অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ন'বেল বঁটা

ন'বেল বঁটা (Nobel Prize, ) বছৰি প্ৰদান কৰা এটা অতি সন্মানীয় পুৰস্কাৰ। স্কাণ্ডিনেভিয়ান সমিতিয়ে এই বঁটা কলা আৰু বিজ্ঞানৰ কেইটামান শাখাত আগবঢ়োৱা অতি বিশেষ অৱদানৰ বাবে প্ৰদান কৰে। ডাইনামাইটৰ আৱিষ্কাৰক ছুইডেনৰ আলফ্ৰেড ন'বেল-ৰ ইচ্ছাপত্ৰ অনুসৰি ১৮৯৫ চনত এই বঁটা স্থাপন কৰা হয়।

হালনাগাদ: ২১ জানুৱাৰী ২০২৪ ১,২৯০ শব্দ · ৭ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

ন'বেল বঁটা (Nobel Prize, ) বছৰি প্ৰদান কৰা এটা অতি সন্মানীয় পুৰস্কাৰ। স্কাণ্ডিনেভিয়ান সমিতিয়ে এই বঁটা কলা আৰু বিজ্ঞানৰ কেইটামান শাখাত আগবঢ়োৱা অতি বিশেষ অৱদানৰ বাবে প্ৰদান কৰে। ডাইনামাইটৰ আৱিষ্কাৰক ছুইডেনৰ আলফ্ৰেড ন'বেল-ৰ ইচ্ছাপত্ৰ অনুসৰি ১৮৯৫ চনত এই বঁটা স্থাপন কৰা হয়। ১৯০১ চনত প্ৰথমে এই বঁটা প্ৰদান কৰা হৈছিল। বঁটা প্ৰদান কৰা বিভাগসমূহ আছিলঃ পদাৰ্থ বিজ্ঞান ন'বেল বঁটা, ৰসায়ন বিজ্ঞান ন'বেল বঁটা, চিকিৎসা বিজ্ঞান ন'বেল বঁটা, সাহিত্য ন'বেল বঁটা আৰু শান্তি ন'বেল বঁটা।১

শান্তি ন'বেল বঁটা প্ৰদান কৰা হয় নৰৱেৰ অ'ছল' চহৰত, বাকী সকলো বঁটা ছুইডেনৰ ষ্টকহ'ম চহৰত প্ৰদান কৰা হয়। প্ৰতিটো ন'বেল বঁটাকে সেই বিষয়ৰ সৰ্বশ্ৰেষ্ঠ সন্মান বুলি গণ্য কৰা হয়।২

১৯৬৮ চনত ভেৰিজেছ ৰিস্কবেংকএ প্ৰণয়ন কৰা 'অৰ্থনীতি বিষয়ৰ আলফ্ৰেড ন'বেল স্মাৰক বঁটা'-কো ন'বেল বঁটাৰ সমকক্ষ বুলি ধৰা হয়। এই বঁটা প্ৰথমে প্ৰদান কৰা হৈছিল ১৯৬৯ চনত। স্বীকৃত ন'বেল বঁটা নহ'লেও এই বঁটাৰ ঘোষণা আৰু প্ৰদান ন'বেল বঁটাৰ লগত একেলগেই কৰা হয়।

ৰয়েল ছুইডিছ একাডেমি অফ্‌ ছায়েন্স-এ পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু 'অৰ্থনীতি বিষয়ৰ আলফ্ৰেড ন'বেল স্মাৰক বঁটা' প্ৰদান কৰে। আনহাতে কেৰোলিন্সকা ইনষ্টিটিউট-ৰ 'ন'বেল পৰিষদে' (Nobel Assembly) শৰীৰ-ৰচনা আৰু চিকিৎসা বিষয়ৰ নোবেল বঁটা প্ৰদান কৰে। সাহিত্যৰ নোবেল বঁটা প্ৰদান কৰে ছুইডিছ একাডেমি-এ। শান্তিৰ ন'বেল বঁটা প্ৰদান কৰে "নৰৱে ন'বেল সমিতি"য়ে।

