.৩৩

বিবৰ্তনীয় আৰু আচৰণগত ভূমিকা

বিষ শৰীৰৰ এক প্ৰতিৰক্ষা ব্যৱস্থা। ক্ষতিকৰ উদ্দীপক আৰু পৰিস্থিতিৰ পৰা সেই সময়ত আৰু ভৱিষ্যতে হাত সৰাত ই সহায় কৰে।৩৪৩৫ বিষৰ জন্মগত অসংবেদনশীলতা থকা লোকৰ জীৱন প্ৰত্যাশা (life expectancy) কম।২০

The Greatest Show on Earth: The Evidence for Evolution গ্ৰন্থত জীৱবিজ্ঞানী ৰিচাৰ্ড ড'কিনছে বিষ কিয় বিষজনক হ'ব লাগে সেয়া বৰ্ণনা কৰিছে। তেনে নহ'লে মানসিক অৱস্থা "ৰঙা পতাকা" বা বিপদ সংকেতৰ দৰে হ'ব। বিষৰ ভাৰসাম্য থকা প্ৰাণীহে সকলোতকৈ উপযুক্ত হ'ব। বিষৰ আপেক্ষিক তীব্ৰতাই হয়তো আমাৰ পূৰ্বপুৰুষৰ বাবে কোনো অৱস্থাৰ গুৰুত্ব সূচায়। ৩৬

বাহ্যিক সংযোগ

  • Pain Stanford Encyclopedia of Philosophy

তথ্যসূত্ৰ

  1. ↑ International Association for the Study of Pain: Pain Definitions Derived from (June 1979). The need of a taxonomy. Pain. পৃ. 247–8
  2. ↑ Cervero, Fernando. (2012). Understanding Pain: Exploring the Perception of Pain. MIT Press. পৃ. Chapter 1. ISBN 9780262305433
  3. ↑ (2007). In: The Handbook of Chronic Pain. Nova Biomedical Books. ISBN 9781600210440
  4. ↑ (August 2013). Caring for patients with chronic pain: pearls and pitfalls. The Journal of the American Osteopathic Association. পৃ. 620–7
  5. ↑ (2004). What should be the core outcomes in chronic pain clinical trials?. Arthritis Research & Therapy. পৃ. 151–4
  6. ↑ (July 2008). Assessment of pain. British Journal of Anaesthesia. পৃ. 17–24
  7. ↑ (November 2015). Non-prescription (OTC) oral analgesics for acute pain - an overview of Cochrane reviews. The Cochrane Database of Systematic Reviews. পৃ. CD010794
  8. ↑ (2005). The Social Outcast: Ostracism, Social Exclusion, Rejection, & Bullying (Sydney Symposium of Social Psychology). Psychology Press. পৃ. 210. ISBN 9781841694245
  9. ↑ (September 2006). Explaining the emergence of euthanasia law in the Netherlands: how the sociology of law can help the sociology of bioethics. Sociology of Health & Illness. পৃ. 802–16
  10. ↑ (2001). Bonica's management of pain. Lippincott Williams & Wilkins. ISBN 9780781768276
  11. ↑ (2000). Pain management: an interdisciplinary approach. Churchill Livingstone. ISBN 9780443056833
  12. ↑ (2002). Pain management: a practical guide for clinicians. CRC Press. পৃ. 28. ISBN 9780849322624
  13. ↑ (September 2014). Allodynia and hyperalgesia in neuropathic pain: clinical manifestations and mechanisms. The Lancet. Neurology. পৃ. 924–35
  14. ↑ (July 2000). Phantom pain and phantom sensations in upper limb amputees: an epidemiological study. Pain. পৃ. 33–41
  15. ↑ (1996). The challenge of pain. Penguin Books. ISBN 9780140256703
  16. ↑ (January 2009). Breakthrough cancer pain: review of prevalence, characteristics and management. Indian Journal of Palliative Care. পৃ. 14–8
  17. ↑ (February 2012). Use of opioid analgesics in the treatment of cancer pain: evidence-based recommendations from the EAPC. The Lancet. Oncology. পৃ. e58-68
  18. ↑ (October 2013). Opioids for the management of breakthrough pain in cancer patients. The Cochrane Database of Systematic Reviews. পৃ. CD004311
  19. ↑ (1959). Measurement of subjective responses. Oxford University Press cited in (1996). The challenge of pain. Penguin. পৃ. 7. ISBN 978-0-14-025670-3
  20. ↑ (February 2003). Congenital insensitivity to pain: an update. Pain. পৃ. 213–9
  21. ↑ (1997). The gift of pain: why we hurt & what we can do about it. Zondervan Publ. ISBN 9780310221449
  22. ↑ (April 2003). Cognitive impairment in patients with chronic pain: the significance of stress. Current Pain and Headache Reports. পৃ. 116–26
  23. ↑ (March 2009). Pain-related effects of trait anger expression: neural substrates and the role of endogenous opioid mechanisms. Neuroscience and Biobehavioral Reviews. পৃ. 475–91
  24. ↑ (2000). Personality Characteristics of Patients With Pain. American Psychological Association (APA). ISBN 978-1-55798-646-7
  25. ↑ Linton. Models of Pain Perception. Elsevier Health, 2005. Print
  26. ↑ (July 1939). Pain: History and present status. American Journal of Psychology. পৃ. 331–347
  27. ↑ (2004). Pain: psychological perspectives. Lawrence Erlbaum Associates, Publishers. ISBN 9780415650618
  28. ↑ (1990). The management of pain. Lea & Febiger. পৃ. 7. ISBN 9780812111224
  29. ↑ (November 1965). Pain mechanisms: a new theory. Science. পৃ. 971–9
  30. ↑ (2010). Pharmacology of pain. International Association for the Study of Pain Press. পৃ. 3–26. ISBN 978-0-931092-78-7
  31. ↑ (1995). Psychology of pain. Wiley. পৃ. 18. ISBN 9780471957737
  32. ↑ (2003). Pain mechanisms: labeled lines versus convergence in central processing. Annual Review of Neuroscience. পৃ. 1–30
  33. ↑ (July 2004). The functional anatomy of neuropathic pain. Neurosurgery Clinics of North America. পৃ. 257–68
  34. ↑ (1984). The neurobiology of pain: Symposium of the Northern Neurobiology Group, held at Leeds on 18 April 1983. Manchester University Press. পৃ. 106. ISBN 9780719009969
  35. ↑ (2007). Handbook of Motivation Science. The Guilford Press. পৃ. 191. ISBN 9781593855680
  36. ↑ Dawkins, Richard. (2009). The Greatest Show on Earth. Free Press. পৃ. 392–395

সম্পৰ্কিত শ্ৰেণী

স্নায়ুতন্ত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিষ” প্ৰবন্ধৰ সংশোধন ৬৩১২৩৬ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।