২০১৮ বৰ্ষৰ চলচ্চিত্ৰ
৯ প্ৰবন্ধ
-
পদ্মাৱত (২০১৮ চনৰ চলচ্চিত্ৰ)
পদ্মাৱত (হিন্দী: पद्मावत) সঞ্জয় লীলা ভণশালীৰ দ্বাৰা পৰিচালিত ২০১৮ চনত মুত্তি লাভ কৰা হিন্দী ভাষাৰ এখন ভাৰতীয় ঐতিহাসিক নাট্য ছবি। মালিক মহম্মদ জায়চীৰ একে নামৰ মহাকাব্যৰ আধাৰত নিৰ্মিত এই ছবিখনৰ মুখ্য চৰিত্ৰ, সৌন্দৰ্য্যৰ বাবে পৰিচিত সিংহলীত জন্মগ্ৰহণ কৰা ৰাজপুত ৰাণী তথা মহাৰাৱল ৰতন সিংহৰ পত্নী…
-
গীতা গোবিন্দম
গীতা গোবিন্দম (Geetha Govindam) হʼল পৰিচালক পৰশুৰামৰদ্বাৰা পৰিচালিত, ২০১৮ চনত মুক্তিপ্ৰাপ্ত, ভাৰতীয় তেলুগু ভাষাৰ ৰোমাণ্টিক কমেডীধৰ্মী কথাছবি। জিএ২ পিকচাৰ্ছৰদ্বাৰা প্ৰযোজিত, এই ছবিখনত অভিনেতা বিজয় দেৱৰকোণ্ডা আৰু অভিনেত্ৰী ৰশ্মিকা মন্দান্নাই মুখ্য চৰিত্ৰত অভিনয় কৰিছে।
-
লায়লা মজনু (২০১৮ চলচ্চিত্ৰ)
লায়লা মজনু হৈছে ২০১৮ চনত মুক্তিপ্ৰাপ্ত ভাৰতীয় হিন্দী ভাষাৰ এখন ৰোমাণ্টিক নাট্যধৰ্মী চলচ্চিত্ৰ। ছবিখনত অবিনাশ তিৱাৰী আৰু নৱাগতা অভিনেত্ৰী তৃপ্তি ডিমৰিয়ে মুখ্য চৰিত্ৰত অভিনয় কৰিছে।
-
আই এম জীজা
আই এম জীজা ( I Am Jeeja ) চলচ্চিত্ৰ নিৰ্মাতা স্বাতী চক্ৰৱৰ্তীৰ পৰিচালনাত নিৰ্মিত এখন ভাৰতীয় তথ্যচিত্ৰ, যিয়ে মস্তিষ্কৰ পক্ষাঘাত ৰোগত আক্ৰান্ত ভাৰতীয় প্ৰতিবন্ধী অধিকাৰ কৰ্মী জীজা ঘোষৰ কাহিনী বৰ্ণনা কৰিছে। এই ছবিৰ জৰিয়তে স্বাতীয়ে বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ জীৱন আৰু যুদ্ধ দেখুৱাবলৈ চেষ্টা কৰিছে।
-
তুম্বাড
তুম্বাড (Tumbbad) হৈছে ৰাহী অনিল বৰ্ৱে পৰিচালিত, ২০১৮ চনত মুক্তিপ্ৰাপ্ত, ভাৰতীয় হিন্দী ভাষাৰ ঐতিহাসিক লোককথাভিত্তিক হৰৰ চলচ্চিত্ৰ। আনন্দ গান্ধীয়ে ছবিখনৰ সৃষ্টিশীল পৰিচালক হিচাপে কাম কৰিছিল আৰু আদেশ প্ৰসাদে সহ-পৰিচালক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
নিৰ্ভয়া (চলচ্চিত্ৰ)
নিৰ্ভয়া (Nirbhoya) সম্বিত মিডিয়া এণ্ড প্ৰডাকচনচৰ বেনাৰত মিলন ভৌমিক পৰিচালনা আৰু সঞ্জীৱ সমাদ্দাৰৰ প্ৰযোজিত ২০১৮ চনৰ এখন বাংলা ছবি। ছবিখন ২০১২ দিল্লীৰ দলবদ্ধ ধৰ্ষণ আৰু হত্যা গোচৰৰ আধাৰত নিৰ্মিত। পশ্চিম বংগৰ উপৰিও উৰিষ্যা, অসম আৰু বিহাৰৰ দৰে আন ৰাজ্যতো ছবিখন মুক্তি পোৱাৰ কথা আছিল।
-
পিৰিয়'ড৷এ'ণ্ড অফ চে'নটে'নচ৷
পিৰিয়'ড। এ'ণ্ড অফ চে'নটে'নচ। (Period. End of Sentence.) হ'ল ৰায়কা জেহতাবচিৰ দ্বাৰা পৰিচালিত ২০১৮ চনৰ এখন চুটি তথ্যচিত্ৰ য'ত ভাৰতীয় মহিলাসকলে ঋতুস্ৰাৱৰ স্বাস্থ্যৰ নিস্তব্ধ বিপ্লৱৰ নেতৃত্ব দি আছে। ছবিখনত অভিনয় কৰিছে অৰুণাচলম মুৰুগানাথম, শাবানা খান, গৌৰী চৌধুৰী, অজেয়া আৰু অনিতাই।
-
পুৰদাহ (চলচ্চিত্ৰ)
পুৰদাহ (Purdah) হৈছে জেৰেমি গাইৰ দ্বাৰা পৰিচালিত এখন স্বতন্ত্ৰ তথ্যচিত্ৰ, য'ত কৈকাশ মিৰ্জা, সাবা মিৰ্জা আৰু আল হীনা মিৰ্জাই অভিনয় কৰিছে। পুৰদাহ শিৰোনামটোৱে আৱৰণ বা পৰ্দাক বুজায় আৰু লগতে মুছলমান মহিলাসকলে নিজকে লুকুৱাই ৰাখিবলৈ পিন্ধা বস্ত্ৰ এবিধক বুজায়।
-
হেলিকপ্টাৰ এলা
হেলিকপ্টাৰ এলা ( Helicopter Eela ) ২০১৮ চনৰ প্ৰদীপ সৰকাৰ পৰিচালিত, ভাৰতীয় হিন্দী ভাষাৰ এখন কমেডী-নাট্যধৰ্মী ছবি। ইয়াত কাজলে এগৰাকী উচ্চাকাংক্ষী গায়িকা আৰু একক মাতৃ হেলিকপ্টাৰ অভিভাৱক হিচাপে মুখ্য চৰিত্ৰত অভিনয় কৰিছে। ৰচনা মিতেশ শ্বাহ আৰু আনন্দ গান্ধীৰ।