অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

পদ্মাৱতী বন্দ্যোপাধ্যায়

এয়াৰ মাৰ্শ্বাল পদ্মাৱতী বন্দ্যোপাধ্যায়, পিভিএছএম, এভিএছএম, ভিএছএম (জন্ম ৪ নৱেম্বৰ ১৯৪৪) ভাৰতীয় বায়ুসেনাৰ প্ৰাক্তন তিনি তাৰকাযুক্ত বিষয়া। তেওঁ ভাৰতীয় বায়ুসেনাৰ তৃতীয় সৰ্বোচ্চ পদবী এয়াৰ মাৰ্শ্বাল পদত অধিষ্ঠিত হোৱা প্ৰথম মহিলা।

হালনাগাদ: ২০ ফেব্ৰুৱাৰী ২০২৫ ৩৫৬ শব্দ · ২ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

এয়াৰ মাৰ্শ্বাল পদ্মাৱতী বন্দ্যোপাধ্যায়, পিভিএছএম, এভিএছএম, ভিএছএম (জন্ম ৪ নৱেম্বৰ ১৯৪৪) ভাৰতীয় বায়ুসেনাৰ প্ৰাক্তন তিনি তাৰকাযুক্ত বিষয়া। তেওঁ ভাৰতীয় বায়ুসেনাৰ তৃতীয় সৰ্বোচ্চ পদবী এয়াৰ মাৰ্শ্বাল পদত অধিষ্ঠিত হোৱা প্ৰথম মহিলা। ইয়াৰ লগতে তিনিতাৰকাযুক্ত পদবীত অধিষ্ঠিত হোৱা দ্বিতীয় গৰাকী মহিলা।

প্ৰাৰম্ভিক জীৱন

১৯৪৪ চনৰ ৪ নৱেম্বৰ তাৰিখে ব্ৰিটিছ ভাৰতৰ অন্তৰ্গত মাদ্ৰাজ প্ৰেচিডেন্সিৰ তিৰুপতিত (বৰ্তমান অন্ধ্ৰপ্ৰদেশ) পদ্মাৱতী বন্দ্যোপাধ্যায়ৰ জন্ম হৈছিল। তেওঁৰ মাতৃ যক্ষ্মাত আক্ৰান্ত আছিল। শয্যাশায়ী মাতৃক তেওঁ ৪-৫ বছৰ বয়সৰ পৰায়ে চোৱা-চিতা কৰিবলগীয়া হৈছিল। তেওঁলোক নতুন দিল্লীৰ গল মাৰ্কেটৰ কাষত থাকোঁতে ওচৰতে লেডী হাৰ্ডিং মেডিকেল কলেজৰ মেডিচিন বিভাগৰ অধ্যাপক ডাঃ এছ. আই. পদ্মাৱতী বাস কৰিছিল। তেওঁৰ মাতৃৰ অসুস্থতা আৰু চাফদাৰজোং হস্পিটেলত লাভ কৰা অভিজ্ঞতা আৰু চুবুৰীয়াত একে নামৰ মহিলা চিকিৎসক বাস কৰাৰ পৰা তেওঁ ডাঙৰ হৈ চিকিৎসক হবলৈ অনুপ্ৰাণিত হৈছিল।১

শিক্ষা

তেওঁ দিল্লী তামিল শিক্ষা সন্থাত কলা বিষয়ত অধ্যয়ন কৰিছিল। তাৰপিছত তেওঁ দিল্লী বিশ্ববিদ্যালয়ত কলা শাখাৰ পৰা বিজ্ঞান শাখালৈ শাখা স্থানান্তৰ কৰে। তেওঁ কিৰৰী মল কলেজত প্ৰিমেডিকেল অধ্যয়ন কৰিছিল আৰু তাৰপিছত ১৯৬৩ চনত আৰ্মড ফৰ্চ মেডিকেল কলেজত যোগদান কৰে।

কৰ্মজীৱন

তেওঁ ১৯৬৮ চনত ভাৰতীয় বায়ুসেনাত যোগদান কৰি কৰ্ম জীৱনৰ পাতনি মেলে। তেওঁ বায়ুসেনাৰ বিষয়া এছ. এন. বন্দ্যোপাধ্যায়ৰ লগত বিবাহপাশত আৱদ্ধ হৈছিল।২ ১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধত তেওঁৰ ব্যৱহাৰৰ বাবে তেওঁ বিশিষ্ট সেৱা মেডেল লাভ কৰিছিল।৩সতী নাথ আৰু পদ্মা ৰাষ্ট্ৰপতি পদক একেলগে লাভ কৰা ভাৰতীয় বায়ুসেনাৰ প্ৰথম দম্পতী।৪

