অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

নেচনেল ডেম'ক্ৰেটিক ফ্ৰণ্ট অৱ বড়োলেণ্ড

এনডিএফবি বা নেচনেল ডেম'ক্ৰেটিক ফ্ৰণ্ট অৱ বড়োলেণ্ড হৈছে এটা সশস্ত্ৰ বিচ্ছিন্নতাবাদী সংগঠন যিয়ে বড়োসকলৰ বাবে এখন সাৰ্বভৌম বড়োলেণ্ডৰ পোষকতা কৰে। এই সংগঠনটো ভাৰত চৰকাৰে এক সন্ত্ৰাসবাদী সংগঠন বুলি ঘোষণা কৰিছে। ১৯৮৬ চনত গঠন হোৱা বড়ো ছিকিউৰিটি ফ'ৰ্চ নামৰ সংগঠনটোৱে পিছলৈ এনডিএফবি নাম লৈছিল।

হালনাগাদ: ২৪ নৱেম্বৰ ২০২৫ ৩২২ শব্দ · ২ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

এনডিএফবি বা নেচনেল ডেম'ক্ৰেটিক ফ্ৰণ্ট অৱ বড়োলেণ্ড হৈছে এটা সশস্ত্ৰ বিচ্ছিন্নতাবাদী সংগঠন যিয়ে বড়োসকলৰ বাবে এখন সাৰ্বভৌম বড়োলেণ্ডৰ পোষকতা কৰে।১ এই সংগঠনটো ভাৰত চৰকাৰে এক সন্ত্ৰাসবাদী সংগঠন বুলি ঘোষণা কৰিছে।২

১৯৮৬ চনত গঠন হোৱা বড়ো ছিকিউৰিটি ফ'ৰ্চ নামৰ সংগঠনটোৱে পিছলৈ এনডিএফবি নাম লৈছিল। ১৯৯৪ চনত ভাৰত চৰকাৰ আৰু আবছু-বিপিএচিৰ মাজত মাজত হোৱা বড়ো চুক্তিৰ বিৰোধিতা কৰাৰ পিছত সংগঠনটোৱে নতুন নাম লৈছিল। এই সংগঠনটোৱে অসমত অনা-বড়ো আৰু সৈন্য-আৰক্ষীক লক্ষ্য কৰি কেইবাটাও আক্ৰমণ সংঘটিত কৰিছে। আদিবাসী কোব্ৰা ফ'ৰ্চৰ সৈতে সংঘৰ্ষ থকা হেতুকে এই এনডিএফবিয়ে চান্থাল, মুণ্ডা আৰু ওৰাও আদিবাসীসকলৰ ওপৰত কেইবাটাও আক্ৰমণ সংঘটিত কৰিছে। ১৯৯৬ চনত অসম বিধানসভা নিৰ্বাচনৰ সময়ত সংঘটিত হোৱা বড়ো-আদিবাসী সাম্প্ৰদায়িক সংঘৰ্ষৰ সময়ত এনডিএফবিয়ে আদিবাসীসকলৰ ওপৰত হোৱা আক্ৰমণৰ কাণ্ডত জড়িত আছিল। তাৰেই প্ৰত্যুত্তৰ দিবলৈ আদিবাসী কোব্ৰা ফ'ৰ্চৰ জন্ম হৈছিল। ১৯৯৬ চনৰ পিছত এনডিএফবিয়ে বড়ো লিবাৰেচন টাইগাৰ ফ'ৰ্চৰ সৈতে সংঘৰ্ষত লিপ্ত হৈছিল। বড়ো লিবাৰেচন টাইগাৰ ফ'ৰ্চে ২০০৩ চনত চৰকাৰৰ ওচৰত আত্মসমৰ্পণ কৰে। ২০০০ চনৰ পৰা এনডিএফবিয়ে বাংলাদেশী অনুপ্ৰৱেশকাৰীক আক্ৰমণৰ লক্ষ্য কৰি লৈছে।

