তপন সিনহা পৰিচালিত চলচ্চিত্ৰ
৭ প্ৰবন্ধ
-
আপনজন
আপনজন বা সৰল ৰূপত আপোনজন (Apanjan) ১৯৬৮ চনৰ তপন সিনহা পৰিচালিত ভাৰতীয় বঙালী ভাষাৰ এখন আৰ্থ-ৰাজনৈতিক নাট্যধৰ্মী ছবি। কে.এল কাপুৰ প্ৰডাকচনৰ বেনাৰত আৰ.কে কাপুৰে প্ৰযোজনা কৰা ছবিখন ইন্দ্ৰ মিত্ৰ ৰচিত পশ্চিম বংগত সংঘটিত ৰাজনৈতিক হিংসাৰ দ্বাৰা অনুপ্ৰাণিত এটা চুটিগল্পৰ আধাৰত নিৰ্মাণ কৰা হৈছে।
-
এক ডাক্তৰ কি মৌত
এক ডাক্তৰ কি মৌত (Ek Doctor Ki Maut; অনু. এজন ডাক্তৰৰ মৃত্যু) ১৯৯০ চনত মুক্তি পোৱা তপন সিনহাৰ এখন ভাৰতীয় হিন্দী ভাষাৰ নাট্যধৰ্মী ছবি, য'ত এজন চিকিৎসকে তেওঁৰ গৱেষণাই স্বীকৃতি পোৱাৰ পৰিৱৰ্তে বহিস্কাৰ আমোলাতান্ত্ৰিক গুৰুত্বহীনতা, ভাবুকি আৰু অপমান পোৱাৰ ঘটনাৱলী চিত্ৰায়িত কৰা হৈছে।
-
কাবুলিৱালা (১৯৫৭ চলচ্চিত্ৰ)
কাবুলিৱালা ( Kabuliwala ১৯৫৭ চনত মুক্তি পোৱা ৰবীন্দ্ৰনাথ ঠাকুৰৰ একে নামৰ চুটিগল্পৰ আধাৰত নিৰ্মাণ কৰা, তপন সিনহাই পৰিচালনা কৰা এখন বঙালী চলচ্চিত্ৰ।
-
হাটে বাজাৰে
হাটে বাজাৰে ( Hatey Bazarey) ১৯৬৭ চনত মুক্তিপ্ৰাপ্ত, খ্যাতিমান বঙালী পৰিচালক তপন সিনহা পৰিচালিত এখন কলাত্মক চলচ্চিত্ৰ। প্ৰযোজনা কৰিছে অসীম দত্তৰ প্ৰিয়া এণ্টাৰটেইনমেণ্ট প্ৰোডাকচন লিমিটেডে। ছবিৰ গল্পৰ মূল উপজীব্য সৎ আৰু অসতৰ মাজত সংঘাত। মূল চৰিত্ৰত অভিনয় কৰিছে অশোক কুমাৰ আৰু বৈজয়ন্তীমালাই।
-
অতিথি (১৯৬৫ চলচ্চিত্ৰ)
অতিথি (Atithi) ৰবীন্দ্ৰনাথ ঠাকুৰৰ চুটিগল্পৰ আধাৰত ১৯৬৫ চনত নিৰ্মিত আৰু তপন সিনহা পৰিচালিত এখন বঙালী নাট্যধৰ্মী ছবি। ইয়াত ঘৰুৱা জীৱনৰ পৰিসীমাত আবদ্ধ জীৱনতকৈ বিচৰণকাৰীৰ জীৱনক বেছি পছন্দ কৰা এটা কিশোৰৰ কাহিনী কোৱা হৈছে।
-
আৰোহী (১৯৬৪ চলচ্চিত্ৰ)
আৰোহী (Aarohi) তপন সিনহা পৰিচালিত ১৯৬৪ চনত নিৰ্মিত বঙালী ভাষাৰ এখন ভাৰতীয় নাট্যধৰ্মী ছবি। বনফুলৰ অৰ্জুনকাকা নামৰ চুটিগল্পৰ আধাৰত চিত্ৰনাট্য ৰচনা কৰিছিল তপন সিনহাই। ইয়াত পৰাধীন ভাৰতৰ এজন প্ৰবাসী বঙালীৰ জীৱন কাহিনী চিত্ৰিত কৰা হৈছে। ছবিখন অসীম পাল প্ৰডাকচনৰ বেনাৰত প্ৰযোজনা কৰিছে অসীম পালে।
-
নিৰ্জন চৈকতে
নিৰ্জন চৈকতে ( The Desolate Beach ) তপন সিনহাৰ পৰিচালনাত নিৰ্মিত এখন বাংলা ছবি। ১৯৬৩ চনত মুক্তি পোৱা এই ছবিখন কালকূট ছদ্মনামৰে সাহিত্য ৰচনা কৰা বিশিষ্ট বাংলা লেখক সমৰেশ বসুৰ একে নামৰ উপন্যাসৰ অভিযোজন।