তেওঁ এৰ'স্পেছ মেডিকেল ছ'চাইটি অফ ইণ্ডিয়াৰ প্ৰথম মহিলা ফেল'। ইয়াৰ লগতে তেওঁ সুমেৰুত বৈজ্ঞানিক গৱেষণা চলোৱা প্ৰথম গৰাকী ভাৰতীয় মহিলা।৫ইয়াৰ লগতে তেওঁ ১৯৭৮ চনত ৰক্ষা সেৱা কলেজ পাঠ্যক্ৰম সম্পূৰ্ণ কৰা প্ৰথম গৰাকী মহিলা।৬ তেওঁ বায়সেনাৰ সদৰত চিকিৎসা সেৱাৰ (বায়ু) ডাইৰেক্টৰ জেনেৰেল হিচাপে কৰ্মৰত আছিল।৭ ২০০২ চনত তেওঁ দুইতাৰকাযুক্ত এয়াৰ ভাইচ মাৰ্শ্বাল পদবীলৈ পদোন্নতি লাভ কৰে। তাৰপিছত তেওঁ ভাৰতীয় বায়ুসেনাৰ তৃতীয় সৰ্বোচ্চ পদবী এয়াৰ মাৰ্শ্বাল পদত অধিষ্ঠিত হয়। এই দুয়ো পদ লাভ কৰা তেওঁ প্ৰথম গৰাকী মহিলা। তেওঁ নিউয়ৰ্ক একাডেমী অফ চাইন্সৰ এভিয়েছন মেডিচিনৰ বিশেষজ্ঞ আছিল।৮

বঁটা আৰু সন্মান

পদ্মাৱতী বন্দ্যোপাধ্যায়ে বহুতো সামৰিক আৰু অসামৰিক সন্মান লাভ কৰিছে। তাৰে ভিতৰত উল্লেখযোগ্য সমূহ হ'ল:

  • বিশিষ্ট সেৱা মেডেল, ১৯৭৩
  • ইন্দিৰা প্ৰিয়দৰ্শনী বঁটা
  • অতি বিশিষ্ট সেৱা মেডেল, ২০০২
  • পৰম বিশিষ্ট সেৱা মেডেল, ২০০৬
  • পদ্মশ্ৰী, ২০২০৯
  • সুদীৰ্ঘ ৩০ বছৰকাল সেৱা মেডেল
  • সুদীৰ্ঘ ২০ বছৰকাল সেৱা মেডেল
  • সুদীৰ্ঘ ৯ বছৰকাল সেৱা মেডেল
  • পশ্চিমী ষ্টাৰ
  • সংগ্ৰাম মেডেল
  • অপাৰেচন বিজয় মেডেল
  • হাই এলটিটিউড চাৰ্ভিছ মেডেল
  • স্বাধীনতাৰ ৫০ বৰ্ষপূৰ্তি মেডেল
  • স্বাধীনতাৰ ২৫ বৰ্ষপূৰ্তি মেডেল

তথ্যসূত্ৰ

  1. ↑ www.amazon.in/Lady-Blue-memoirs-First-Marshal-eb
  2. ↑ www.youtube.com/watch?v=rETtLRO4z8o
  3. ↑ www.bharat-rakshak.com/IAF/Database/11528
  4. ↑ books.google.com/books?id=-MxaDwAAQBAJ&lpg=P
  5. ↑ আৰ্কাইভ কপি
  6. ↑ www.thebetterindia.com/83280/brave-women-soldier
  7. ↑ www.indianyouth.net/padmavathy-bandopadhyay-woma
  8. ↑ (26 November 2002). First woman Air Vice Marshal. The Times of India
  9. ↑ (27 January 2020). Padma Awards 2020 Conferred To 13 Unsung Heroes Of Medicine. Medical Dialogues

সম্পৰ্কিত শ্ৰেণী

পদ্মশ্ৰী বঁটা বিজয়ীসেনা বিষয়া

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পদ্মাৱতী বন্দ্যোপাধ্যায়” প্ৰবন্ধৰ সংশোধন ৪৮০২৩৭ (২০ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।