অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নৰ্মা আলভাৰেছ

নৰ্মা আলভাৰেছ (Norma Alvares) এগৰাকী ভাৰতীয় উকীল, সমাজকৰ্মী আৰু পৰিৱেশ কৰ্মী। লগতে পৰিৱেশ সুৰক্ষাৰ বাবে কাম কৰা এটা বিখ্যাত বেচৰকাৰী সংস্থা ব্ৰিডছ অৱ গোৱাৰ প্ৰতিষ্ঠাপক সদস্য।

হালনাগাদ: ৪ ডিচেম্বৰ ২০২৫ ২৩২ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

নৰ্মা আলভাৰেছ (Norma Alvares) এগৰাকী ভাৰতীয় উকীল, সমাজকৰ্মী আৰু পৰিৱেশ কৰ্মী।১২ লগতে পৰিৱেশ সুৰক্ষাৰ বাবে কাম কৰা এটা বিখ্যাত বেচৰকাৰী সংস্থা ব্ৰিডছ অৱ গোৱাৰ প্ৰতিষ্ঠাপক সদস্য।৩ প্ৰায় তিনিটা দশক ধৰি তেওঁ পৰিৱেশ বিষয়, মানৱ অধিকাৰ, মহিলাৰ সম অধিকাৰ, পশু কল্যাণৰ ওপৰত দুশৰো অধিক জনস্বাৰ্থৰ মামলাৰ গোচৰৰ বাবে প্ৰ’ ব’ন’ৰ পোষকতা কৰি আহিছে। আলভাৰেজ উকীল সংগ্ৰহৰ ট্ৰাষ্টী আৰু দ্য অদাৰ ইণ্ডিয়া বুকষ্ট'ৰ ছ'চাইটিৰ প্ৰতিষ্ঠাপক ট্ৰাষ্টী। ৪

নৰ্মা পশু কল্যাণকাৰী গোট পিপল ফৰ এনিমেলছৰ সভানেত্ৰী।৫। ২০০০ চনৰ পৰা ভাৰতীয় পশু কল্যাণ ব’ৰ্ডৰ সদস্য হিচাপেও তিনিটা কাৰ্যকাল পশু তত্ত্বাৱধান আৰু নিয়ন্ত্ৰণ সমিতিৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। ২০০২ চনত তেওঁক পশু আৰু পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰীৰে সন্মানিত কৰা হয়।

ব্যক্তিগত জীৱন

নৰ্মাই মুম্বাইৰ ছেইণ্ট জেভিয়াৰ কলেজৰ পৰা আইন বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে আৰু পৰিৱেশ সক্ৰিয়তাত যোগদান কৰে।১ সহযোগী কৰ্মী ক্লড আলভাৰেছৰ সৈতে তেওঁৰ বিবাহ। বৰ্তমান এই দম্পতীহালে তেওঁলোকৰ তিনিটা সন্তান ৰাহুল, সমীৰ আৰু মিলিন্দৰ সৈতে গোৱাৰ পাৰাত থাকে।২

কৰ্মজীৱন

আলভাৰেছৰ স্বামী ক্ল'ডে আৰম্ভ কৰা পৰিৱেশ কাৰ্য্য গোট গোৱা ফাউণ্ডেশ্যনৰ তত্ত্বাৱধানত তেওঁ ১৯৮৭ চনত গোৱাৰ বালিৰ টিলাবোৰ বচাবলৈ জনস্বাৰ্থৰ মামলা (পিআইএল) আৰম্ভ কৰে, যিটো ৰাজ্যখনত প্ৰথমবাৰৰ বাবে দাখিল কৰা পিআইএল।১ তেওঁ ১০০ টাতকৈও অধিক পিআইএলৰ সৈতে জড়িত৬৭ আৰু এমিকাছ কিউৰিয়া হিচাপে কাম কৰিছে।৮ ডুপণ্টৰ এটা কাৰখানা বন্ধ কৰাৰ বাবে অনুকূল আদালতৰ আদেশ লাভ কৰা আৰু গোৱাত খনন কাৰ্য্যকলাপত বাধা আৰোপ কৰা আন এটাত তেওঁৰ প্ৰচেষ্টাৰ কথা কোৱা হৈছে।১ তেওঁ পিপল ফৰ এনিমেলছৰ গোৱা শাখাৰ সভানেত্ৰী৯ আৰু অদাৰ ইণ্ডিয়া বুক ষ্ট'ৰ১০ আৰু অদাৰ ইণ্ডিয়া প্ৰেছৰ প্ৰতিষ্ঠাপক।১১ ২০২৪ চনত বম্বে উচ্চ ন্যায়ালয়ে আলভাৰেছক জ্যেষ্ঠ অধিবক্তা হিচাপে নিযুক্তি দিছিল।

সন্মান

আলভাৰেছক ভাৰত চৰকাৰে ২০০২ চনত পদ্মশ্ৰীৰ চতুৰ্থ সৰ্বোচ্চ ভাৰতীয় অসামৰিক বঁটাৰে সন্মানিত কৰে।১২ ২০০১ চনত গোৱা চৰকাৰে যশদামিনি পুৰাস্কাৰে তেওঁক সম্বৰ্ধনা জনায়। ১৩

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (9 August 2014). Livemint. Livemint
  2. ↑ (2015). India Inspires. India Inspires
  3. ↑ Goa Foundation
  4. ↑ "Other India Book Store"
  5. ↑ (2015). PFA Goa. PFA Goa
  6. ↑ (2015). Goa Foundation. Goa Foundation
  7. ↑ (11 April 2012). Down to Earth. Down to Earth
  8. ↑ (20 April 2012). Amicus Curiae. Down to Earth
  9. ↑ (2015). PFA Goa. PFA Goa
  10. ↑ (2015). Other India Book Store. Other India Book Store
  11. ↑ (2015). About Us. Other India Book Store
  12. ↑ (2015). Padma Awards. Padma Awards
  13. ↑ Archived copy

সম্পৰ্কিত শ্ৰেণী

সমাজকৰ্মীভাৰতৰ ৰাষ্ট্ৰীয় বঁটা আৰু সন্মানপদ্মশ্ৰী বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নৰ্মা আলভাৰেছ” প্ৰবন্ধৰ সংশোধন ৫৬০৮৭৬ (৪ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।