প্ৰতিজনে বঁটা প্ৰাপকে একোটা সোণৰ মেডেল, এখন মানপত্ৰ, আৰু এটা টকাৰ অংক লাভ কৰে। 'ন'বেল প্ৰতিষ্ঠানে' সেই বছৰত আয় কৰা টকাৰ ওপৰত ন'বেল বঁটাৰ লগত দিয়া টকাৰ মান নিৰ্ভৰ কৰে। ২০১১ চনৰ ন'বেল বঁটাৰ লগত ১০ মিলিয়ন ছুইডেনৰ ক্ৰোনা (আমেৰিকান ডলাৰৰ মানত ১.৪৬ মিলিয়ন) প্ৰদান কৰা হৈছিল। ন'বেল বঁটা মৃত্যুৰ পাছত প্ৰদান কৰা নহয়। অৱশ্যে বঁটা ঘোষণা কৰাৰ পাছত প্ৰাপকৰ মৃত্যু হ'লে বঁটা দিয়া হয়।৩ তিনিজনতকৈ বেছি ব্যক্তিৰ মাজত ন'বেল বঁটা ভাগ কৰা নহয়। অৱশ্যে যোৱা শতিকাত প্ৰতিটো বঁটাৰ বাবদ প্ৰাপকৰ সংখ্যা বাঢ়ি অহা পৰিলক্ষিত হৈছে।৪

ইতিহাস

চকীত বহি থক অৱস্থাত আলফ্ৰেড ন'বেল।
চকীত বহি থক অৱস্থাত আলফ্ৰেড ন'বেল।ছবি: Gösta Florman (1831–1900) / The Royal Library · Public domain

আলফ্ৰেড ন'বেলৰ ১৮৩৩ চনৰ ২১ অক্টোবৰত এটা উচ্চশিক্ষিত পৰিয়ালত জন্ম হয়।৫ তেখেত আছিল এজন ৰসায়নবিদ, অভিযন্তা আৰু উদ্ভাৱক। ১৮৯৪ চনত ন'বেলে ব'ফ'ৰ্ছ লোহা আৰু তীখা কাৰখানাটো কিনি লৈ ইয়াক অস্ত্ৰ নিৰ্মাণ কাৰখানালৈ ৰূপান্তৰ কৰে। ব্ৰিটিছ ধোঁৱাবিহীন পাউদাৰ 'ক'ৰ্ডাইট]]কে ধৰি ন'বেলে বহু ধোঁৱাবিহীন বিস্ফোৰকত ব্যৱহৃত 'বেলিষ্টাইট' নামৰ পদাৰ্থ উদ্ভাৱন কৰিছিল। ন'বেলে জীৱনজুৰি উদ্ভাৱন কৰা ডাইনামাইটসহ ৩৫৫ বিধ সামগ্ৰীৰ পৰা বহু সা-সম্পত্তি গোটাবলৈ সক্ষম হয়।৬

১৮৮৮ চনত এখন ফ্ৰেঞ্চ বাতৰি কাকতত প্ৰকাশিত "মৃত্যুৰ সদাগৰৰ মৃত্যু" নামৰ শোকবাৰ্তা এটা পঢ়িবলৈ পাই ন'বেল আচৰিত হৈ পৰে। আলফ্ৰেড ন'বেলৰ মৃত্যুৰ আঠ বছৰ আগতেই প্ৰকাশিত বাতৰিটোৰ সময়ত আচলতে তেখেতৰ ভাতৃ লুডৱিগ ন'বেলৰহে মৃত্যু হৈছিল। বাতৰিটো পঢ়ি ন'বেলে চিন্তা কৰে যে মানুহে তেখতেক কিভাৱে মনত ৰাখিব। এই ঘটনাই ন'বেলক নিজৰ ইচ্ছাপত্ৰখন সলাবলৈ অনুপ্ৰেৰণা যোগায়।৭ ১৮৯৬ চনৰ ১০ ডিচেম্বৰত মগজুৰ ৰক্তক্ষৰণৰ বাবে ইটালীৰ চান ৰেম'ত থকা নিজা বসগৃহত ন'বেলৰ মৃত্যু হয়। তেতিয়া তেখেতৰ বয়স আছিল ৬৩ বছৰ।৮