১৯৯০ চনত এনডিএফবিয়ে অসম-ভূটান সীমান্তত বাৰটা শিবিৰ স্থাপন কৰে। কিন্তু অপাৰেচন অল ক্লিয়াৰৰ সময়ত বিস্তৰ ক্ষয়-ক্ষতিৰ সন্মুখীন হোৱাত এনডিএফবিয়ে ২০০৫ চনৰ মে'ত ভাৰত চৰকাৰৰ সৈতে যুদ্ধ বিৰতি স্থাপন কৰে। ইয়াৰ পিছত এনডিএফবি দুটা ভাগত বিভাজন হৈ আলোচনাপন্থী আৰু আলোচনাবিৰোধী নামৰ দুটা ভাগত বিভক্ত হয়। ২০১২ চনত আলোচনাবিৰোধী গোটৰ সভাপতিৰ গ্ৰেপ্তাৰ হোৱাৰ পিছত আলোচনাবিৰোধী গোটতো আকৌ ভাগ হৈ আই কে সংবিজিতৰ নেতৃত্বত এটা নতুন গোটৰ সৃষ্টি হয় আৰু এই গোটটোৱে নিজৰ সন্ত্ৰাসমূলক কাৰ্যকলাপ চলাই যায়।

২০১৫ চনৰ ১৪ আৰু ১৫ এপ্ৰিলত সংগঠনটোৰ সাধাৰণ পৰিষদে সংবিজিতৰ দ্বাৰা পৰিচালিত দলটো ভংগ কৰি স্বাধীন আৰু সাৰ্বভৌম বড়োলেণ্ডৰ হকে সংগ্ৰাম চলাই যাবলৈ এখন নতুন জাতীয় পৰিষদ গঠন কৰে।৩

উদ্দেশ্য

বড়ো অধ্যুষিত অঞ্চলৰ অনুন্নয়ন আৰু অবৈধ অনুপ্ৰৱেশৰ সমস্যাৰ বাবেই এই সংগঠনটোৰ জন্ম হৈছিল। যাৰ বাবে তেওঁলোকে ভাৰতৰ পৰা বিচ্ছিন্ন হৈ সাৰ্বভৌম বড়োলেণ্ডৰ বাবে সংগ্ৰাম কৰিছিল।৪ ১৯৯৮ চনৰ ১০ মাৰ্চত গ্ৰহণ কৰা এনডিএফবি সংবিধানত তলৰ উদ্দেশ্যসমূহ তালিকাভূক্ত কৰা হৈছিল:

  • ভাৰতৰ অধীনৰ পৰা বড়োলেণ্ড উদ্ধাৰ কৰিব
  • উপনিৱেশিক দমনকামিতাৰ পৰা বড়োলেণ্ডৰ মুক্তি
  • স্বাধীনতা, সমতা আৰু ভ্ৰাতৃত্ববোধক উদগনি দি এখন গণতান্ত্ৰিক, সামাজিক ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰা
  • বড়োলেণ্ডৰ অখণ্ডতা আৰু সাৰ্বভৌমত্ব ৰক্ষা কৰা

তথ্যসূত্ৰ

  1. ↑ (14 September 2017). NDFB(S) eyes Bodoland sovereignty
  2. ↑ Banned Organisations. Ministry of Home Affairs, Government of India
  3. ↑ NDFB-S forms new council - Times of India
  4. ↑ Andrew T .H. Tan. (18 October 2010). Politics of Terrorism: A Survey. Routledge. পৃ. 190. ISBN 978-1-136-83336-6

সম্পৰ্কিত শ্ৰেণী

অসমৰ সংগঠনবড়ো জনগোষ্ঠী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নেচনেল ডেম'ক্ৰেটিক ফ্ৰণ্ট অৱ বড়োলেণ্ড” প্ৰবন্ধৰ সংশোধন ৫৫৬৬৩৫ (২৪ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।