
চেংগিলা বা চেন্নালা এবিধ ভাৰতীয় কাঁহী আকৃতিৰ ঘণ্টা। ই পৰম্পৰাগত গায়ক বা নৃত্যশিল্পীসকলক তাল ধৰি ৰখাত সহায় কৰে।১
প্ৰসংগ আৰু বজোৱা প্ৰণালী
চেংগিলা এবিধ ঘন বাদ্যযন্ত্ৰ। ই গীত-নৃত্যৰ সময়ত এক নিৰ্দিষ্ট আৰু স্থিৰ তাল বজাই ৰাখে। ই একপ্ৰকাৰৰ ধাতুৰ কাঁহী বা ঘণ্টা। ইয়াক বজাবলৈ এটুকুৰা কাঠৰ মাৰি ব্যৱহাৰ কৰা হয়। পৰম্পৰাগত নৃত্য-নাটিকা কথাকলিত সংগীতৰ তাল আৰু ছন্দ ফুটাই তুলিবলৈ চেংগিলা আৰু ইলাতালম বাদ্যযন্ত্ৰ দুয়োবিধ একেলগে বজোৱা হয়।২
সাংস্কৃতিক গুৰুত্ব
কেৰালাৰ বহুতো পৰম্পৰাগত কলা ৰূপত চেংগিলা ব্যৱহাৰ কৰা হয়।৩ ইয়াৰ ভিতৰত চেম্মনাকালি, কথাকলি আৰু কৃষ্ণনাট্টম অন্যতম।৪ কথাকলি প্ৰদৰ্শনত মূল দুজন গায়ক— 'পোন্নানী' (প্ৰধান গায়ক) আৰু 'শিংকিড়ী' (সহকাৰী গায়ক) ক সংগত কৰিবলৈ চেণ্ডা, মাদ্দলম আৰু ইডাক্কা ঢোলৰ সৈতে চেংগিলা বাদ্যযন্ত্ৰও বজোৱা হয়।২
তথ্যসূত্ৰ
- ↑ Chengila. Online Highways LLC
- ↑ Traditional Music Instruments of Kathakali. Kerala Tourism. Department of Tourism, Government of Kerala
- ↑ Manu, Meera. Rustic Rhapsody. The New Indian Express
- ↑ Kathalki Dance. Keralahistory
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চেংগিলা” প্ৰবন্ধৰ সংশোধন ৬২৫৪৮৪ (৯ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।