ন'বেলে জীৱনকালত কেইবাখনো ইচ্ছাপত্ৰ তৈয়াৰ কৰিছিল। তাৰে শেষৰখন তেখেতৰ মৃত্যুৰ এবছৰ আগতে তৈয়াৰ কৰা হৈছিল আৰু ১৮৯৫ চনৰ ২৭ নৱেম্বৰত পেৰিছৰ চুইডিছ-নৰৱেইয়ান ক্লাবত সাক্ষৰ কৰা হৈছিল।৯১০ সকলোৰে আচৰিত কৰি ন'বেলে এই ইচ্ছাপত্ৰত প্ৰকাশ কৰে যে তেখেতৰ মৃত্যুৰ পিছত তেখেতৰ সম্পত্তিৰে "মানৱতালৈ গুৰুত্বপূৰ্ণ অৰিহণা" যোগোৱাসকলৈ এলানি বঁটা দিয়া হওক- যথা পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, শান্তি, শৰীৰতত্ত্ব বা চিকিৎসা-বিজ্ঞান আৰু সাহিত্যৰ ক্ষেত্ৰত।১১ ন'বেলে নিজৰ সম্পত্তিৰ ৯৪%, ৩১ নিযুত SEK (c. US$ ১৮৬ নিযুত, ২০০৮ চনত €১৫০ মিলিয়ন) এই পাঁচটা ন'বেল বঁটা প্ৰতিষ্ঠাৰ হকে দান কাৰে।১২ ইচ্ছাপত্ৰখনক লৈ থকা বহুতৰ সন্দেহৰ বাবে ১৮৯৭ চনৰ ২৬ এপ্ৰিলতহে নৰৱেৰ সংসদে সেইখনত অনুমোদন জনায়।১৩ ৰেগনাৰ ছ'লমেন (Ragnar Sohlman) আৰু ৰুডল্ফ লিল্জিকুইষ্টে (Rudolf Lilljequist) ন'বেলৰ সম্পত্তি চোৱাচিতা কৰিবলৈ আৰু বঁটাসমূহ ঠিক কৰিবলৈ "ন'বেল ফাউণ্ডেছন" গঠন কৰে।১৪

ন'বেলে শান্তিৰ বঁটাৰ বাছনিৰ বাবে এখন "নৰৱে'নিয়ান ন'বেল কমিটি" গঠন কৰাৰ কথা কৈ গৈছিল। ইচ্ছাপত্ৰখন অনুমোদিত হোৱাৰ পিছতে ইয়াৰ সদস্যসমূহক নিযুক্তি দিয়া হয়। ইয়াৰ পিছত আন আন বঁটাসমূহৰ বাছনিৰ বাবে বিভিন্ন সংগঠনক দায়িত্ব দিয়া হয়। সেইসমূহ হৈছে- ৭ জুনত চুইডিছ ইন্‌ষ্টিটিউট, ৯ জুনত চুইডিছ একাডেমী, আৰু ১১ জুনত ৰ'য়েল চুইডিছ একাডেমী অৱ চাইন্সেছ।১৫ বঁটাসমূহ প্ৰদানৰ বাবে ন'বেল ফাউণ্ডেছনে এক নিৰ্দেশনা প্ৰস্তুত কৰে আৰু ১৯০০ চনত চুইডেনৰ ৰজা অস্কাৰ ২য়ে ফাউণ্ডেছনটোৰ নতুন সংবিধান ঘোষণা কৰে।১১ ১৯০৫ চনত চুইডেন আৰু নৰৱে'ৰ মাজৰ ব্যক্তিগত সম্পৰ্ক বন্ধ হয়। ইয়াৰ পিছত নৰৱে'ৰ ন'বেল কমিটিয়ে শান্তিৰ ন'বেল বঁটা আৰু চুইডিছ সংগঠনসমূহে আন বঁটাসমূহৰ দায়িত্ব গ্ৰহণ কৰে।১৩

ন'বেল ফাউণ্ডেছন

মূল প্ৰবন্ধ: ন'বেল ফাউণ্ডেছন

আলফ্ৰেড ন'বেলৰ ইচ্ছাপত্ৰত প্ৰকাশ কৰা হৈছিল যে তেখেতৰ সম্পত্তিৰ ৯৪%ৰে ন'বেল বঁটাৰ প্ৰতিষ্ঠা কৰা হওক।
আলফ্ৰেড ন'বেলৰ ইচ্ছাপত্ৰত প্ৰকাশ কৰা হৈছিল যে তেখেতৰ সম্পত্তিৰ ৯৪%ৰে ন'বেল বঁটাৰ প্ৰতিষ্ঠা কৰা হওক।ছবি: Photograph: Prolineserver (talk)Document: Alfred Nobel · Public domain

