কেৰালাৰ বাদ্যযন্ত্ৰ
৮ প্ৰবন্ধ
-
পঞ্চবাদ্যম
পঞ্চবাদ্যম (Panchavadyam) হৈছে পাঁচবিধ বাদ্যযন্ত্ৰৰ সংগতৰে গঢ়ি উঠা এক বিশেষ থলুৱা বাদ্য-বৃন্দ। ইয়াৰ আক্ষৰিক অৰ্থ হৈছে 'পাঁচবিধ বাদ্যৰ সমাহাৰ'। এইবিধ পৰম্পৰাগত সংগীত কলাৰ উৎপত্তি আৰু বিকাশ মূলত দক্ষিণ ভাৰতৰ কেৰালা ৰাজ্যৰ উপাসনা স্থল বা মন্দিৰসমূহক কেন্দ্ৰ কৰি হৈছিল।
-
ইডাক্কা
ইডাক্কা (Idakka) দক্ষিণ ভাৰতৰ কেৰালা ৰাজ্যৰ এটা ডম্বৰুজাতীয় বাদ্যযন্ত্ৰ। ই দেখিবলৈ সমগ্ৰ ভাৰততে প্ৰচলিত ডম্বৰুৰ সৈতে বহুত সাদৃশ্যপূৰ্ণ। অৱশ্যে ডম্বৰু বজাবলৈ ইয়াৰ কাষত থকা ৰছী আৰু গুটি ব্যৱহাৰ কৰা হয়। কিন্তু ইডাক্কা এডাল সৰু লাঠী বা মাৰিৰে বজোৱা হয়।
-
ইলাতালম
ইলাতালম, ইলতালম বা ইলাথালম দক্ষিণ ভাৰতৰ কেৰালা ৰাজ্যৰ এবিধ পৰম্পৰাগত বাদ্যযন্ত্ৰ। এই বাদ্যযন্ত্ৰটো সম্পূৰ্ণৰূপে কাঁহ বা ব্ৰঞ্জ ধাতুৰে গঢ়া হয়। ই দেখিবলৈ এটা সৰু তাল বা কৰতালৰ দৰে। ইয়াক বজাওঁতে এটা অংশ বাঁওহাতেৰে খামুচি ধৰি আনটো অংশ তাৰ ওপৰত কোবাই আঘাত কৰা হয়।
-
চেণ্ডা
চেণ্ডা (Chenda) হৈছে এক বিশেষপ্ৰকাৰৰ চুঙা আকৃতিৰ অৱনদ্ধ বাদ্য। ইয়াৰ উৎপত্তি মূলত ভাৰতৰ কেৰালা ৰাজ্যৰপৰা হৈছিল। কৰ্ণাটকৰ উপকূলীয় অঞ্চল তুলু নাডুতো ইয়াৰ বহুল ব্যৱহাৰ দেখা যায়। তুলু নাডু অঞ্চলত ইয়াক 'চেন্দে' বুলি জনা যায়।
-
অনাভিল্লু
অনাভিল্লু কেৰালাৰ এবিধ পৰম্পৰাগত ধেনুৰ আকৃতিৰ এটা সৰু আৰু সৰল বাদ্যযন্ত্ৰ। কেৰালাৰ ওনাম উৎসৱৰপৰা ইয়াৰ নাম আহিছে। এই উৎসৱত নৃত্য কৰাৰ সময়ত এই বাদ্যযন্ত্ৰ বজোৱা হয়। মালয়ালম ভাষাত 'ভিল্লু' মানে ধেনু। গ্ৰাম্য লোকশিল্পত ইয়াৰ ব্যৱহাৰ এতিয়াও আছে, কিন্তু ক্ৰমে ই কমি আহিছে।
-
চেংগিলা
চেংগিলা বা চেন্নালা এবিধ ভাৰতীয় কাঁহী আকৃতিৰ ঘণ্টা। ই পৰম্পৰাগত গায়ক বা নৃত্যশিল্পীসকলক তাল ধৰি ৰখাত সহায় কৰে।
-
মাদ্দলম
মাদ্দলম (ইংৰাজী: Maddalam, মালয়ালম: മദ്ദളം) কঁঠাল কাঠৰ পৰা তৈয়াৰ কৰা এটা বাদ্যযন্ত্ৰ। ইয়াৰ দুয়োকাষে চামৰাৰ আৱৰণ থাকে। দুয়োটা কাষৰ শব্দ বেলেগ বেলেগ হয়। মাদ্দলম এটা গধুৰ বাদ্যযন্ত্ৰ। এই বাদ্যযন্ত্ৰ বাদকৰ কঁকালত বান্ধি ৰখা হয়। বাদকে প্ৰদৰ্শনৰ সময়ত থিয় হৈ ইয়াক বজায়।
-
উডুক্কু
উডুক্কু বা উডুক্কাই দক্ষিণ ভাৰতৰ এটা পৰম্পৰাগত বাদ্যযন্ত্ৰ। কেৰালা, তামিলনাডু আৰু শ্ৰীলংকাৰ উত্তৰ আৰু পূব অংশত ই জনপ্ৰিয়। ই ডম্বৰু আৰু এডাক্কাৰ দৰে একে। আকৃতিৰ ফালৰ পৰা ই ডম্বৰুতকৈ ডাঙৰ, কিন্তু এডাক্কাতকৈ সৰু।