পিঞ্জৰা ( Pinjara) ১৯৭২ চনত নিৰ্মিত এখন ভাৰতীয় মাৰাঠী ভাষাৰ চলচ্চিত্ৰ। ছবিৰ পৰিচালক আৰু প্ৰযোজক ভি শান্তাৰাম, য'ত শ্ৰীৰাম লাগু আৰু সন্ধ্যাই মুখ্য চৰিত্ৰত অভিনয় কৰিছে।১ ১৯৭২ চনত এই ছবিখন একে শিৰোনামেৰে হিন্দী ভাষাতো মুক্তি লাভ কৰে।
মহাৰাষ্ট্ৰৰ তামাছা লোক সংগীতধৰ্মী থিয়েটাৰৰ পটভূমিত নিৰ্মিত এই ছবিখনৰ কাহিনীভাগ হৈছে এগৰাকী নৈতিকভাৱে সৎ স্কুলৰ শিক্ষকৰ বিষয়ে, যিয়ে এগৰাকী তামাচা শিল্পীক সংস্কাৰ কৰিব বিচাৰে। শিক্ষক আৰু তামাচা শিল্পীৰ চৰিত্ৰত অভিনয় কৰিছে ক্ৰমে শ্ৰীৰাম লাগু আৰু সন্ধ্যাই। কিন্তু শেষত শিক্ষকজন তেওঁৰ প্ৰেমত পৰে।২ ছবিখন হেনৰিখ মানৰ ১৯০৫ চনৰ উপন্যাস “প্ৰফেচাৰ আনৰাট” (প্ৰফেচাৰ গাৰ্বেজ)ৰ অভিযোজন।৩ নৃত্য আৰু ৰাম কদমৰ সংগীতৰ বাবে ছবিখন পৰিচিত। মুখ্য অভিনেত্ৰী সন্ধ্যা এগৰাকী দক্ষ নৃত্যশিল্পী। ইয়াৰ উপৰিও এইখন থিয়েটাৰৰ বিখ্যাত অভিনেতা শ্ৰীৰাম লাগুৰ অভিষেক চলচ্চিত্ৰ।৪ শান্তাৰামে একে অভিনেতা-অভিনেত্ৰী আৰু শিৰোনামেৰে হিন্দী ভাষাত ছবিখন পুনৰ নিৰ্মাণ কৰিছিল আৰু আনকি মাৰাঠী সংস্কৰণত চুপাৰ হিট হোৱা "মালা লগালি কুনাচি উচাকি"ৰ দৰে গীতবোৰো হিন্দী সংস্কৰণত পুনৰ ৰেকৰ্ডিং কৰা হৈছিল।৫
“দুনিয়া না মানে” (১৯৩৭), “দো আঁখে বাৰহ হাত” (১৯৫৭) আৰু “নৱৰং” (১৯৫৯) আদি ধ্ৰুপদী ছবি নিৰ্মাতা দিগগজ পৰিচালকগৰাকীৰ এইখনেই আছিল শেষৰখন ডাঙৰ প্ৰযোজনাৰ ছবি। ৰঙীনভাৱে নিৰ্মিত এই ছবিখন লতা মংগেশকাৰ আৰু উষা মংগেশকাৰে গোৱা গীতৰ আকৰ্ষণীয় ডান্স নাম্বাৰেৰ ভৰি আছিল। মুক্তিৰ পূৰ্বে ছবিখনৰ এটা ৰিল ছবিগৃহত ৰঙৰ পৰীক্ষা কৰিবলৈ পৰীক্ষামূলকভাৱে প্ৰদৰ্শন কৰা হৈছিল।৬ মুক্তিৰ পিছত ছবিখন সেই সময়ৰ অন্যতম বৃহৎ বাণিজ্যিক সফলতা হিচাপে পৰিগণিত হৈছিল আৰু পুনেত ১৩৪ সপ্তাহ ধৰি চলিছিল।৭ ইয়াৰ ফলত মাৰাঠী চলচ্চিত্ৰতো ৰঙীন ছবিৰ প্ৰচলন হয়।৮ ছবিখনে ১৯৭২ চনৰ শ্ৰেষ্ঠ মাৰাঠী পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ লাভ কৰে।
বঁটা
- ১৯৭২- ২০তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা: শ্ৰেষ্ঠ মাৰাঠী পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ৯
তথ্যসূত্ৰ
- ↑ Pinjra (1972). IMDb
- ↑ Subhash K. Jha. (23 June 2004). Films that have dared push the envelope. Sify Movies
- ↑ (15 January 2006). The German Connection. The Indian Express
- ↑ (3 August 2013). Public displays of affection. Mint (newspaper)
- ↑ (3 January 2012). Bollywood is obsessing over Marathi music. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ 404 Not Found. nyoooz.com
- ↑ Bimal Mukherjee; Sunil Kothari; Ananda Lal. (1995). Rasa: Theatre and cinema. Anamika Kala Sangam. পৃ. 264
- ↑ S. Lal. (2008). 50 Magnificent Indians of the 20th Century. Jaico Publishing House. পৃ. 276. ISBN 978-81-7992-698-7
- ↑ 20th National Film Awards. International Film Festival of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পিঞ্জৰা (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৬৩৭৩৫৫ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।