ন'বেল বঁটাসমূহ আৰু সেইবোৰৰ আৰ্থিক দিশৰ চোৱাচিতা কৰিবলৈ ১৯০০ চনৰ ২৯ জুনত ন'বেল ফাউণ্ডেছনক ব্যক্তিগত সংগঠন হিছাপে প্ৰতিষ্ঠা কৰা হৈছিল।১৬ ন'বেলৰ ইচ্ছাপত্ৰ অনুসৰি এই ফাউণ্ডেছনৰ প্ৰধান কাম হৈছে ন'বেলে এৰি যোৱা সম্পত্তিৰ চোৱাচিতা কৰা। ৰ'বাৰ্ট ন'বেল আৰু লুডৱিগ ন'বেল আজাৰবাইজানত তেলৰ ব্যৱসায়ত যুক্ত আছিল। ন'বেলৰ পৰিয়ালৰ আৰ্কাইভ পৰীক্ষা কৰা চুইডিছ বুৰঞ্জীবিদ ই. বাৰ্জেনগ্ৰেনৰ মতে বাকুৰ পৰা আলফ্ৰেডৰ ধন আঁতৰাই অনাটোৱেইম আছিল ন'বেল বঁটাৰ প্ৰতিষ্ঠাৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত।১৭ ফাউণ্ডেছনৰ আন এটা কাম হৈছে বঁটাসমূহৰ আন্তৰ্জাতিক প্ৰচাৰ আৰু বঁটাৰ লগত জড়িত অনানুষ্ঠানিক প্ৰশাসনিক দিশৰ চকু ৰখা। বঁটাপ্ৰাপকৰ বাছনিৰ কামত ফাউণ্ডেছন জড়িত নহয়।১৮১৯ বহুক্ষেত্ৰত ন'বেল ফাউণ্ডেছনটো এক বিনিয়োগ প্ৰতিষ্ঠানৰ দৰে; ই ন'বেলৰ ধন বিনিয়োগ কৰি বঁটাসমূহ আৰু সেইবোৰৰ প্ৰশাসনিক কাম-কাজৰ বাবে এটা পুঁজি গঠন কৰে। ন'বেল ফাউণ্ডেছনক ১৯৪৬ চনৰ পৰা চুইডেনত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত ১৯৫৩ চনৰ পৰা বিনিয়োগ ক্ষেত্ৰত কৰ ৰেহাই দিয়া হৈছে।২০ ১৯৮০ চনৰ পৰা ফাউণ্ডেছনৰ বিনিয়োগসমূহ লাভজনক হৈ আহিছে। ২০০৭ চনৰ ৩১ ডিচেম্বৰৰ তথ্য অনুসৰি ন'বেল ফাউণ্ডেছনে নিয়ন্ত্ৰণ কৰা সম্পত্তিৰ পৰিমাণ ৩.৬২৮ নিযুত চুইডিছ "ক্ৰ'ন'ৰ" (প্ৰায় ৫৬০ নিযুত US$)।২১

।]]

সংবিধান অনুসৰি পাঁচজন ছুইডিছ বা নৰৱেনিয়ান নাগৰিকক লৈ ষ্ট'কহ'মৰ পীঠেৰে ন'বেল ফাউণ্ডেছন গঠন কৰা হয়। ব'ৰ্ডৰ অধ্যক্ষক কাউন্সিলৰ (Privy Council of Sweden) ৰজাই নিযুক্তি দিয়ে আৰু আন চাৰিজন সদস্যক বঁটা প্ৰদানকাৰী অনুষ্ঠানসমূহৰ ট্ৰাষ্ট্ৰীয়ে নিযুক্তি দিয়ে। ব'ৰ্ড সদস্যসমূহৰ মাজৰ পৰা এজনক কাৰ্যবাহী সঞ্চালক হিচাপে বাছনি কৰা হয়। এজন উপ-সঞ্চালকক কাউন্সিলৰ ৰজাই আৰু দুজন সহায়কক ট্ৰাষ্ট্ৰীয়ে নিযুক্তি দিয়ে। কিন্তু ১৯৯৫ চনৰ পৰা ব'ৰ্ডৰ সকলো সদস্যক ট্ৰাষ্টীসকলে বাছনি কৰি আহিছে আৰু ব'ৰ্ডে নিজেই কাৰ্যবাহী আৰু উপ-সঞ্চালকক নিযুক্তি দি আহিছে। ব'ৰ্ডৰ লগতে বঁটা প্ৰদানকাৰী অনুষ্ঠানসমূহ (ৰয়েল চুইডিছ একাডেমী অফ চাইন্সেছ, কাৰ'লিন্‌স্কা ইনষ্টিটিউটৰ ন'বেল গোট, চুইডিছ একাডেমী আৰু নৰৱে'ৰ ন'বেল কমিটি), এই অনুষ্ঠানসমূহৰ ট্ৰাষ্টীসমূহ, আৰু হিচাপ পৰীক্ষকসকল ফাউণ্ডেছনৰ অন্তৰ্গত।২১

প্ৰথম বঁটাসমূহ

পদাৰ্থ বিজ্ঞানৰ প্ৰথম বঁটা লাভ কৰিছিল।]]

ন'বেল ফাউণ্ডেছন আৰু ইয়াৰ নিৰ্দেশাৱলীৰ ঠান-ঠিত লগাৰ পিছত ন'বেল কমিটিয়ে উদ্বোধনী বঁটাৰ বাবে মনোনয়ন সংগ্ৰহ আৰম্ভ কৰিলে। তাৰপিছত তেওঁলোকে প্ৰাৰ্থীসকলৰ এখন তালিকা বঁটা-প্ৰদানকাৰী অনুষ্ঠানসমূহলৈ পঠিয়ায়। নৰৱেজিয়ান ন'বেল কমিটিয়ে ন'বেল শান্তি বঁটাৰ গুৰুত্ব বঢ়াবলৈ উল্লেখযোগ্য ব্যক্তি যেনে জৰ্জেন লভলেণ্ড Jørgen Løvland, জৰ্নষ্টাৰ্ণ জৰ্নছন Bjørnstjerne Bjørnson আৰু জ'হান্‌ছ ষ্টীন Johannes Steen আদিকো জড়িত কৰিছিল।২২ উনৈশ শতিকাৰ শেষৰফালে বৰ্দ্ধিত শান্তি আন্দোলনত মুখ্য ভূমিকা লোৱা দুজন ব্যক্তিক কমিটিয়ে শান্তিৰ ন'বেল বঁটা প্ৰদান কৰে। তেওঁলোক হৈছে ইণ্টাৰ-পাৰ্লিয়ামেণ্টেৰী ইউনিয়নৰ সহ-প্ৰতিষ্ঠাপক ফ্ৰেডেৰিক পেছী আৰু আন্তৰ্জাতিক ৰেড-ক্ৰছ সমিতিৰ প্ৰতিষ্ঠাপক হেনৰী ডুণাণ্ট।২৩২৪২৫

ন'বেল কমিটিয়ে পদাৰ্থ বিজ্ঞানৰ বঁটাৰ বাবে চূড়ান্ত তালিকাত ৱিল্‌হেল্ম ৰণ্টেজেনৰ এক্স-ৰে'ৰ আৱিষ্কাৰ আৰু ফিলিপ লেণাৰ্ডৰ কেথ'ড ৰে'ৰ কৰ্মৰ উল্লেখ কৰিছিল। একাডেমী অৱ ছায়েন্সে ৰণ্টজেনৰ সেই বঁটাৰ বাবে নিৰ্বাচন কৰে।২৬২৭ উনৈশ শতিকাৰ শেষৰ দশকত বহুস্ংখ্যক ৰসায়নবিদে তেওঁলোকৰ বহুমূলীয়া অৱদান আগ বঢ়ায়। Thus, with the Chemistry Prize, the Academy "was chiefly faced with merely deciding the order in which these scientists should be awarded the prize."২৮ সমিতিয়ে ২০খন মনোনয়ন পত্ৰ লাভ কৰে আৰু তাৰ ১১ খনেই জেকবাচ ভেণ্ট হ'ফক সমৰ্থন কৰিছিল।২৯ভেণ্ট হ'ফক ৰাসায়নিক তাপগতিবিজ্ঞানত তেওৰ বহুমূলীয়া অৱদানৰ বাবে ন'বেল বটা প্ৰদান কৰা হয়।৩০৩১

ছুইডিছ সমিতিয়ে কবি চুল্লি প্ৰুধমক(Sully Prudhomme) সাহিত্যত প্ৰথম ন'বেল বটাৰ বাবে মনোনীত কৰে। লেৱ তলস্ত’য়ক মনোনীত কৰাৰ দাবীত এটা ৪২ জনীয়া ছুইডিছ সাহিত্যিক, শিল্পী আৰু সমালোচকৰ গোটে এই সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।৩২ প্ৰুধমক মধ্যমীয়া কবি হিচাপে গণ্য কৰা হেতুকে ব্ৰুটন ফেল্ডমেনকে আদি কৰি কিছুস্ংখ্যকে এই বঁটাৰ সমালোচনা কৰে। সমিতিৰ গৰিষ্ঠস্ংখ্যক সদস্যই ভিক্টোৰিয়ান সাহিত্যক আগস্থান দিয়া বাবেই এজন ভিক্টোৰিয়ান সাহিত্যিকক এই বঁটা প্ৰদান কৰা বুলি ফেল্ডমেনকে মতপ্ৰকাশ কৰে।৩৩ প্ৰাণীতত্ত্ব আৰু অনুবিজ্ঞান বিষয়ত প্ৰথম ন'বেল বঁটা লাভ কৰে জাৰ্মান প্ৰাণীতত্ত্বিক তথা অনুবিজ্ঞানী ইমিল ভন বেহৰিঙে। During the 1890s, von Behring developed an Antitoxin to treat ডিপথেৰীয়া, which until then was causing thousands of deaths each year.৩৪৩৫

পুৰস্কাৰ প্ৰদান কৰাৰ ক্ষেত্ৰসমূহ

পদকবিষয়বৈশিষ্ট্যসমূহ
পদাৰ্থ বিজ্ঞানৰ ন'বেল পুৰস্কাৰৰয়েল ছুইডিছ একাডেমী অফ চায়েঞ্চেচৰ দ্বাৰা নিৰ্বাচিত কৰা হয়। "পদাৰ্থ বিজ্ঞানৰ ক্ষেত্ৰত যি সকলোতকৈ গুৰুত্বপূৰ্ণ আবিষ্কাৰ বা উদ্ভাবন কৰে, তেওঁক এই পুৰস্কাৰ প্ৰদান কৰা হয়। "
ৰসায়ন বিজ্ঞানৰ ন’বেল পুৰস্কাৰৰয়েল ছুইডিছ একাডেমী অফ চায়েঞ্চেচৰ দ্বাৰা নিৰ্বাচিত কৰা হয়। "ৰসায়ন বিজ্ঞানৰ ক্ষেত্ৰত যি সকলোতকৈ গুৰুত্বপূৰ্ণ আবিষ্কাৰ বা উদ্ভাবন কৰে, তেওঁক এই পুৰস্কাৰ প্ৰদান কৰা হয়। "
চিকিৎসা বিজ্ঞানৰ ন’বেল পুৰস্কাৰকাৰ'লিন্‌স্কা ইনষ্টিটিউট (Karolinska Institutet)ৰ দ্বাৰা নিৰ্বাচিত কৰা হয়। "চিকিৎসা আৰু জীৱ বিজ্ঞানৰ ক্ষেত্ৰত যি সকলোতকৈ গুৰুত্বপূৰ্ণ আবিষ্কাৰ কৰে, তেওঁক এই পুৰস্কাৰ প্ৰদান কৰা হয়। "
সাহিত্যৰ ন’বেল পুৰস্কাৰছুইডিছ একাডেমী (Svenska Akademien স্‌ভেন্‌স্কা আকাদেমিয়েন)ৰ দ্বাৰা নিৰ্বাচিত কৰা হয়। "যি সাহিত্য জগতৰ সকলোতকৈ বিশিষ্ট ৰচনা সৃষ্টি কৰে, তেওঁক এই পুৰস্কাৰ প্ৰদান কৰা হয়। "
শান্তিত ন’বেল পুৰস্কাৰনৰৱে ন’বেল সমিতিৰ দ্বাৰা নিৰ্বাচিত কৰা হয়। "যি জাতিৰ বন্ধুত্ব ৰক্ষা আৰু বৃদ্ধি, যুদ্ধৰ বাবে বিশেষভাবে প্ৰস্তুত সেনাবাহিনীৰ অপসাৰণ বা হ্ৰাস আৰু শান্তি প্ৰক্ৰিয়া ত্বৰান্বিতকৰণত সকলোতকৈ বেছি ভূমিকা গ্ৰহণ কৰে, তেওঁক এই পুৰস্কাৰ প্ৰদান কৰা হয়। "
অৰ্থনীতিত ন’বেল পুৰস্কাৰএই পুৰস্কাৰটো ছুইডেনৰ কেন্দ্ৰীয় বেংক-এ প্ৰচলন কৰে। ৰয়েল ছুইডিছ একাডেমী অফ চায়েঞ্চেচৰ দ্বাৰা নিৰ্বাচিত কৰা হয়।

গ্ৰন্থপঞ্জী

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (8 October 2010). Which country has the best brains?. BBC News
  2. ↑ Shalev, Baruch Aba. (2005). পৃ. 8
  3. ↑ (3 October 2011). Montreal-born scientist dies before Nobel honour. CBC News
  4. ↑ Jürgen Schmidhuber (2010): Evolution of National Nobel Prize Shares in the 20th Century, arXiv: arxiv.org/abs/1009.2634, web site www.idsia.ch/~juergen/nobelshare.html
  5. ↑ Levinovitz, Agneta Wallin. (2001). পৃ. 5
  6. ↑ Levinovitz, Agneta Wallin. (2001). পৃ. 11
  7. ↑ Golden, Frederic. (16 October 2000). The Worst And The Brightest. Time. Time Warner
  8. ↑ Sohlman, Ragnar. (1983). পৃ. 13
  9. ↑ Sohlman, Ragnar. (1983). পৃ. 7
  10. ↑ von Euler, U. S. (6 June 1981). The Nobel Foundation and its Role for Modern Day Science. Die Naturwissenschaften. Springer-Verlag
  11. ↑ AFP. (5 October 2009). Alfred Nobel's last will and testament. The Local
  12. ↑ Abrams, Irwin. (2001). পৃ. 7
  13. ↑ Levinovitz, Agneta Wallin. (2001). পৃ. 13–25
  14. ↑ Abrams, Irwin. (2001). পৃ. 7–8
  15. ↑ Crawford, Elizabeth T. (1984). পৃ. 1
  16. ↑ Levinovitz, Agneta Wallin. (2001). পৃ. 14
  17. ↑ Nobel Prize Funded from Baku. Azerbaijan International
  18. ↑ Levinovitz, Agneta Wallin. (2001). পৃ. 15
  19. ↑ Feldman, Burton. (2001). পৃ. 16
  20. ↑ Levinovitz, Agneta Wallin. (2001). পৃ. 17–18
  21. ↑ Levinovitz, Agneta Wallin. (2001). পৃ. 15–17
  22. ↑ Abrams, Irwin. (2001). পৃ. 39–41
  23. ↑ Levinovitz, Agneta Wallin. (2001). পৃ. 166–168
  24. ↑ Crawford, Elizabeth T. (1984). পৃ. 266
  25. ↑ Feldman, Burton. (2001). পৃ. 297
  26. ↑ Feldman, Burton. (2001). পৃ. 134
  27. ↑ Leroy, Francis. (2003). পৃ. 117–118
  28. ↑ Levinovitz, Agneta Wallin. (2001). পৃ. 77
  29. ↑ Crawford, Elizabeth T. (1984). পৃ. 118
  30. ↑ Levinovitz, Agneta Wallin. (2001). পৃ. 81
  31. ↑ Feldman, Burton. (2001). পৃ. 205
  32. ↑ Levinovitz, Agneta Wallin. (2001). পৃ. 144
  33. ↑ Feldman, Burton. (2001). পৃ. 69
  34. ↑ Feldman, Burton. (2001). পৃ. 242–244
  35. ↑ Leroy, Francis. (2003). পৃ. 233

সম্পৰ্কিত শ্ৰেণী

আন্তঃৰাষ্ট্ৰীয় বঁটাসমূহন'বেল বঁটা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ন'বেল বঁটা” প্ৰবন্ধৰ সংশোধন ৪০৩১১৫ (২১ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।